ETV Bharat / bharat

আজি 21 দিন অতিক্ৰম লকডাউনৰ ... - ground report

ৰাজ্যত পুনৰ কৰ’ণা ভাইৰাছত আক্ৰান্ত হয় এজন ব্যক্তি ৷ অসমত আক্ৰান্তৰ সংখ্যা 31 জনলৈ বৃদ্ধি ৷ ঐতিহাসিক ঢেঁকীয়াখোৱা বৰনামঘৰত পহিলা বহাগত নাই জনসমাগম ৷ পূৰ্বৰ পৰাই প্ৰথম দিনটোত ৰাইজৰ মংগলৰ বাবে শৰাই আগবঢ়োৱা নামঘৰত এইবাৰ লকডাউনৰ বাবে সকলো নিস্তব্ধ ৷

আজি 21 দিন অতিক্ৰম লক ডাউনৰ
আজি 21 দিন অতিক্ৰম লক ডাউনৰ
author img

By

Published : Apr 14, 2020, 10:06 PM IST

নিউজ ডেস্ক, 14 এপ্ৰিলঃ প্ৰধানমন্ত্ৰীৰ আহ্বান মৰ্মে আজি লকডাউনৰ 21 দিন সম্পূৰ্ণ হ'ল যদিও পুনৰ সময়সীমা বৃদ্ধি কৰা হ'ল লকডাউনৰ ৷ আজি পহিলা ব'হাগ ৷ বছৰটোৰ প্ৰথম দিনাই মঙলদৈত 108 এম্বুলেন্স সেৱাৰ সহায় নোপোৱাৰ ফলত পিতৃয়ে ৰোগীয়া পুত্ৰক চিকিৎসালয়লৈ ঠেলাত কঢ়িয়াই নিয়ে ৷ আনহাতে, ৰাজ্যত পুনৰ কৰ’ণা ভাইৰাছত আক্ৰান্ত হয় এজন ব্যক্তি ৷ অসমত আক্ৰান্তৰ সংখ্যা 31 জনলৈ বৃদ্ধি ৷ ঐতিহাসিক ঢেঁকীয়াখোৱা বৰনামঘৰত পহিলা বহাগত নাই জনসমাগম ৷ পূৰ্বৰ পৰাই প্ৰথম দিনটোত ৰাইজৰ মংগলৰ বাবে শৰাই আগবঢ়োৱা নামঘৰত এইবাৰ লকডাউনৰ বাবে সকলো নিস্তব্ধ ৷ লকডাউনৰ মাজতে সামাজিক দূৰত্ব বজাই ৰঙালী বিহু উদযাপন কৰিলে নগাঁৱৰ পুৰণিগুদামবাসীয়ে ৷ শিল্পী ৰাজু শইকীয়াই ঘৰৰ চাৰিসীমাৰ মাজতেই সামাজিক দূৰত্ব বজাই চোতালত পৰিবেশন কৰিলে হুঁচৰি ৷ আনহাতে, ৰঙালী বিহুৰ মাজতেই গোলাঘাটৰ বাদুলিপাৰাত নিশা হত্যাকাণ্ড ৷ সুৰাৰ বাবে মণিৰাম ঘাটোৱাৰ নামৰ লোকজনে মুখমণ্ডলত হাতুৰিৰে কোবাই হত্যা কৰে বিৰেন্দ্ৰ শইকীয়া নামৰ এজন ব্যক্তিক ৷ ব'হাগৰ পহিলা দিনটোতে শিৱসাগৰৰ শিৱ দ'লত চুৰিকাণ্ড সংঘটিত হয় ৷ চৰকাৰী নীতি-নিৰ্দেশনা মানি আজিৰে পৰা আৰম্ভ কৰা হল গোলাঘাটৰ বহু কেইখন বাগিচাৰ কাম ৷ জৰুৰীকালীন সেৱাৰ লগত জড়িত ব্যক্তিসকলক মঙলবাৰে ডিফু আৰক্ষীয়ে PPE কিট প্ৰদান কৰে ৷

দেশৰ সামগ্ৰিক পৰিৱেশ..

দিল্লীঃ দিল্লীৰ ৰাম মনোহৰ লোহিয়া হাস্পতালত মঙলবাৰলৈ 24 জন কৰ'ণা ৰোগী নিহত হোৱা বুলি প্ৰকাশ কৰে স্বাস্থ্য বিভাগে ৷ গাজিয়াবাদ জেলৰ কাৰাবন্দীয়ে 85,000 মাস্ক প্ৰস্তুত কৰি উলিয়ায় ৷ চহৰখনত আৱশ্যকীয় সামগ্ৰী যোগান ধৰা একাংশক আৰক্ষীয়ে 3 মে'লৈ চলাচলৰ নিৰ্দেশ পত্ৰ দিয়ে ৷

মহাৰাষ্ট্ৰঃ মুম্বাইৰ ধাৰাবী এলেকাত নতুনকৈ 6 জন লোক আক্ৰান্ত হোৱাৰ লগতে মৃত্যু হৈছে দুজনকৈ লোকৰ ৷ এছিয়াৰ বৃহত্তম বস্তি অঞ্চলটোত বৰ্তমানলৈ 55 জন লোক আক্ৰান্ত হোৱাৰ লগতে মৃত্যু হৈছে 7 জন লোকৰ ৷ মহাৰাষ্ট্ৰ মেডিকেল ষ্টাফক 25 হাজাৰ পি পি ই কীট প্ৰদান কৰে বলিউদৰ জনপ্ৰিয় অভিনেতা শ্বাহৰুখ খানৰ ৷ ইয়াৰ বাবে অভিনেতাগৰাকীক ধন্যবাদ জ্ঞাপন কৰে ৰাজ্যখনৰ স্বাস্থ্যমন্ত্ৰী ৰাজেশ টোপেৰে ৷ মঙলবাৰৰ দিনটোতে ৰাজ্যখনত আক্ৰান্ত হৈছে 204 জন ব্যক্তি ৷ মহাৰাষ্ট্ৰত মুঠ আক্ৰান্তৰ সংখ্যা 1,753 লৈ বৃদ্ধি ৷

চণ্ডীগড়ঃ চহৰখনত মৃতকৰ দেহ নিবলৈ পৰিয়ালৰ লোক আগবাঢ়ি নহাৰ পাছত পাঞ্জাব চৰকাৰে মৃতদেহসমূহ নিষ্কাষণ কৰা নিয়মাৱলী প্ৰদান কৰে ৷ 16 জন তাবলিগী জামাতৰ লগত সম্পৰ্ক থকা কৰ'ণা আক্ৰান্তক হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগত গোচৰ ৰুজু কৰা হৈছে ৷

আহমেদাবাদঃ Rashtriya Bal Swasthya Karyakram ৰ অধীনত চিকিৎসা সেৱা আগবঢ়োৱা এজন সহযোগী চিকিৎসক কৰ'ণাত আক্ৰান্ত হোৱাৰ পাছতে চিকিৎসকৰ দলটোক কোৱাৰান্টাইনত ৰখা হৈছে ৷ ল'খাত হাস্পতালৰ 5 জন ৰোগী কৰ'ণাত আক্ৰান্ত হোৱাৰ পাছতে হাস্পতালখনৰ সম্পূৰ্ণ অঞ্চলটোক 'কন্টেইনমেন্ট জ'ন' হিচাপে ঘোষণা কৰা হৈছে ৷

কলিকতাঃ পশ্চিমবংগৰ নৱ নিযুক্ত মন্ত্ৰী নুছৰত জাহানৰ পিতৃ কৰ'ণাত আক্ৰান্ত ৷ তিনিটা ড্ৰাই সপ্তাহৰ পাছত অৱশেষত সুৰা বিপনীসমূহ পুনৰ মুকলি কৰাৰ নিৰ্দেশ মমতা বেনাৰ্জী চৰকাৰৰ ৷

হাইদৰাবাদঃ তেলেংগানাৰ 74 লাখ দৰিদ্ৰ পৰিয়াললৈ কে চি আৰ চৰকাৰৰ 1,500 টকাকৈ সাহায্য প্ৰদান ৷ চহৰখনত সুৰাৰ ক্ষেত্ৰত বৰ্তমানলৈ 675 টা গোচৰ ৰুজু হৈছে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.