নিউজ ডেস্ক, 28 জুলাইঃ উত্তৰাখণ্ডৰ মুছৌৰীত আজিৰে পৰা আৰম্ভ হৈছে হিমালয়ান কনক্লেভ ৷ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণসহ চাৰিখনকৈ হিমালয়ান ৰাজ্যৰ মুখ্যমন্ত্ৰীকে ধৰি সৰ্বমুঠ 11খনকৈ ৰাজ্যৰ প্ৰতিনিধি উপস্থিত হৈছে ৷ হিমালয়ৰ জলবায়ু আৰু ইয়াৰ সংৰক্ষণৰ ওপৰত বিশদ আলোচনাত মিলিত হ'ব সংশ্লিষ্ট প্ৰতিনিধিসকল ৷ আলোচনাত অংশগ্ৰহণ কৰা বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰ, নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ', মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা, উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱাট, ছিক্কিমৰ পৰা ডাঃ মহেন্দ্ৰ পি. লামা, নীতি আয়োগৰ উপাধ্যক্ষ ৰাজীৱ কুমাৰ আৰু জম্মু কাশ্মীৰৰ ৰাজ্যপালৰ সচিব কে কে শৰ্মা অন্যতম ৷
উত্তৰাখণ্ডৰ পাৰম্পৰিক নৃত্য আৰু আৰক্ষীৰ বিশেষ পেৰেদৰ দ্বাৰা সন্মানীয় অতিথিসকলক আদৰণি জনোৱা হয় ৷ পৰিৱেশ সংৰক্ষণ, দুৰ্যোগ প্ৰশমন, বন অধিনিয়ম আদি বিভিন্ন বিষয়ত আলোচনাত মিলিত হ'ব প্ৰতিনিধিসকল ৷