ETV Bharat / bharat

কোভিড 19: ভাৰতত নতুনকৈ 46,790 আক্ৰান্ত ব্যক্তি চিনাক্ত

author img

By

Published : Oct 20, 2020, 2:21 PM IST

Updated : Oct 20, 2020, 3:23 PM IST

ভাৰতত কোভিড 19 ত আক্ৰান্তৰ সংখ্যা 7 আগষ্টত বৃদ্ধি পায় 20 লাখলৈ, 23 আগষ্টত বৃদ্ধি পায় 30 লাখলৈ, 5 ছেপ্তেম্বৰত বৃদ্ধি পায় 40 লাখলৈ, 16 ছেপ্তেম্বৰত বৃদ্ধি পায় 50 লাখলৈ, 28 ছেপ্তেম্বৰত বৃদ্ধি পায় 60 লাখলৈ আৰু 11 অক্টোবৰত এই সীমা অতিক্ৰম কৰে 70 লাখলৈ ৷

LIVE: India records 46,790 new Covid 19 cases etv bharat news
ভাৰতত নতুনকৈ 46,790 আক্ৰান্ত ব্য়ক্তি চিনাক্ত

নতুন দিল্লী,20 অক্টোবৰ: ভাৰতত ধাৰাবাহিকভাৱে বৃদ্ধি হৈয়ে আছে কৰ’ণা ৰোগীৰ সংখ্যা ৷ সম্প্ৰতি ভাৰতত 75,97,063 গৰাকী লোক ভাইৰাছবিধত আক্ৰান্ত হৈছে ৷ ধাৰাবাহিকভাৱে কৰ’ণা ৰোগীৰ সংখ্যা বৃদ্ধি হ’লেও বিগত প্ৰায় তিনি মাহৰ পিছত এই সংখ্যা 50,000 তকৈ হ্ৰাস পাইছে ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে সদৰী কৰিছে এই তথ্য ৷ এদিনৰ ভিতৰতে 46,790 গৰাকী ব্যক্তি নতুনকৈ ভাইৰাছবিধৰ দ্বাৰা আক্ৰান্ত হৈছে ৷ ইয়াৰ বিপৰীতে মৃতকৰ সংখ্যা বৃদ্ধি পাইছে 1,15,197 গৰাকীলৈ ৷ বিগত 24 ঘণ্টাৰ ভিতৰত 587 গৰাকী ব্যক্তিয়ে ভাইৰাছবিধৰ দ্বাৰা আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে ৷ ধাৰাবাহিকভাৱে বৰ্ধিত সংখ্যাৰ ভিত্তিত চালে কব পৰা যায় যে, ক্ৰমাগত দ্বিতীয় দিনৰ বাবে মৃতকৰ সংখ্যা 600 গৰাকীতকৈ হ্ৰাস পাইছে ৷ আক্ৰান্তৰ সংখ্যায়ো তেনেদৰে চতুৰ্থ দিনৰ বাবে 8 লাখতকৈ হ্ৰাস পাইছে ৷

বৰ্তমান 7,48,538 গৰাকী আক্ৰান্তৰ পিছতো দেশখনত আক্ৰান্তৰ হাৰ হ্ৰাস পাইছে 9.85 গৰাকীলৈ ৷ 67,33,328 গৰাকী ব্যক্তিৰ আৰোগ্যৰে সৰ্বমুঠ আৰোগ্যৰ হাৰ 88.63 শতাংশ বৃদ্ধি পাইছে ৷ সম্প্ৰতি দেশখনত কৰ’ণা আক্ৰান্তৰ মৃত্যুৰ হাৰ 1.52 শতাংশ ৷

ভাৰতত কোভিড 19 ত আক্ৰান্তৰ সংখ্যা 7 আগষ্টত বৃদ্ধি পায় 20 লাখলৈ, 23 আগষ্টত বৃদ্ধি পায় 30 লাখলৈ, 5 ছেপ্তেম্বৰত বৃদ্ধি পায় 40 লাখলৈ, 16 ছেপ্তেম্বৰত বৃদ্ধি পায় 50 লাখলৈ, 28 ছেপ্তেম্বৰত বৃদ্ধি পায় 60 লাখলৈ আৰু 11 অক্টোবৰত এই সীমা অতিক্ৰম কৰে 70 লাখলৈ ৷

ভাৰতীয় আয়ুৰ্বিজ্ঞান অনুসন্ধান পৰিষদৰ তথ্য অনুসৰি, 19 অক্টোবৰৰ দিনটোলৈকে সংগৃহিত 9,61,16,771 টা নমুনাৰ পৰীক্ষণ সম্পূূৰ্ণ হৈছে ৷ ইয়াৰ ভিতৰত সোমবাৰৰ দিনটোত 10,32,795 টা পৰীক্ষণ সম্পূৰ্ণ হয় ৷

লগতে চাওকঃ কাঠফুলাক COVID-19 প্ৰতিৰোধী ক্ষমতাসম্পন্ন খাদ্য আখ্যা ভাৰতীয় গৱেষকৰ

Last Updated : Oct 20, 2020, 3:23 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.