নেশ্যনেল ডেস্ক, 7 এপ্ৰিলঃ মঙলবাৰে টুইটাৰযোগে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কয় যে, ভাৰতে অন্য দেশসকমূহকো কৰ'ণা ভাইৰাছৰ বিৰোধী যুদ্ধত সহায়ৰ হাত আগবঢ়াব লাগে । কিন্তু তাৰ পূৰ্বে ভাৰতীয় লোকৰ বাবে জীৱন ৰক্ষক দৰৱ উপলব্ধ কৰিব লাগে ।
"Friendship isn't about retaliation. India must help all nations in their hour of need but lifesaving medicines should be made available to Indians in ample quantities first" এইদৰে তেওঁ এটা টুইটত প্ৰকাশ কৰে ।
ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ দ্বাৰা কৰ'ণা ভাইৰাচ মহামাৰী প্ৰতিৰোধৰ বাবে মেলেৰিয়া প্ৰতিৰোধী হাইড্ৰক্সিক্ল'ৰিকুইন, প্ৰতিবেশী দেশসহ কেইবাখনো দেশলৈ ৰপ্তানি কৰাৰ পাছতেই এইদৰে টুইট কৰে ৰাহুল গান্ধীয়ে ৷
হাইড্ৰক্সিক্ল'ৰিকুইন হৈছে মেলেৰিয়া চিকিৎসাৰ বাবে ব্যৱহৃত এটি পুৰণি আৰু কম মূল্যৰ দৰৱ । হাইড্ৰক্সিক্ল'ৰিকুইনৰ সৰবৰাহৰ বাবে ভাৰতে ইতিমধ্যে নেপাল, শ্ৰীলংকাকে ধৰি কেইবাখনো দেশৰ পৰা অনুৰোধ পাইছে ।
লগতে পঢ়কঃ কেনেকৈ কৰ'ণা মুক্ত হ'ল ৰাজস্থানৰ এখন জিলা !