বৰ্ণাঢ্য ভাষিক সম্পদ তথা ভাৰতবৰ্ষৰ অতুলনীয় ভাষিক আৰু সাংস্কৃতিক বৈচিত্ৰকলৈ আমি গৌৰৱান্বিত। অসংখ্য ভাষাৰ বিচিত্ৰ আৰু সহাৱস্থানে আমাৰ দেশখনক অনন্য ৰঙেৰে উজ্জীৱিত কৰাৰ লগতে ইয়াক ব্যতিক্ৰম হিচাপে প্ৰতিষ্ঠা কৰিছে । কিন্তু,আমাৰ চহকী স্থানীয় ভাষাসমূহক জীয়াই ৰাখিবলৈ আমি কৰিবলগীয়াখিনি কৰিব নোৱৰাটোৱে মোক দুখ দি আহিছে। চৰকাৰে প্ৰাথমিক আৰু উচ্চ মাধ্যমিক পৰ্যায়ৰ শিক্ষাৰ মাধ্যমৰ লগত জড়িত নীতিসমূহ নিৰ্ধাৰণ কৰোতে অধিক সাৱধান হোৱা উচিত। মাতৃভাষাৰ জড়িয়তেহে সৃজনশীলতাৰ সঠিক প্ৰকাশ ঘটে। সেয়ে, প্ৰাথমিক অৱস্থাতে সৃষ্টিশীলতা বিকাশৰ উদ্দেশ্যে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাটো উচিত ।
ভাষাই হৈছে বৌদ্ধিক আৰু আৱেগ-অনুভূতি প্ৰকাশৰ মূল উপায়। প্ৰজন্মৰ পৰা প্ৰজন্মলৈ সংস্কৃতি,বৈজ্ঞানিক জ্ঞান আৰু বিশ্বদৰ্শন প্ৰবাহিত কৰিবলৈ ভাষাই হৈছে মূল মাধ্যম । ভাষা হৈছে সক্ৰিয় অথচ অদৃশ্য এক এনাজৰী যিয়ে অতীতক বৰ্তমানৰ সৈতে সংযুক্ত কৰায় । মানৱ সভ্যতাৰ বিকাশৰ সমান্তৰলকৈ অবিৰত ব্যৱহাৰে ভাষাৰ বিকাশ ঘটায় । আমাৰ ভাষাসমূহ হৈছে আমাৰ ইতিহাস,সংস্কৃতি আৰু সামাজিক বিকাশৰ গুৰুত্বপূৰ্ণ অংশ। চমুকৈ ক’বলৈ হ’লে ভাষাই আমাৰ দৈনন্দিন জীৱনৰ সূক্ষ্মতাক প্ৰভাৱিত কৰাৰ লগতে সভ্যতাৰ আধাৰ গঢ়ে ।
লগতে চাওকঃ নাহৰকটীয়াত বিনামূলীয়া এম্বুলেঞ্চ সেৱা প্ৰদান অইল ইণ্ডিয়া লিমিটেডৰ
মই সদায় আমাৰ চহকী আৰু অনন্য ভাষিক ঐতিহ্যক ৰক্ষা তথা সংৰক্ষণত গুৰুত্ব প্ৰদান কৰি আহিছো। উত্তৰাধিকাৰ সূত্ৰে আমি যি সম্পদ লাভ কৰিছো,সভ্যতাৰ দীৰ্য যাত্ৰাত যি সমূহীয়া জ্ঞানৰ শ্বাস প্ৰক্ৰিয়া আৰু প্ৰজ্ঞা আহৰণ কৰিছো সেয়া সহজে হেৰুৱাব নোৱাৰো। আমি যদি আমাৰ ভাষাক অৱহেলা কৰো,তেন্তে আমাৰ পৰিচয়ৰ এটা অতি মূল্যৱান অংশক হেৰুৱাম । যেতিয়া এটা ভাষা মৃত্যুমুখী হয় তেতিয়া ভাষাটোৱে জ্ঞানৰ সম্পূৰ্ণ প্ৰক্ৰিয়া আৰু বিশ্ব-ব্ৰহ্মাণ্ডক চোৱাৰ অভিনৱ দৃষ্টিভংগীসমূহকো লগত লৈ যায়। পৰম্পৰাগত জীৱন ধাৰণ শৈলীৰ লগতে আমাৰ বিশেষ দক্ষতাসমূহ,কলা,শিল্প,ৰন্ধন কলা,ব্যৱসায়-বাণিজ্য সকলো হেৰাই যায় ।
ভাষাৰ সংৰক্ষণ আৰু বিকাশৰ বাবে বহুমুখী ব্যৱস্থা গ্ৰহণ কৰাটো প্ৰয়োজন। প্ৰথমতে আমি আমাৰ মাতৃভাষাক প্ৰাথমিক পৰ্যায়তে বিদ্যালয়ত শিক্ষাৰ মাধ্যম হিচাপে গ্ৰহণ কৰিব লাগিব । বিশ্বৰ বহু বিশেষজ্ঞই চলোৱা বিভিন্ন গৱেষণাত প্ৰমাণিত হৈছে যে প্ৰাথমিক পৰ্যায়ত মাতৃভাষাত শিক্ষাদান কৰিলে শিশুৰ মানসিক বিকাশ দ্ৰুত হোৱাৰ লগতে অধিক সৃষ্টিশীল আৰু যুক্তিবাদী হয় । ২০১৯ চনৰ ২১ ফেব্ৰুৱাৰীত বিশ্ব মাতৃভাষা দিৱস উপলক্ষে ইউনেস্কৰ পৰিচালন সঞ্চালক অ’ড্ৰি অজৌলেয়ে এক বাৰ্তাত কৈছিল-“ইউনেস্কৰ মতে সকলো মাতৃভাষাই ৰাজহুৱা জীৱনত সৰ্বত্ৰে পৰিচিতি,স্বীকৃতি আৰু অধিক গুৰুত্ব লাভ কৰাটো উচিত। মাতৃভাষা এটা ৰাষ্ট্ৰীয় ভাষা,চৰকাৰী ভাষা বা শিক্ষাৰ মাধ্যম নহ’লেও উচিত গুৰুত্ব পাব লাগে। অন্যথা মাতৃভাষাই মৰ্যাদা হেৰুওৱাৰ লগতে দীৰ্ঘকালৰ অন্তত বিলুপ্ত হ’ব পাৰে” । মোৰ মতে এয়া এক অতি সময়োপযোগী আহ্বান ।
লগতে পঢ়কঃ চেঞ্চুৰী মৰাৰ দিশে পিয়াঁজ
মাতৃভাষাক কেৱল প্ৰাথমিক শিক্ষাৰ মাধ্যম হিচাপে গ্ৰহণ কৰাই নহয়,প্ৰশাসন,বেংক বা আইনী প্ৰক্ৰিয়াৰ ভাষা হিচাপেও ব্যৱহাৰ কৰিবলৈ কাৰ্যকৰী ব্যৱস্থা আমি ল’ব লাগিব। মোৰ মতে এয়া ফলপ্ৰসূ গণতন্ত্ৰৰ বাবে কেন্দ্ৰীয় বিষয়। সাৰ্বজনীন প্ৰশাসনৰ ধাৰণাক বাস্তৱ ৰূপ দিবলৈ ভাষিক প্ৰত্যাহ্বানসমূহ আমি দূৰ কৰিব লাগিব। চৰকাৰ-জনসাধাৰণৰ সংযোগৰ ক্ষেত্ৰত জনসাধাৰণে সহজে বুজি পোৱা ভাষাহে ব্যৱহাৰ কৰাটো উচিত । আমাৰ শিশুসকলৰ বিজ্ঞান আৰু সাহিত্যৰ জ্ঞানৰ পৰিসীমা বৃদ্ধিৰ বাবে বিভিন্ন ভাষা শিকাব নালাগে বুলি মই যুক্তি দিয়া নাই। বৰঞ্চ ভাৰতৰ দৰে দেশত বিশাল মানৱ সম্পদক সমৃদ্ধ কৰাৰ উদ্দেশ্যে আৰু ক্ৰমবৰ্দ্ধমান জ্ঞান, অৰ্থনীতিত নেতা হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ এয়া অতি জৰুৰী ।
১৯৯০ চনত ইউনেস্কই বহুভাষিক শিক্ষণ সন্দৰ্ভত এক সংকল্প গ্ৰহণ কৰিছিল। এই সিদ্ধান্ত অনুযায়ী শিক্ষাৰ ক্ষেত্ৰত ন্যূনতম তিনিটা ভাষা ব্যৱহাৰ কৰিব লাগে-মাতৃভাষা,আঞ্চলিক বা ৰাষ্ট্ৰীয় ভাষা আৰু এটা আন্তঃৰাষ্ট্ৰীয় ভাষা।এইক্ষেত্ৰত ইউনেস্কই মাতৃভাষাৰ ক্ষেত্ৰত দিয়া গুৰুত্ব মন কৰিবলগীয়া। কিয়নো ইউনেস্কই উল্লেখ কৰিছে যে মাতৃভাষা হৈছে জ্ঞান আৰু উদ্ভাৱনৰ মূল উৎস আৰু মাতৃভাষাৰ ওপৰত থকা দখলে বোধশক্তি আৰু আন ভাষা শিকাৰ ক্ষেত্ৰত অধিক সহায় কৰে। আনন্দৰ বিষয় এয়ে যে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ নতুন খচৰাই গৃহভাষা,মাতৃভাষাৰ লগতে জনজাতীয় আৰু সাংকেতিক ভাষাৰ জৰিয়তে শিক্ষা প্ৰদানৰ ক্ষেত্ৰত কেইবাটাও পৰামৰ্শ সন্নিবিষ্ট কৰিছে । সমান্তৰালভাৱে থলুৱা ভাষাসমূহ সংৰক্ষণ,পুনৰুজ্জীৱিতকৰণ আৰু প্ৰচাৰৰ উদ্দেশ্যে ৰাষ্ট্ৰসংঘই ২০১৯ বৰ্ষটো আন্তৰ্জাতিক খিলঞ্জীয়া ভাষা বৰ্ষ হিচাপে ঘোষণা কৰিছে। আমাৰ ভাৰততো বিলুপ্তিৰ পথত অগ্ৰসৰ হোৱা বহু জনজাতীয় ভাষা আছে। মই আশা কৰো বহু লোকে তেওঁলোকৰ স্থানীয় ভাষাসমূহ ঘৰ,ৰাজহুৱা স্থান,সভা আৰু প্ৰশাসনিক ক্ষেত্ৰত ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিব ।
লগতে চাওকঃ কলিয়াবৰৰ বৰঘুলিৰ হাফিজ আলীৰ কাহিনীৰে....
ভাৰতীয় ভাষাসমূহত অধিক হাৰত কবিতা,গল্প,উপন্যাস,নাটক আদি লিখিব লাগে। যিসকল লোকে এই ভাষাসমূহ কয়,লিখে বা যোগাযোগ কৰে তেওঁলোকক লৈ আমি গৰ্ব কৰাৰ লগতে সন্মান প্ৰদৰ্শন কৰিব লাগে । আমি ভাৰতীয় ভাষাত প্ৰকাশিত কিতাপ,গৱেষণা গ্ৰন্থ আৰু শিশু গ্ৰন্থসমূহৰ প্ৰতি উৎসাহ দেখুৱাব লাগে। উপভাষা আৰু লোক সাহিত্যৰ প্ৰতিও সমানে গুৰুত্ব দিব লাগে। সাৰ্বজনীন উন্নয়নৰ বাবে ভাষাই হ’ব লাগে অন্যতম অনুঘটক। সুশাসনৰ ক্ষেত্ৰত ভাষাক অগ্ৰাধিকাৰ দিয়াটো উচিত। স্বামী বিবেকানন্দই এবাৰ কৈছিল যে ভাষাই হৈছে এখন দেশৰ উন্নয়নৰ মূল মাধ্যম আৰু সূচক। আমাৰ ভাষাসমূহ হ’ব লাগে জনসাধাৰণক সবলীকৰণৰ মূল মাধ্যম।
ৰাজ্যসভাত সাংসদসকলৰ বাবে যিকোনো ২২টা ভাষাতে তেওঁলোকৰ মন্তব্য প্ৰকাশৰ সুবিধা দিয়া হৈছে । শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে প্ৰাৰম্ভিক পৰ্যায়ত ছয়টা ভাষাত ৰায়দানসমূহ প্ৰকাশ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ভাষিক বাধা আৰু ন্যায়ৰ সমতা স্থাপনৰ ক্ষেত্ৰত এয়া এক ইতিবাচক পদক্ষেপ ।
আনহাত বিত্ত মন্ত্ৰণালয়ে আঞ্চলিক গাঁৱলীয়া বেংকসমূহৰ নিযুক্তি পৰীক্ষাসমূহ ইংৰাজী আৰু হিন্দীৰ উপৰি ১৩টা আঞ্চলিক ভাষাত পতাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । ৰে’ল আৰু ডাক বিভাগেও ৰাজ্যসমূহৰ চৰকাৰী ভাষাত পৰীক্ষা অনুষ্ঠিত কৰিবলৈ আৰম্ভ কৰিছে। আমাৰ ভাষাসমূহ সংৰক্ষণ আৰু বিকাশৰ উদ্দেশ্যে এনেধৰণৰ বহু দৃঢ় সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব ।
পৃথিৱীৰ ভিতৰত ভাৰতত যুৱ প্ৰজন্মৰ জনসংখ্যা অধিক। ভাৰতৰ মুঠ জনসংখ্যাৰ ৬৫ শতাংশই ৩৫ বছৰ তলৰ বয়সৰ । আমাৰ শক্তিশালী যুৱ প্ৰজন্মক মাতৃভাষা আৰু উপভাষাসমূহ জীয়াই ৰাখিবলৈ অনুপ্ৰাণিত কৰিব লাগিব। আমি শিশুহতক নিজৰ ভাষাক ভাল পাবলৈ শিকোৱাৰ লগতে পূৰ্বপুৰুষৰ পৰা লাভ কৰা ভাষাৰ সুন্দৰ উত্তৰাধিকাৰক ৰক্ষা আৰু বিকশিত কৰিবলৈ শিকাব লাগিব। সেয়া শীঘ্ৰে কাৰ্যকৰী হোৱাকৈ নকৰিলে আমাৰ অনন্য সাংস্কৃতিক পৰিচয় অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত ভয়াৱহ সংকটৰ সৃষ্টি হোৱাটো নিশ্চিত। এই সুযোগ হেৰুৱালে পৰৱৰ্তী সময়ত আমি অনুশোচনাত দগ্ধ হ’ব লাগিব ।
আহক আমাৰ মাতৃভাষাক ৰক্ষা কৰো। সম্পূৰ্ণৰূপে প্ৰস্ফুটিত হৈ পৰক সৃষ্টিশীলতা । মাতৃভাষাই যে ভাৱ প্ৰকাশৰ প্ৰধান আহিলা।
লগতে জানিবলৈ চাওকঃ মহাৰাষ্ট্ৰত সমাপ্ত হোৱাৰ দিশে চৰকাৰ গঠনৰ হাইভল্টেজ ড্ৰামা !