ETV Bharat / bharat

কোন কোন উপস্থিত থাকিব মোডীৰ শপতগ্ৰহণৰ অনুষ্ঠানত!

author img

By

Published : May 30, 2019, 10:41 AM IST

বহু কেইগৰাকী ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় নেতাৰ উপস্থিতিত অনুষ্ঠিত হ'ব শপতগ্ৰহণ অনুষ্ঠান ৷

কোন কোন উপস্থিত থাকিব মোডীৰ শপতগ্ৰহণৰ অনুষ্ঠানত!

নতুন দিল্লী, ৩০ মে': বৃহস্পতিবাৰ ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হ'বলগীয়া শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধী আৰু ছোনিয়া গান্ধী । সন্ধিয়া সাত বজাৰ পৰা অনুষ্ঠিত হ'ব নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰখনৰ শপতগ্ৰহণৰ কাৰ্যসূচী।

ৰাহুল-ছোনিয়াৰ লগতে বিৰোধী দলৰ বহুকেইগৰাকী শীৰ্ষ নেতাও উপস্থিত থাকিব এই অনুষ্ঠানত । আনহাতে, দ্বিতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব লগীয়া মোডীৰ শপতগ্ৰহণৰ অনুষ্ঠানত উপস্থিত থাকিব লগীয়া আন দেশৰ নেতাকেইগৰাকী হৈছেঃ

  • বাংলাদেশৰ ৰাষ্ট্ৰপতি আব্দুল হামিদ
  • শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি মাইথ্ৰীপালা চিৰিচেনা
  • নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলী
  • ম্যানমাৰৰ ৰাষ্ট্ৰপতি ইউ ৱিন ম্যিন্ট
  • ভূটানৰ প্ৰধানমন্ত্ৰী লটায় শ্বেৰাং
  • থাইলেণ্ডৰ বিশেষ দূত (Special envoy) গ্ৰীচাডা বুনৰাক
  • কাজাগিস্তানৰ ৰাষ্ট্ৰপতি চুৰুনব্যে জীনবেকভ
  • মৰিচাচৰ প্ৰধানমন্ত্ৰী প্ৰভিণ্ড কুমাৰ জুগনাউথ

আনহাতে, বহু কেইগৰাকী ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় নেতাৰ উপস্থিতিত অনুষ্ঠিত হ'বলগা শপতগ্ৰহণৰ কাৰ্যসূচীত কিন্তু উপস্থিত নাথাকে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.