ETV Bharat / bharat

আজি সন্ধিয়া শেষকৃত্য সমাপন কৰা হ'ব মনোহৰ পাৰিকৰৰ - ইটিভি ভাৰত

সন্ধিয়া 5 বজাত মিৰামাৰত অন্তেষ্টিক্ৰিয়া সমাপন কৰা হ'ব প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী তথা গোৱাৰ মুখ্যমন্ত্ৰী পাৰিকৰৰ৷

etv bharat
author img

By

Published : Mar 18, 2019, 11:35 AM IST

নিউজ ডেস্ক, 18 মাৰ্চ : সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত্য সমাপন হ'ব গোৱাৰ মুখ্যমন্ত্ৰী মনোহৰ পাৰিকৰৰ৷ সোমবাৰে সন্ধিয়া 5 বজাত মিৰামাৰত অন্তেষ্টিক্ৰিয়া সমাপন কৰা হ'ব প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী তথা গোৱাৰ মুখ্যমন্ত্ৰী পাৰিকৰৰ৷ দীৰ্ঘদিনৰ পৰা অগ্নাশয়ৰ কৰ্কটৰোগত আক্ৰান্ত হৈ থকা মনোহৰ পাৰিকৰে দেওবাৰে সন্ধিয়া নিজৰ পুত্ৰৰ বাসভৱনত ত্যাগ কৰে শেষ নিশ্বাস৷

সোমবাৰে ৰাতিপুৱা 10:30 বজাত পঞ্জিম স্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত পাৰিকৰৰ নশ্বৰ দেহ লৈ অনাৰ পাচতেই জনতাৰ শেষ শ্ৰদ্ধাঞ্জলিৰ প্ৰদানৰ বাবে কালা একাডেমীলৈ লৈ অনা হ'ব মুখ্যমন্ত্ৰীগৰাকীৰ মৃতদেহ৷ 11 বজাৰ পৰা 4 বজালৈ সাধাৰণ জনতাই শেষ শ্ৰদ্ধা জ্ঞাপন কৰিব পাৰিব মনোহৰ পাৰিকৰক৷ সন্ধিয়া 4 বজাত কালা একাডেমীৰ পৰা পোনে পোনে মিৰামালৈ লৈ অনা হ'ব পাৰিকৰৰ নশ্বৰ দেহ৷ সন্ধিয়া 5 বজাত পঞ্চভূতত বিলীন হ'ব পাৰিকৰ নশ্বৰ দেহ৷

প্ৰয়াত মুখ্যমন্ত্ৰীগৰাকীক শ্ৰদ্ধাঞ্চলি জ্ঞাপনৰ উদ্দেশ্যে 7 দিনলৈ শোক পালন কৰিব গোৱা প্ৰশাসনে৷ ইতিমধ্যেই সোমবাৰে মনোহৰ পাৰিকৰলৈ কেন্দ্ৰীয় শ্ৰদ্ধাঞ্জলি প্ৰদান কৰিছে কেন্দ্ৰ চৰকাৰে৷

দেশৰ সবাতোকৈ সফল ৰাজনীতিবিদ হিচাপে পৰিচিত মনোহৰ পাৰিকৰে চাৰিবাৰকৈ অধিষ্ঠিত হৈছিল গোৱাৰ মুখ্যমন্ত্ৰীৰ আসনত৷ 2014 চনত মোডী চৰকাৰৰ অধীনত দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল মনোহৰ পাৰিকৰে৷ উল্লেখ্য যে, 2013 চনত লোকসভা নিৰ্বাচনৰ আৰম্ভনিতেই নৰেন্দ্ৰ মোডীৰ নাম প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থী হিচাপে প্ৰস্তাৱ আগবঢ়াইছিল মনোহৰ পাৰিকৰে৷

last rites of Goa CM Manohar Parikar today

আজি সন্ধিয়া শেষকৃত্য সমাপন কৰা হ'ব মনোহৰ পাৰিকৰৰ

Manohar_Parrikar18.jpg
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.