নেশ্যনেল ডেস্ক, 20 আগষ্ট : বুধবাৰে কাশ্মীৰত প্ৰতিৰক্ষা বাহিনীৰ হাতত নিহত হয় লস্কৰ-ই-তৈবাৰ শীৰ্ষ কমাণ্ডাৰসহ তিনি উগ্ৰপন্থী ৷
ছোপিয়ানত এটা উগ্ৰপন্থী আৰু কোপৱাৰাত LeT ৰ কমাণ্ডাৰ নছিৰ-ও-দিন লোনৰ লগতে এটা উগ্ৰপন্থী নিহত হয় ৷ উল্লেখ্য যে, এই বছৰৰে প্ৰথম ভাগত ছয় চিআৰপিএফ জোৱানক হত্যাৰ কৰাৰ অপৰাধত অভিযুক্ত আছিল মৃত নছিৰ ৷ আৰক্ষীৰ সৈতে গুলীয়াগুলিত নিহত হয় নছিৰ ৷
দক্ষিণ কাশ্মীৰৰ ছোপিয়ান জিলাৰ চিত্ৰগাম গাঁৱত উগ্ৰপন্থী লুকাই থকাৰ খবৰ লাভ কৰি প্ৰতিৰক্ষা বাহিনীৰ জোৱানে এক অভিযান চলাইছিল ৷ প্ৰতিৰক্ষা বাহিনী ঘটনাস্থলীত উপস্থিত হোৱাৰ পাচতে দুই পক্ষৰ মাজত তীব্ৰ গুলীবৰ্ষণ আৰম্ভ হয় ৷
এই অভিযানত উদ্ধাৰ হয় ছয় জাঁই গুলীসহ এটা পিষ্টল আৰু চাৰিটা চীনত নিৰ্মিত গ্ৰেনেড ৷ আনহাতে, উত্তৰ কাশ্মীৰৰ কোপৱাৰা জিলাৰ গানিপুৰা ক্ৰালগুন্দ অঞ্চলত প্ৰতিৰক্ষা বাহিনীৰ অভিযানত দুই উগ্ৰপন্থীৰ মৃত্যু হয় ৷
উল্লেখ্য যে : জম্মু-কাশ্মীৰৰ পৰা 10,000 অৰ্ধসামৰিক জোৱান আঁতৰাই আনিবলৈ নিৰ্দেশ কেন্দ্ৰৰ