নিউজ ডেস্ক, 7 আগষ্টঃ শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী হিচাপে শপত লোৱাৰ পাছত চলিত বৰ্ষৰ ফেব্ৰুৱাৰীত মহিন্দা ৰাজাপাক্সাক প্ৰথম ভাৰত ভ্ৰমণৰ সময়ত প্ৰশ্ন কৰা হৈছিল যে, 19 নং সংশোধনী আইনে তেওঁৰ আৰু তেওঁৰ ভাতৃ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাক্সাৰ মাজত সমস্যাৰ সৃষ্টি কৰিব নেকি ? 2009 চনত LTTE ক নিঃশেষ কৰি পেলোৱা প্ৰাক্তন ৰাষ্ট্ৰপতি তথা শক্তিশালী নেতা মহিন্দাই এখন ভাৰতীয় ইংৰাজী পত্ৰিকাক নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে এনেদৰে , "নাই নাই, বৰ্তমান এই সংবিধানখনে যিদৰে গঢ় লৈছে আৰু 19 নং সংশোধনীয়ে বিভ্ৰান্তিৰ সৃষ্টি কৰিছে কেৱল গোটা আৰু মই দুই ভাই ককায়ে ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰিম ৷ আমি দুয়ো দুয়ো মিলি কাম কৰিবলৈ এই সংশোধনীখনক এনে ৰূপ দিয়া হৈছে ৷ অন্যথা কোনো ৰাষ্ট্ৰপতি অথবা প্ৰধানমন্ত্ৰীয়ে কেতিয়াও এই বিষয়টোত একমত হব নোৱাৰে ৷
19নং সংশোধনীয়ে মহিন্দা ৰাজাপাক্সাক এক বিশেষ দৃষ্টি প্ৰদান কৰে ফলত মহামাৰীৰ মাজতো 5 আগষ্টত সদনত 145 খন আসনেৰে বিপুল ভোটত জয় হয় মহিন্দা ৰাজাপাক্সা৷ যিখন নিৰ্বাচন প্ৰথমে স্থগিত কৰা হৈছিল সেইখনত পাছলৈ প্ৰায় 71 শতাংশ ভোটদান হয় ৷ ৰাজাপাক্সাই শ্ৰী লংকাৰ উত্তৰ পশ্চিমৰ ৰাজধানী জিলা কুৰুনেগালাৰ হৈ পদুজনা দলৰ পৰা প্ৰধানমন্ত্ৰীৰ পদৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচন খেলিছিল ৷ প্ৰাক্তন ৰাষ্ট্ৰপতি মৈথ্ৰীপালা সিৰিসেনাই পাল'নাৰোৱাৰ উত্তৰ মধ্য এলেকাৰ পৰা নিৰ্বাচন খেলিছিল ৷ আনহাতে, প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰানিল ৱিক্ৰেমসিংঘে আৰু সজীত প্ৰেমাদাসা কলম্বোৰ পৰা নিৰ্বাচন খেলে ৷ বৰ্তমান 54 খন আসনেৰে বিৰোধী দলৰ শাসনভাৰ সম্ভালিছে সজীতে ৷
সংবিধান সংশোধনী কৰাৰ বাবে 225 জনীয়া সদনৰ দুই তৃতীয়াংশ সংখ্যা গৰিষ্ঠতাৰ প্ৰয়োজন,গতিকে এই নিৰ্বাচন ৰাষ্ট্ৰপতিৰ বাবে ইতিবাচক ৷ 2015 চনত প্ৰণয়ন কৰা 19 নং সংবিধান সংশোধনৰ প্ৰতিশ্ৰুতি পূৰণৰ বাবে গোটাবায়া ৰাজাপাক্সাক 150 খন আসনৰ প্ৰয়োজন আছিল যেতিয়া মহিন্দা ৰাজাপাক্সাই দহ বছৰ শাসনভাৰ চলোৱাৰ পাছত নিৰ্বাচনত পৰাজিত হৈছিল পুনৰ সিৰিসেনাই ৰাষ্ট্ৰপতি শাসন চলাইছিল ৷ সংশোধনে ৰাষ্ট্ৰপতিৰ ক্ষমতাসমূহ শেষ কৰাৰ লগতে প্ৰধানমন্ত্ৰী আৰু সাংসদৰ ক্ষমতা সমান কৰে ৷ এই বিষয়টোত মহিন্দৰ সাৰ্বজনিক স্থিতিৰ ওপৰত কিছু সন্দেহবাদ সৃষ্টি হ'ব ৷ যদিহে তেওঁ ইস্তহাৰৰ প্ৰতিশ্ৰুতিৰ সৈতে খেলা কৰে তেন্তে তেওঁৰ পাখি কাটি দিয়া হব ৷
দেওবাৰে সংঘটিত হোৱা সন্ত্ৰাসবাদী ঘটনাত 290 জনকৈ লোক নিহত হোৱাৰ পাছত সিৰিসেনা আৰু ৱিক্ৰেমসিংঘেৰ মাজত সৃষ্টি হোৱা আভ্যন্তৰীণ কন্দলে 2019 চনত গোটাবায়াক ৰাষ্ট্ৰপতি নিৰ্বাচনত বৃহৎ সাফল্য প্ৰদান কৰে ৷ UNP য়ে নদীদ্বীপটোৰ পৰা কেৱল 3 শতাংশ ভোট পোৱাৰ পাছত অপমানৰ সন্মুখীন হয় ৷ শক্তিশালী বিৰোধীৰ অনুপস্থিতিত ৰাজাপাক্সাই শীঘ্ৰে প্ৰত্যাৱৰ্তন কৰিব ৷
আনহাতে ৰাজাপাক্সাই বেইজিঙৰ সৈতে সম্পৰ্ক অটুত ৰখাৰ ফলত ভাৰতৰ সৈতে থকা পূৰ্বৰ সম্পৰ্ক বিছিন্ন হয় ৷ কিন্তু তামিল সংখ্যালঘুসকলক ৰাজনৈতিক প্ৰতিনিধিত্বৰ অনুমতি প্ৰদানৰ অনিচ্ছা তথা বিগত নৱেম্বৰত গোটাবায়া ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ পাছত সম্বন্ধ সমূহ পুনৰ স্থাপন হয় ৷ প্ৰধানমন্ত্ৰীয়ে ফলাফল ঘোষণাৰ পূৰ্বেই বিশ্বনেতাগৰাকীৰ সৈতে সম্পৰ্ক স্থাপন উদ্দেশ্যে তেওঁৰ সৈতে ফোনত বাৰ্তালাপ কৰে ৷
এইক্ষেত্ৰত ৰাজাপাক্সাই নৰেন্দ্ৰ মোডীক ধন্যবাদসূচক টুইট কৰে ৷ লগতে তেওঁ কয় যে দুয়োখন দেশৰ দীঘলীয়া সময়ৰ পৰা চলি অহা সম্পৰ্কক অটুত ৰখাৰ চেষ্টা কৰিম ৷ শ্ৰী লংকা আৰু ভাৰতৰ মাজত মিত্ৰতাৰ সম্বন্ধ আছে ৷
নিৰ্বাচনত বেয়া প্ৰদৰ্শনৰ সৈতে উত্তৰ পূবৰ এক বিভাজন তামিল জাতীয় জোট 13 তম সংশোধনীৰ অধীনত এখন ৰাজনৈতিক পুনৰ মিলন আৰু প্ৰদেশসমূহত ক্ষমতা হস্তান্তৰৰ আশা কৰে ৷ TNA উত্তৰ-পূবত এটা শক্তিশালী দল থকাৰ পাছতো গুৰুত্বপূৰ্ণ ভোট হেৰুৱাইছে ৷
তামিল ভোটাৰৰ ইতিমধ্যে ত্ৰয়োদশ সংশোধনী সম্পূৰ্ণৰূপে বাস্তবায়িত হোৱাৰ আশংকাৰ বিষয়ে সতৰ্ক আছিল ৷ গোটাবায়াই প্ৰথমেই 13A কেইটামান অংশ প্ৰযোজ্য কৰিব নোৱাৰে ৷যাৰ বাবে ষ্টেকহোল্ডাৰচসকলক বিকল্পৰ বিষয়ে চিন্তা কৰিবলৈ নিৰ্দেশ দিছে ৷
পূৰ্বতে নতুন দিল্লীয়ে মহেন্দ্ৰ ৰাজাপাক্সাৰ ভাৰতলৈ প্ৰথমটো বিদেশ ভ্ৰমণৰ বাবে পথ মুকলি কৰিছিল আৰু দুয়োগৰাকী প্ৰধানমন্ত্ৰীৰ মাজত ক’ভিড সম্বন্ধে ভিডিঅ’ কনফাৰেঞ্চ যোগে বাৰ্তালাপো হৈছিল ৷ কিন্তু দুয়োখন দেশৰ সম্পৰ্কটো সাংকেতিক হৈ ৰৈছে ৷ ভাৰতীয় পক্ষৰ পৰা দিয়া যুক্তি অনুসৰি মহেন্দ্ৰ ৰাজাপাক্সেৰ ফালৰ পৰা শক্তি নিয়ন্ত্ৰণৰ বাবে সিমান ৰক্ষণশীলতা দিয়া হোৱা নাই,যিমানখিনি ভাৰতে দিছে ৷ অতীত আৰু পূৰ্বতে লোৱা সতৰ্কতাৰ পৰা শিক্ষা লোৱাতো উচিত,অতীতৰ ছাঁয়াই বৰ্তমান আৰু ভৱিষ্যৎ চুক্তি সন্দৰ্ভ একো নিৰ্ধাৰণ নকৰে ৷ অৰ্থনীতি নিম্নগামী হোৱা আৰু চাকৰি হেৰুওৱাসকলৰ বাবে ৰাজাপাক্সা চৰকাৰে চীনৰ সৈতে থকা সম্পৰ্কক ত্যাগ কৰা উচিত ৷
লগতে পঢ়কঃ এয়াৰ ইণ্ডিয়াৰ পূৰ্বে MiG-21 ৰ পাইলট আছিল দুৰ্ভগীয়া কেপ্টেইন দীপক ভি. চাথে