ETV Bharat / bharat

লালু প্ৰসাদ যাদৱৰ স্বাস্থ্যৰ অৱনতি !

author img

By

Published : Jan 21, 2021, 11:00 PM IST

আৰজেডি প্ৰধান লালু প্ৰসাদ যাদৱৰ বৃহস্পতিবাৰে পুনৰ স্বাস্থ্যৰ অৱনতি ৷ লালু প্ৰসাদ যাদৱে শ্বাস-প্ৰশ্বাস লোৱাত অসুবিধাৰ সন্মুখীন হৈছে ৷

lalu-prasad-yadav-having-trouble-in-breathing
লালু প্ৰসাদ যাদৱৰ স্বাস্থ্যৰ অৱনতি !

নিউজ ডেস্ক, 21 জানুৱাৰী : ৰিম্চত ভৰ্তি হৈ থকা আৰজেডি প্ৰধান লালু প্ৰসাদ যাদৱৰ বৃহস্পতিবাৰে পুনৰ স্বাস্থ্যৰ অৱনতি ঘটে ৷ জানিব পৰা মতে, লালু প্ৰসাদ যাদৱে শ্বাস-প্ৰশ্বাস লোৱাত অসুবিধাৰ সন্মুখীন হৈছে ৷ তেওঁ শ্বাস-প্ৰশ্বাস লোৱাত সমস্যা পোৱাৰ পাছতে চিকিৎসক সকলে লালু প্ৰসাদৰ স্বাস্থ্যৰ বুজ লৈ আছে ৷ চিকিৎসক ডি. কে. ঝা আৰু ডাক্টক ওমেশ প্ৰসাদ আৰু ৰিম্চৰ কেবাগৰাকীও শীৰ্ষ বিষয়া লালু প্ৰসাদৰ স্বাস্থ্যৰ বুজ লবলৈ উপস্থিত হৈছে ৷ তদুপৰি কাৰাগাৰৰ অধীক্ষক আৰু জেলৰ শীৰ্ষ বিষয়া সকলো ইতিমধ্যে ৰিম্চত আহি উপস্থিত হৈছে ৷

ইফালে লালু প্ৰসাদ যাদৱৰ স্বাস্থ্যৰ অৱস্থাৰ অৱনতি ঘটাৰ খবৰ লাভ কৰি ঝাৰখণ্ডৰ স্বাস্থ্যমন্ত্ৰী বন্না গুপ্তাও ৰিম্চত উপস্থিত হয় ৷ ইতিমধ্যে চিকিৎসকৰ দলে লালু প্ৰসাদ যাদৱৰ কৰ‘ণা পৰীক্ষাৰ বাবে নমুনা সংগ্ৰহ কৰাৰ লগতে স্বাস্থ্যৰ বুজ লৈ আছে ৷

লগতে পঢ়ক : পীযুষ হাজৰিকাৰ মন্তব্যই চিন্তাত পেলাইছে বিজেপিৰ সংখ্যালঘু নেতাক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.