নিউজ ডেস্ক, 17 মে‘: কলকাতাৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত কৰ্মৰত বহিঃৰাজ্যৰ বহু নাৰ্চে ধাৰাবাহিক ভাৱে পদত্যাগ কৰি উভতিছে স্ব-গৃহলৈ ৷ বিগত দুটা দিনত পশ্চিমবঙ্গৰ বিভিন্ন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত কৰ্মৰত 354 গৰাকী নাৰ্চে পদত্যাগ কৰি উভতিছে নিজ নিজ ৰাজ্যলৈ ৷ যোৱা শুকুৰবাৰে কলকাতাত কৰ্মৰত মণিপুৰৰ 185 গৰাকী নাৰ্চে নিজৰ চাকৰিৰ পৰা পদত্যাগ কৰি স্ব-গৃহলৈ উভতি যোৱাৰ পাছত শনিবাৰে পুনৰ কলকাতাৰ বিভিন্ন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত কৰ্মৰত বহিঃৰাজ্যৰ 165 গৰাকী নাৰ্চে পদত্যাগ কৰি নিজৰ ঘৰলৈ বুলি উভতনি যাত্ৰা আৰম্ভ কৰে ৷
তথ্য অনুসৰি, পদত্যাগ কৰা নাৰ্চ সকলৰ ভিতৰত মণিপুৰৰ 92 গৰাকী, ত্ৰিপুৰাৰ 43 গৰাকী, উৰিষ্যাৰ 32 গৰাকী আৰু ঝাৰখণ্ডৰ দুই গৰাকী ৷ নাৰ্চৰ এনে ধাৰাবাহিক পদত্যাগৰ ফলত এতিয়া ৰাজ্যখনত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷
লগতে পঢ়ক : নিৰ্মলা সীতাৰমণৰ সংবাদমেল