নিউজ ডেস্ক, 11 জুলাই : পুৱাৰ সময় ৷ ক্লান্তিৰে ভৰা গভীৰ নিদ্ৰাত মগ্ন সকলো ৷ এই সকল যেন সেই শান্তিৰ টোপনি ভংগকাৰী ৷ কেতিয়াবা খিৰিকীত টুকৰীয়াই, কেতিয়াবা আকৌ চাইৰেন বজাই টোপনি ভাঙি আঁতৰি যায় ৷ তাৰ মাজতে কোনোৱে আকৌ চকু মোহাৰি মোহাৰি খিৰিকীৰে গালি-গালাজ দিছে তেওঁক ৷ কিন্তু তাতে কি ? এয়াইতো তেওঁলোকৰ কৰ্ম ৷
হয়,তেতিয়া বিদ্যুৎ,প্ৰযুক্তি,এলাৰ্ম ঘড়ী এইবোৰ সহজলভ্য হোৱাই নাই ৷ সেই সময় অৰ্থাৎ বিংশ শতিকাৰ আৰম্ভণিত টোপনি ভাঙিবলৈ ব্যৱহাৰ কৰা হৈছিল এনে লোকক ৷ তেওঁলোকক নকাৰ আপ্ বা নকাৰ আপাৰ বুলি মতা হৈছিল ৷
বিংশ শতাব্দীৰ আৰম্ভণিৰ দশক
ইংলেণ্ড আৰু আয়াৰলেণ্ডৰ শিল্প বিপ্লৱৰ সময় ৷ তেতিয়া কল-কাৰখানা সমূহৰ কাম কাজ দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰে ৷ বাঢ়ি গ'ল দিন হাজিৰা কৰা শ্ৰমিকৰ সংখ্যাও ৷ সদায় দোকমোকালিতে আৰম্ভ কাম, কেতিয়াবা আকৌ শ্বিফ্ট ডিউটি ৷ কামলৈ নগ'লে কঠোৰ ব্যৱস্থা লৈছিল কতৃপক্ষই ৷ অলপ ইফাল সিফাল হ'লেই হাতত তুলি দিছিল কামৰ পৰা অব্যাহতিৰ পত্ৰ ৷ বহু শ্ৰমিকৰ নাছিল ঘড়ী কিনাৰ সামৰ্থও ৷ এনে পৰিস্থিতিত শিল্প উৎপাদনৰ নানা কামত নিয়োজিত লোকে চহৰৰ কেইজনমান লোকক এই কামত নিয়োগ কৰিলে ৷ কামটোও বহু গুৰুত্বপূৰ্ণ ! যথা সময়ত টোপনিৰ পৰা জগাই দিব লাগিব ৷ পাচলৈ এই কাম পেচালৈ পৰিণত হ‘ল ৷ এই টোপনি ভঙা মানুহজনৰ নাম হৈ যায় নকাৰ আপাৰ ৷ কেৱল টোপনিৰ পৰাই উঠাই দিয়াই নহয়, শ্ৰমিক সকলৰ কামৰ সময় পৰিৱৰ্তন হলেও সেই পৰিৱৰ্তিত সময়ত আহিও তেওলোকক জগাই দিয়া কামো কৰে এই সকল নকাৰ আপাৰ সকলে ৷
কি দৰে টোপনিৰ পৰা জগাই দিছিল নকাৰ সকলে ?
নানা আকৰ্ষণীয় পদ্ধতি আছিল সেই সময়ত ৷ লাঠি, চাইৰেনৰ লগতে অন্য কেবাটাও সৰঞ্জামৰ ব্যৱহাৰ কৰিছিল নকাৰ সকলে ৷ বহুতে ঘৰৰ সন্মুখত আহি চাইৰেন বজাই সকলোকে জগাই দিছিল ৷ কোনোবাই আকৌ দীঘল লাঠি এডাল লৈ খিৰিকীত খুন্দা মাৰিছিল ৷ কাৰণ মানচেষ্টাৰসহ ব্ৰিটেইন, ইংলেণ্ডৰ ঘৰবোৰত সাধাৰণতে ওপৰত আছিল শুৱনি কোঠালী ৷ এয়া তেতিয়ালৈকে চলিছিল যেতিয়ালৈকে কৰ্মীগৰাকী টোপনিৰ পৰা সাৰ নাপাইছিল ৷ ইয়াৰ বাবে বহুবাৰ বহুজনে এই সকলৰ ওপৰত খং কৰাৰ উপৰিও গালি গালাজো দিছিল ৷ এই সকলোবোৰ সহ্য কৰিও নিজৰ কৰ্ম কৰি যাব লাগিছিল নকাৰ সকলে ৷ মাজ নিশা উঠি এই কামৰ বাবে ওলাই গৈ পুৱা পৰ্যন্ত চলাই গৈছিল এই কাৰ্য ৷ ইয়াৰ বিনিময়ত সপ্তাহৰ অন্তত নকাৰ সকলে লাভ কৰিছিল কিছু ধন ৷
ইতিহাসৰ পাতত টোপনি পৰা জগাই দিয়া নকাৰ সকল
1940-50 চনৰ পাছত এই ছবি সম্পূৰ্ণ ভাৱে সলনি হৈ যায় ৷ ইংলেণ্ড, আয়াৰলেণ্ডৰ চিনাকী পথবোৰত আগৰ দৰে দেখা পোৱা নগ'ল পুৱতি নিশা টোপনি ভাঙি দিয়া এই সকল লোকক ৷ 1970 চনত লাহে লাহে বিদ্যুৎ সেৱা, সংগীত বজোৱা সৰঞ্জাম আদি আহিবলৈ ধৰে আৰু তাৰ পৰৱৰ্তী সময়ত ইতিহাসৰ কোনো এক অধ্যায়ত বিলীন হৈ যায় এই সকল লোক ৷
লগতে পঢ়কঃ জম্মুৰ বান্দীপোৰ জিলাত বিজেপি নেতাৰ হত্যা সন্দৰ্ভত তালাচী অভিযান