ETV Bharat / bharat

ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটাৰ বাবে বৃ্দ্ধি কৰা হ'ব ধনৰাশিৰ পৰিমাণ: কিৰেণ ৰিজিজু

ক্ৰীড়া জগতৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ভাৰ্চুৱেল মাধ্যমেৰে অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় ক্ৰীড়া আৰু দু:সাহসিক বঁটা প্ৰদান অনুষ্ঠান । ২৯আগষ্টত অনুষ্ঠিত হ'বলগীয়া এই অনুষ্ঠানটিত ৰাষ্ট্ৰীয় ক্ৰীড়া আৰু দু:সাহসিক বঁটা ৬০ গৰাকী সুদক্ষ খেলুৱৈলৈ আগবঢ়োৱা হ'ব ।

ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটাৰ বাবে বৃ্দ্ধি কৰা হ'ব ধনৰাশিৰ পৰিমাণ: কিৰেণ ৰিজিজু
ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটাৰ বাবে বৃ্দ্ধি কৰা হ'ব ধনৰাশিৰ পৰিমাণ: কিৰেণ ৰিজিজু
author img

By

Published : Aug 29, 2020, 12:18 PM IST

স্পৰ্টছ ডেস্ক, ২৯আগষ্ট: কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱকল্যাণ বিভাগৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী কিৰেণ ৰিজিজুৰ এটা ঘোষণাই আশাৰ বতৰা কঢ়িয়াই আনিছে দেশৰ সুদক্ষ খেলুৱৈসকললৈ । চলিত বৰ্ষৰ পৰা ক্ৰীড়া আৰু দু:সাহসিক বঁটাৰ বাবে নিৰ্ধাৰিত ধনৰাশিৰ পৰিমাণ বৃ্দ্ধি কৰা হ'ব বুলি ঘোষণা কৰিছে ক্ৰীড়ামন্ত্ৰীগৰাকীয়ে । ক্ৰীড়া বঁটাৰ সৈতে আগবঢ়াবলগীয়া নগদ ধনৰ পৰিমাণ ইতিমধ্যে বৃদ্ধি কৰা হৈছে । ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা, অৰ্জুন বঁটাৰ বাবে ধনৰাশি পৰিমাণ ১৫ লাখ টকাৰ পৰা ২৫ লাখ টকালৈকে বৃদ্ধি কৰা হৈছে বুলি মন্তব্য কৰে ৰিজিজুৱে । পূৰ্বে ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা বিজয়ী খেলুৱৈলৈ ৭.৫ লাখ টকা আৰু অৰ্জুন বঁটা লাভ কৰা খেলুৱৈলৈ ৫ লাখ টকা নগদ ধন হিচাপে আগবঢ়োৱা হৈছিল । শেষবাৰৰ বাবে ২০০৯ চনত ধনৰাশিৰ পৰিমাণ বৃদ্ধি কৰা হৈছিল । উল্লেখ্য যে, ক্ৰীড়া জগতৰ ইতিহাসত প্ৰথম বাৰৰ বাবে ভাৰ্চুৱেল মাধ্যমেৰে ৰাষ্ট্ৰীয় ক্ৰীড়া আৰু দু:সাহসিক বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হ'ব । এই অনুষ্ঠানটিত ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা, অৰ্জুন বঁটা, দ্ৰোণাচাৰ্য বঁটা, টেনজিং নৰগে বঁটা আৰু ধ্যাণচান্দ বঁটা আগবঢ়োৱা হ'ব ।

ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটাৰ বাবে বৃ্দ্ধি কৰা হ'ব ধনৰাশিৰ পৰিমাণ: কিৰেণ ৰিজিজু
ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটাৰ বাবে বৃ্দ্ধি কৰা হ'ব ধনৰাশিৰ পৰিমাণ: কিৰেণ ৰিজিজু

অহা ২৯ আগষ্টত অনুষ্ঠিত হ'বলগীয়া এই অনুষ্ঠানটিত ৰাষ্ট্ৰীয় ক্ৰীড়া আৰু দু:সাহসিক বঁটা লাভ কৰা ৬০ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ কৰা হৈছে । স্বাস্থ্যজনিত আৰু আন সমস্যাৰ বাবে ১৪ গৰাকী বঁটা বিজয়ী খেলুৱৈয়ে এই বঁটা প্ৰদান অনুষ্ঠান উপস্থিত থাকিব নোৱাৰিব বুলি প্ৰকাশ কৰিছে ভাৰতীয় ক্ৰীড়া সন্থাই ।

ৰাষ্ট্ৰীয় ক্ৰীড়া আৰু দু:সাহসিক বঁটা প্ৰদান অনুষ্ঠানত খেলুৱৈসকলক বঁটা প্ৰদান কৰি উৎসাহিত কৰিব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে । ৰাষ্ট্ৰপতি ভৱনৰ পৰাই ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে অনুষ্ঠানত অংশ ল'ব ৰাষ্ট্ৰপতিগৰাকীয়ে । SAI আৰু NICৰ বাংগালুৰু, পুনে, চোনেপট, চণ্ডীগড়, কলকাতা, লক্ষ্নৌ, দিল্লী, মুম্বাই, ভূপাল, হাইদৰাবাদ, আৰু ইটানগৰ চেণ্টাৰত বঁটা বিজয়ীসকল উপস্থিত থাকিব । ক্ৰীড়া আৰু যুৱকল্যাণ বিভাগৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী কিৰেণ ৰিজিজু, ভাৰতীয় অলিম্পিক সন্থাৰ অধ্যক্ষ নৰেন্দ্ৰ ধ্ৰুৱ বাত্ৰাই নতুন দিল্লীৰ বিজ্ঞান ভৱনৰ পৰা এই বঁটা প্ৰদান অনুষ্ঠানত ভাগ ল'ব ।

লগতে পঢ়ক : ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত কোন খেলুৱৈয়ে লাভ কৰিব কি সন্মান !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.