ETV Bharat / bharat

ৰাজস্থানৰ বিজেপি বিধায়িকা কিৰণ মাহেশ্বৰীৰ মৃত্যু - ৰাজস্থানৰ ৰাজসমন্দৰ

ক'ভিডত আক্ৰান্ত হৈ ৰাজস্থানৰ বিজেপি বিধায়িকা কিৰণ মাহেশ্বৰীৰ শেষ নিশ্বাস ত্যাগ ৷ অক্টোবৰ 28 তাৰিখে ক'বিড-19 ত আক্ৰান্ত হোৱাৰ পাছতে মেদান্তা চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল বিধায়িকা গৰাকী ৷ সোমবাৰে তেওঁৰ নশ্বৰ দেহ উদয়পুৰলৈ লৈ যোৱা হ'ব ৷

ৰাজস্থানৰ বিজেপি বিধায়ক কিৰণ মাহেশ্বৰীৰ মৃত্যু

author img

By

Published : Nov 30, 2020, 12:53 PM IST

নেশ্যনেল ডেস্ক, 30 নৱেম্বৰ: ৰাজস্থানৰ ৰাজসমন্দৰৰ বিজেপিৰ বিধায়িকা কিৰণ মাহেশ্বৰীৰ পৰলোক প্ৰাপ্তি ৷ ক'ভিড-19 ত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাতে ৰাজস্থানৰ বিধায়িকা গৰাকীয়ে মৃত্যুক সাৱটি লয় ৷ অক্টোবৰ 28 তাৰিখে ক'ভিড-19 ত আক্ৰান্ত হৈ হাৰিয়ানাৰ গুৰুগ্ৰামৰ মেদান্তা চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা বিধায়িকা গৰাকীয়ে দেওবাৰে শেষৰাতি ক'ৰণাৰ বিৰুদ্ধে যুঁজি থকা যুঁজখনত পৰাজয় বৰণ কৰে ৷

প্ৰথম অৱস্থাত ক'ভিড-19 ত আক্ৰান্ত হোৱা বুলি গম পোৱাৰ পাছত বিধায়িকা গৰাকীক উদয়পুৰৰ এখন স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ পাছত স্বাস্থ্যৰ অধিক অৱনতি ঘটাত তেওঁক মেদান্তা চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছিল ৷

  • Saddened to know of the untimely demise of BJP leader & Rajsamand MLA Kiran Maheshwari ji. My heartfelt condolences to her family members & supporters in this most difficult time. May God give them strength to bear this loss. May her soul rest in peace. #Rajasthan

    — Ashok Gehlot (@ashokgehlot51) November 30, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে কিৰণ মাহেশ্বৰীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে ৷ টুইটযোগে শোক প্ৰকাশ কৰি গেহলটে এইবুলি কয়, "Saddened to know of the untimely demise of BJP leader & Rajsamand MLA Kiran Maheshwari ji. My heartfelt condolences to her family members & supporters in this most difficult time. May God give them the strength to bear this loss. May her soul rest in peace. #Rajasthan,"

অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰাৰ উদ্দেশ্যে মাহেশ্বৰীৰ নশ্বৰ দেহ সোমবাৰে উদয়পুৰলৈ লৈ যোৱা হ'ব ৷ 1961 চনৰ 29 অক্টোবৰত জন্মলাভ কৰা কিৰণ মাহেশ্বৰীয়ে ৰাজস্থান চৰকাৰৰ উচ্চতৰ শিক্ষাৰ মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল ৷ ইয়াৰ উপৰিও বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক, ৰাষ্ট্ৰীয় সভাপতি আৰু মহিলা কোষৰ প্ৰধানৰ পদো কিৰণ মাহেশ্বৰীয়ে অলংকৃত কৰিছিল ৷

লগতে পঢ়ক: হাৰ্থথ্ৰৱ জুবিন গাৰ্গে মুকলি কৰিলে নিজৰ নামৰ পথ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.