নিউজ ডেস্ক, 7 এপ্ৰিলঃ সোমবাৰে পদুচেৰিৰ ৰাজ্যপাল কিৰণ বেদীয়ে ঘোষণা কৰে যে, তেওঁৰ দৰমাহাৰ 30 শতাংশ ধন COVID-19 ৰ বিৰুদ্ধে যুঁজিবলৈ চৰকাৰক প্ৰদান কৰিব । এই ধন সম্পূৰ্ণ এই বিত্তীয়বৰ্ষটোতে প্ৰদান কৰিব ।
এক বিজ্ঞপ্তি যোগে বেদীয়ে কথা প্ৰকাশ কৰি কয় যে, তেওঁ ৰাষ্ট্ৰপ্ৰতি ৰামনাথ কোবিন্দলৈ এক মেইল প্ৰেৰণ কৰি এই বিষয়ে অৱগত কৰে ।
ভাৰতে আন উন্নত কিছুমান ৰাষ্ট্ৰতকৈ কৰ'ণা ভাইৰাচৰ বিৰুদ্ধে বহুখিনি সাহসেৰে যুঁজি সেই দেশসমূহতকৈ উন্নত ফল দেখুৱাব সক্ষম হৈছে বুলি মেইলটোত উল্লেখ কৰে । লগতে এই যুঁজত ক্ষুদ্ৰ অৰিহণা আগবঢ়োৱাটো তেওঁৰ কৰ্তব্য । সেয়ে তেওঁৰ দৰমহাৰ 30 শতাংশ ধন প্ৰতিমাহে এই বিত্তীয় বৰ্ষত আগবঢ়োৱাৰ সিদ্ধান্ত লোৱা বুলি জানিবলৈ দিয়ে ।