ETV Bharat / bharat

সেউজীয়া মগু দাইলৰ দ্বাৰা তৈয়াৰী পুষ্টিকৰ পেচাৰাট্টুৰে আৰম্ভ কৰক আপোনাৰ দিনটো - প্ৰটিনযুক্ত

দাক্ষিণাত্যৰ ৰাতিপুৱাৰ এবিধ পুষ্টিকৰ খাদ্য পেচাৰাট্টু ৷

healthy dose of green gram
সেউজীয়া মুগৰ দ্বাৰা তৈয়াৰী পুষ্টিকৰ পেচাৰাট্টু
author img

By

Published : Jul 25, 2020, 10:04 AM IST

নিউজ ডেস্ক, 25 জুলাই : পেচাৰাট্টু হৈছে দাক্ষিণাত্যৰ এবিধ ৰাতিপুৱাৰ আহাৰ ৷ এই খাদ্যবিধ বনাবলৈ অতি সহজ নহয় যদিও স্বাস্থ্যৰ বাবে ই অতি উপকাৰী ৷ পুষ্টিকৰ পেচাৰাট্টু সেউজীয়া মগু দাইলৰ দ্বাৰা প্ৰস্তুত কৰা এবিধ ডোচাজাতীয় খাদ্য ৷ সেউজীয়া মগু দাইল তথা সেউজীয়া প্ৰটিনযুক্ত বুটেৰে তৈয়াৰী কম কলেষ্ট্ৰল যুক্ত আৰু অধিক পৰিমাণে soluble dietary fibres থকা এই খাদ্যই দেহৰ detoxificationত সহায় কৰে ৷ ই উচ্চ মাত্ৰাৰ কপাৰ, মেগ্নেছিয়াম, আয়ৰন আৰু পটাছিয়াম জাতীয় খনিজ পদাৰ্থৰে সমৃদ্ধ ৷

পেচাৰাট্টু বনাবলৈ লাগিব-

সেউজীয়া মুগৰ দাইল- 1 কাপ

ব্ৰাউন ৰাইচ- 2 চামুচ

প্ৰয়োজন অনুসাৰে পানী

আটাইখিনি ভালদৰে মিহলাই 3-4 ঘণ্টাৰ বাবে পানীত তিয়াই থ’ব লাগে ৷ তাৰ পাচত পানীখিনি আঁতৰাই মিহলি কৰা সামগ্ৰীখিনি এটা মিক্সিত বাকী ল’ব লাগে ৷ লগতে তাত 1/2 টা জলকীয়া, প্ৰয়োজন অনুসাৰে আদা, সোৱাদ অনুসাৰে নিমখ দি আটাইখিনিৰ এটা সুক্ষ্ম পেষ্ট বনাব লাগে ৷

সেউজীয়া মুগৰ দ্বাৰা তৈয়াৰী পুষ্টিকৰ পেচাৰাট্টু

পেষ্টখিনি এটা পাত্ৰত বাকী লোৱাৰ পাচত এটা কেৰাহীত 1/2 চামুচ তেল গৰম হ’বলৈ দি তাত জিৰা দি কিছু ছেকেণ্ড লৰাই থাকিব লাগে ৷ 1/2 কাপ কটা পিয়াজ তাৰ ওপৰত দি ৰঙচুৱা হোৱালৈকে ভাজি থাকিব লাগে ৷

ইয়াৰ পাচত ভজা অংশ পেষ্টটোৰ ওপৰত ঢালি দি সকলো খিনি ভালদৰে লৰাই ল’ব লাগে ৷ এখন গৰম পেন অথবা এটা কেৰাহীত সামান্য পৰিমাণৰ তেল দি মিহলাই লোৱা পেষ্ট আৰু পিয়াজৰ মিশ্ৰণখিনি এবাৰত অলপ অলপকৈ পিঠা আকাৰত বাকী দি দুয়োটা দিশ ভাজিব লাগে ৷ দুয়োটা দিশ ৰঙচুৱা হোৱাৰ পাচত চাট্নীৰ সৈতে পৰিৱেশন কৰক পুষ্টিকৰ ‘পেচাৰাট্টু’ ৷

লগতে পঢ়ক : ভাৰতৰ নতুন কূটনৈতিক নিযুক্তি : চীনৰ সম্প্ৰসাৰণবাদ, তালিবানৰ বিৰুদ্ধে নতুন কৌশল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.