নিউজ ডেস্ক, ৮ জুনঃ বিমান সেৱাৰ প্ৰতিষ্ঠান গ'এয়াৰ প্ৰশিক্ষণৰত পাইলত আছিফ খানে গ'এয়াৰৰ বিৰুদ্ধে নিজৰ টুইটাৰ একাউণ্টৰ পৰা বিমান সেৱা প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি কিছু আপত্তিজনক মন্তব্য আগবঢ়াইছিল ।
তাৰ পাচতে পলাতক হৈ থকা প্ৰশিক্ষণৰত পাইলট আছিফ খান সন্দৰ্ভত গ'এয়াৰে নিজৰ টুইটাৰ একাউন্টৰ পৰা পাইলট গৰাকীৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰে । কিন্তু সোমবাৰে বাজেট এয়াৰলাইঞ্চ কোম্পানীটোৱে তদন্ত ঘোষণা কৰি প্ৰশিক্ষণৰত পাইলত গৰাকীৰ বিৰুদ্ধে কৰা টুইট গুচাই দিয়ে । লগতে সদৰী কৰে যে, প্ৰশিক্ষণৰত পাইলট গৰাকীক কেৱল নিলম্বনহে কৰা হৈছে।