নিউজ ডেস্ক, ২৪ জুন : লক্ ডাউনৰ মাজতে মংগলবাৰে কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে পুথুমালা পূৰ্নবাস পৰিযোজনা আঁচনিৰ শুভাৰম্ভ কৰিছে ।
উল্লেখযোগ্য যে, বিগত বছৰত পুথিমালা গাঁৱত বানপানীৰ জৰিয়তে সমগ্ৰ অঞ্চলটি ধংস হৈছিল । য'ত প্ৰায় ৬২ পৰিয়াল সম্পূৰ্ণৰূপে ধংস হৈছিল ।
শেহতীয়াকৈ মুৰ্থুভূমি টেৰিটৰিয়েল ট্ৰাষ্টৰ দ্ধাৰা অতিকমেও ৫৬ টা ঘৰ নিৰ্মাণ কৰি দিব আৰু বানপীড়িত লোক সকলক তেওঁলোকৰ হাতত অৰ্পন কৰা হ'ব ।
ভিডি'অ কনফাৰেন্সত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে জনাই যে, এই প্ৰকল্পই ৰাইজৰ মংগল কৰিব আৰু তেওঁলোকৰ সমস্যা সমাধান কৰিব বুলি আশাবাদী ।
লগতে মুখ্যমন্ত্ৰীয়ে বানপানীত মৃত্যু হোৱা লোকৰ পৰিয়ালক ৪ লাখ টকা ঘোষণা কৰিছিল । লগতে সকলো ধৰণৰ সুবিধা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ।
উল্লেখযোগ্য যে, কেৰেলাত সংঘটিত হোৱা বানপানীত ১২১ জন লোকৰ মৃত্যু হৈছিল ।
লগতে পঢ়ক : কৰ'ণাত আক্ৰান্ত ১৫ গৰাকী বিএছএফ জোৱান