ETV Bharat / bharat

পাহাৰৰ শিখৰ বগাই বিশ্বৰেকৰ্ড গঢ়াৰ সপোন চেৰুকুন্নিল মনেশৰ

40 বছৰীয়া পৰ্বতাৰোহীগৰাকীয়ে বিগত 16 বছৰত 13 টা পাহাৰৰ শিখৰলৈ বগাইছে আৰু আগন্তুক সময়ত আৰু অধিক পাহাৰৰ শিখৰ বগোৱাৰ সপোন পুহি ৰাখিছে ৷

author img

By

Published : Aug 10, 2020, 3:02 PM IST

Kerala man on a mission to set mountaineering world record
পাহাৰৰ শিখৰ বগাই বিশ্বৰেকৰ্ড গঢ়াৰ সপোন চেৰুকুন্নিল মনেশৰ

নিউজ ডেস্ক, 10 আগষ্ট : কেৰালাৰ চেৰুকুন্নিল মনেশে সৰ্বাধিক পৰ্বতাৰোহণ কৰি অধিক পাহাৰৰ শিখৰ বগাই বিশ্বৰেকৰ্ড গঢ়াৰ সপোন দেখিছে ৷

40 বৰ্ষীয় পৰ্বতাৰোহীগৰাকীয়ে বিগত 16 বছৰত 13 টা পাহাৰৰ শিখৰলৈ বগাইছে আৰু আগন্তুক সময়ত আৰু অধিক পাহাৰৰ শিখৰ বগোৱাৰ সপোন পুহি ৰাখিছে ৷

পৰ্বতাৰোহী চেৰুকুন্নিল মনেশে মাউন্ট এভাৰেষ্ট বগোৱাৰ বাবে প্ৰস্তুতি অব্যাহত ৰাখিছিল যদিও কৰ'ণা মহামাৰীৰ ভয়াৱহতাৰ ফলত তেখেতৰ পৰিকল্পনা সমূহ ব্যৰ্থ হয় ৷

মনেশ, এজন ইতিহাস বিভাগৰ স্নাতক আছিল ৷ যেতিয়া সৰুৰে পৰা পাঠ্যপুথিত মাউন্ট এভাৰেষ্ট আৰু আল্পচৰ বিষয়ে পঢ়িছিল, তেতিয়াৰে পৰা পাহাৰৰ প্ৰতি আকৰ্ষণ বাঢ়ি গৈছিল পৰ্বতাৰোহীগৰাকীৰ ৷

পৰ্বতৰ শিখৰ সমূহক জুখিবলৈ দেখা নিজৰ সপোনক বাস্তৱত ৰূপায়িত কৰিবলৈ 2004 চনত মনেশে দিল্লীলৈ বুলি টিকট বুকিং কৰে ৷ সেই সময়ত তেওঁ দিন হাজিৰা কৰি টকা উপাৰ্জন কৰিছিল ৷ সেই টকাৰেই টিকট বুকিং কৰি ওলাই পৰিছিল পাহাৰৰ শিখৰ বগোৱাৰ নিজৰ সপোন পূৰণ কৰিবলৈ ৷

মানালিত অটল বিহাৰী পৰ্বতাৰোহণ সংস্থাৰ পৰা পৰ্বতাৰোহণৰ প্ৰাথমিক শিক্ষা লাভৰ পাছত তেখেতে 20 দিনৰ ভিতৰত মানালিত 17,346 ফুট উচ্চতাৰ পৰ্বতাৰোহণ কৰে ৷ য‘ত মনেশ 35 জনীয়া পৰ্বতাৰোহীৰ ভিতৰত একমাত্ৰ দক্ষিণ ভাৰতীয় আছিল ৷

বহু ক্ষেত্ৰত বাধা বিঘিনিৰ পাছত নিৰোৎসাহিত নহৈ মনেশে সৰ্বাধিক উচ্চতাত উপস্থিত হোৱাৰ বাবে নিজৰ মনোবল দৃঢ় কৰি লৈছে ৷ তেখেতৰ বিশ্বাস যে, এদিন হলেও তেওঁ নিজৰ সপোন পূৰণ কৰিবলৈ সক্ষম হ‘ব ৷

লগতে পঢ়ক : সুশান্ত কাণ্ডঃ EDৰ কাৰ্যালয়ত উপস্থিত ৰিয়া চক্ৰৱৰ্তী সহ 4 গৰাকী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.