নতুন দিল্লী,25 জানুৱাৰীঃ বিজেপি নেতা জি ভি এল নৰসিংহ ৰাওৱে শুক্ৰবাৰে কেৰেলা চৰকাৰে নাগৰিকত্ব সংশোধনী আইনৰ বাবে বৃদ্ধি পোৱা সমৰ্থন বিফল কৰিবলৈ আপ্ৰাণ চেষ্টা অব্যাহত ৰখা বুলি বিষ্ফোৰক অভিযোগ উত্থাপন কৰে ৷ ৰাজ্যখনত নাগৰিকত্ব সংশোধনী আইন সমৰ্থনকাৰীসকলে লাভ কৰা পানী ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে ৷ চৰকাৰখনৰ এই কাৰ্য মানৱতাৰ পৰিপন্থী ৷ তদুপৰি ইয়ে মানৱ অধিকাৰ খৰ্ব কৰিছে ৷ ৰাওে সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰা মতে একমাত্ৰ নাগৰিকত্ব সংশোধনী আইনখনৰ পক্ষে সমৰ্থন ৰোধ কৰিবলৈ চৰকাৰখনে এই ব্যৱস্থা গ্ৰহণ কৰিছে ৷ বিজেপি নেতাগৰাকীয়ে এই প্ৰসংগত মানৱাধিকাৰ আয়োগৰ কাষ চপাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ চৰকাৰখনে এনেধৰণে কোনো পন্থা হাতত লৈ জনসাধাৰণক মৌলিক সা-সুবিধাৰ পৰা বঞ্চিত কৰিব নোৱাৰে ৷
পূৰ্বে বৃহস্পতিবাৰে,কেৰেলা আৰক্ষীয়ে কৰ্ণাটকৰ সাংসদ শোভা কাৰাণ্ডলাজৰ বিপক্ষে 153(এ) ধাৰাত এক গোচৰ ৰুজু কৰিছে ৷ কিয়নো সংসদগৰাকীয়ে ছ’চিয়েল মেডিয়াত আইনখনৰ সপক্ষে প’ষ্ট দিয়াৰ বাবে মালাপ্পুৰম এলেকাৰ এটা হিন্দু পৰিয়াললৈ পানী যোগান বন্ধ কৰি দিছিল ৷
লগতে চাওকঃঅসমৰ 5 গৰাকীকৈ বিশিষ্ট ব্যক্তিলৈ 2020 বৰ্ষৰ পদ্মশ্ৰী সন্মান