নেশ্বনেল ডেস্ক,12 আগষ্ট: ক্ৰমাৎ জটিল হৈ পৰিছে কেৰালাৰ বান পৰিস্থিতি ৷ প্ৰৱল বৃষ্টি পাতৰ ফলত সৃষ্টি হোৱা ভয়াৱহ বানৰ কৱলত স্তব্ধ হৈ পৰিছে সমগ্ৰ কেৰালাৰ 14 খনকৈ জিলাৰ স্বাভাৱিক জনজীৱন ৷ বানৰ কৱলত ক্ষতিগ্ৰস্ত হৈছে ৰাজ্যখনৰ প্ৰায় 2 লাখ 50 হাজাৰ লোক ৷ বানাক্ৰান্ত সকলক উদ্ধাৰৰ বাবে প্ৰশাসনে অহৰহ চেষ্টা অব্যাহত ৰখাৰ লগতে ইতিমধ্যেই আশ্ৰয় শিবিৰলৈ স্থানান্তৰ কৰিছে বানত গৃহহাৰা হোৱা হাজাৰ হাজাৰ বানাক্ৰান্তক ৷ দুৰ্যোগ প্ৰশমন বিভাগৰ তথ্য অনুসৰি 11 আগষ্টৰ নিশা 9 বজালৈ প্ৰলংয়কাৰী বানৰ কৱলত পৰি 79 জনকৈ লোক নিহত হোৱাৰ বিপৰীতে সন্ধানহীন হৈ আছে 58 জনকৈ লোক ৷
ৰাজ্য খনৰ প্ৰায় আটাইকেইখন জিলাই বানৰ কৱলত পৰিছে যদিও বানত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে মাল্লাপুৰম জিলা ৷ বানৰ ফলত জিলাখনত ইতিমধ্যে 23 জন লোকৰ মৃত্যু হোৱাৰ লগতে নিখোজ হৈ আছে 50 জনকৈ লোক ৷
ইতিমধ্যে ৰাজ্যখনৰ ৱাড়নাদ লোকসভা সমষ্টিৰ সাংসদ ৰাহুল গান্ধী নিজ সমষ্টিত উপস্থিত হৈ বান পৰিস্থিতি বুজ লোৱাৰ লগতে বানাক্ৰান্ত ৰাইজক সহায়ৰ বাবে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগতে ৰাজ্য খনৰ মুখ্যমন্ত্ৰীলৈও আহ্বান জনাইছে ৷ লগতে বানাক্ৰান্ত সকলক সহায়ৰ বাবে ছচিয়েল মিডিয়াৰ জৰিয়তে সমগ্ৰ দেশবাসীলৈ আহ্বান জনাইছে ৰাহল গান্ধীয়ে ৷ উল্লেখ্য যে, বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি আগষ্টৰ 16 তাৰিখলৈ ৰাজ্য খনত অব্যাহত থাকিব প্ৰৱল বৃষ্টিপাত ৷