ETV Bharat / bharat

প্ৰব্ৰজনকাৰী শ্ৰমিকৰ বাবে কোনো বাছৰ ব্যৱস্থা কৰা নাই: কেজৰিৱাল

author img

By

Published : Apr 15, 2020, 3:05 PM IST

মুম্বাইত প্ৰব্ৰজনকাৰী শ্ৰমিকৰ প্ৰতিবাদৰ পিচতেই দিল্লীৰ মুখ্যমন্ত্ৰীৰ অৰবিন্দ কেজৰিৱালে তাৎক্ষণিকভাৱে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৷

প্ৰব্ৰজনকাৰী শ্ৰমিকৰ বাবে কোনো বাছৰ ব্যৱস্থা কৰা নাই: কেজৰিৱাল
প্ৰব্ৰজনকাৰী শ্ৰমিকৰ বাবে কোনো বাছৰ ব্যৱস্থা কৰা নাই: কেজৰিৱাল

নিউজ ডেস্ক, 15 এপ্ৰিলঃ মুম্বাইত হাজাৰোধিক শ্ৰমিক গোট খাই প্ৰতিবাদ সাব্যস্ত কৰাৰ পিচতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ৷ লকডাউনৰ নিয়ম অমান্য কৰি মুম্বাইৰ বান্দ্ৰাত শ্ৰমিকসকলে লকডাউনৰ মাজতে ওলাই আহি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে নিজ গৃহৰাজ্যলৈ ওভোটাই পঠাবলৈ দাবী উত্থাপন কৰিছিল ৷ অৱশেষত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শ্ৰমিকৰ ওপৰত লাঠীচালনা কৰিবলগীয়া হৈছিল মুম্বাই আৰক্ষীয়ে ৷ এনে অৱস্থাত দিল্লীতো যাতে কোনো বিক্ষিপ্ত ঘটনা সংঘটিত নহয় তাৰ বাবে শ্ৰমিকসকলক উদ্দেশ্যি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী কেজৰিৱালে ৷

লগতে পঢ়কঃ মুম্বাইৰ ৰাজপথত শ্ৰমিক,বিষয়টো গুৰুত্বপূৰ্ণঃ নৱাব মালিক

কেজৰিৱালে শ্ৰমিকসকলক কোনোধৰণৰ উৰা বাতৰিত ভোল নাযাবলৈ আহ্বান জনাইছে ৷ দিল্লী চৰকাৰে শ্ৰমিকসকলৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে ৷ লকডাউনৰ সময়ত যাতে শ্ৰমিকসকলে কোনোধৰণৰ অনাকাংক্ষিত পৰিস্থিতিৰ মুখামুখি হ’বলগা নহয় তাৰ বাবে দিল্লী চৰকাৰে ইতিমধ্যে ব্যৱস্থা লোৱা বুলি মুখ্যমন্ত্ৰী কেজৰিৱালে উল্লেখ কৰিছে ৷ শ্ৰমিকসকলক নিজ নিজ গৃহৰাজ্যলৈ ওভোটাই নিবলৈ বুলি ওলোৱা খবৰ সঁচা নহয় সেয়া মাথো উৰা বাতৰিহে বুলি কৈ শ্ৰমিকসকল য’তে আছে, লকডাউন শেষ নোহোৱালৈকে তাতেই থাকিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী কেজৰিৱালে ৷ এক ভিডিঅ’ মেছেজৰ জৰিয়তে কেজৰিৱালে এই কথা স্পষ্ট কৰি দিছে ৷

অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন দিল্লী ৰাজ্যিক চৰকাৰে ইতিমধ্যে শ্ৰমিকসকলৰ বাবে থকা-খোৱা-স্বাস্থ্যজনিত সকলো ব্যৱস্থা গ্ৰহণ কৰিছে বুলি কেজৰিৱালে ভিডিঅ’ মেছেজটোত উল্লেখ কৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.