ETV Bharat / bharat

দিল্লীত ভাৰতৰ প্ৰথমটো প্লাজমা বেংক স্থাপন - কোভিড ৰোগী

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে প্ৰথমবাৰৰ বাবে ৰাজধানীখনত প্লাজমা বেংকৰ স্থাপন কৰে । লগতে কোভিড-১৯ ৰ পৰা সুস্থ হোৱা সকলো ৰোগীক অনুৰোধ জনাই যে, আগলৈও ৰোগীৰ জীৱন বচাবৰ বাবে প্লাজমা প্ৰদান কৰক । মুখ্যমন্ত্ৰী গৰাকীয়ে এক সংবাদ মেল যোগে প্ৰকাশ কৰিলে এই তথ্য ।

kejriwal-announces-indias-first-plasma-bank-in-delhi

author img

By

Published : Jul 2, 2020, 5:58 PM IST

নিউজ ডেস্ক, ২ জুলাই : দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে প্ৰথমবাৰৰ বাবে ৰাজধানীখনত প্লাজমা বেংকৰ স্থাপন কৰে । লগতে কোভিড-১৯ ৰ পৰা সুস্থ হোৱা সকলো ৰোগীক অনুৰোধ জনাই যে, আগলৈও ৰোগীৰ জীৱন বচাবৰ বাবে প্লাজমা প্ৰদান কৰক । মুখ্যমন্ত্ৰী গৰাকীয়ে এক সংবাদ মেল যোগে প্ৰকাশ কৰিলে এই তথ্য । তেওঁ আৰু কয় যে, এই প্লাজমা বেংকে কোভিড ৰোগী সকলক সহায় কৰিব । আনহাতে আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় সংযোজক গৰাকীয়ে জনোৱা অনুসৰি, প্লাজমা বেংকে ৰোগী সকলক বহুত সহায় কৰিব । সকলোকে দান কৰিবলৈ অনুৰোধ জনাইছে ।

মুখ্যমন্ত্ৰী কেজৰিৱালে প্লাজমা দানৰ নাম পঞ্জীকৰণ কৰিবলৈ এটা হেল্প লাইন নম্বৰ মুকলি কৰিছে । যিসকল লোকে দান কৰিব বিচাৰে তেওঁলোকে ৮৩১০০৭৭২২ নম্বৰত অথবা ১০৩১ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে । পৰৱৰ্তী সময়ত চিকিৎসালয় কতৃপক্ষই নিজেই যোগাযোগ কৰিব বুলি উল্লেখ কৰে । লগতে যি সকলে প্লাজমা দান কৰিবলৈ শাৰীৰিকভাবে সুস্থ তেওঁলোককহে যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে । লগতে ব্যক্তি গৰাকীৰ বয়স ১৮ বছৰৰ পৰা ৬০ বছৰৰ ভিতৰত হোৱাৰ লগতে ওজন ৫০ কিলোগ্ৰাম হ'ব লাগিব বুলি উল্লেখ কৰে ।

লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, কৰ্কট ৰোগী, গৰ্ভৱতী মহিলা বা ডায়বেটিচ ৰোগী সকলে প্লাজমা দান কৰিব নোৱাৰিব । গতিকে যি সকল লোকৰ এনেকুৱা কোনো ধৰণৰ লক্ষণ নাই তেওঁলোক আগুৱাই আহিব লাগে আৰু অন্য লোকৰ জীৱন বচাব লাগে বুলি উল্লেখ কৰে । প্লাজমা দান কৰাৰ পিচত ব্যক্তি শাৰীৰিকভাবে কোনো অসুস্থ নহয় আৰু এই প্ৰক্ৰিয়াটো কৰিবলৈ মাত্ৰ ১ ঘন্টাৰ প্ৰয়োজন হয় । গতিকে যেতিয়ালৈ কোভিড-১৯ ৰ টীকা প্ৰস্তুত নহয় তেতিয়ালৈ প্লাজমাই ৰোগী সকলৰ চিকিৎসাত সহায় হোৱা বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.