ETV Bharat / bharat

যদিহে আৰ.জে.ডি জিকে তেন্তে কাশ্মীৰি সন্ত্ৰাসবাদীয়ে শৰণ ল'ব বিহাৰত: নিত্যানন্দ ৰায় - কাশ্মীৰি সন্ত্ৰাসবাদী

"যদি ৰাষ্ট্ৰীয় জনতা দলে বিহাৰৰ বিধানসভা নিৰ্বাচনত জয়লাভ কৰে, তেন্তে কাশ্মীৰি সন্ত্ৰাসবাদীসকলে ৰাজ্যখনত শৰণ ল'ব ৷" এনেদৰে মন্তব্য কৰি সম্প্ৰতি ব্যাপক বিতৰ্কৰ মাজত সোমাই পৰিছে কেন্দ্ৰীয় ৰাজ্যিক গৃহমন্ত্ৰী নিত্যানন্দ ৰায় ৷

নিত্যানন্দ ৰায় নিত্যানন্দ ৰায়
নিত্যানন্দ ৰায়
author img

By

Published : Oct 14, 2020, 11:45 AM IST

নেশ্যনেল ডেস্ক, 14 অক্টোবৰ: কেন্দ্ৰীয় ৰাজ্যিক গৃহমন্ত্ৰী নিত্যানন্দ ৰায়ে, "যদি ৰাষ্ট্ৰীয় জনতা দলে বিহাৰৰ বিধানসভা নিৰ্বাচনত জয়লাভ কৰে, তেন্তে কাশ্মীৰি সন্ত্ৰাসবাদীসকলে ৰাজ্যখনত শৰণ ল'ব" বুলি কৈ ব্যাপক বিতৰ্কৰ মাজত সোমাই পৰিছে ৷

ৰায়ে বৈশালীৰ মাহানাৰ নিৰ্বাচনী ক্ষেত্ৰত অনুষ্ঠিত এটা ৰেলীত অংশগ্ৰহণ কৰি এনেদৰে মন্তব্য কৰিছিল ৷ সোমবাৰে তেওঁ কৰা মন্তব্যতো 2015 চনত বিজেপিৰ এগৰাকী শীৰ্ষ নেতাই প্ৰদান কৰা এক মন্তব্যৰ প্ৰায় একেই আছিল ৷ বিজেপিৰ শীৰ্ষ নেতাগৰাকীয়ে কৈছিল, "যদি মহাজোঁটে নিৰ্বাচনত জয়ী হয় তেন্তে পাকিস্তানত ফটকা ফুটুৱা হ'ব ৷"

"এনডিএ চৰকাৰে কাশ্মীৰৰ পৰা সন্ত্ৰাসবাদী নিৰ্মূল কৰিছে কিন্তু যদি আৰ.জে.ডিয়ে এবাৰ ক্ষমতা লাভ কৰে তেন্তে বিহাৰত সন্ত্ৰাসবাদীয়ে আশ্ৰয় ল'ব বুলি মোৰ সন্দেহ আছে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে মোক এটা দায়িত্ব দিছে আৰু আমি বিহাৰত এনে হ'বলৈ অনুমতি প্ৰদান নকৰো ৷" বিহাৰৰ জ্যেষ্ঠ বিজেপি নেতা ৰায়ে এনেদৰে মন্তব্য কৰে ৷

লগতে পঢ়ক: লাডাখৰ সূচিলত ভাৰত-চীনৰ কামণ্ডাৰ পৰ্যায়ৰ সপ্তমলানি বৈঠক সম্পন্ন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.