ETV Bharat / bharat

জনপ্ৰিয় Cafe Coffee Dayৰ স্বত্বাধিকাৰীৰ আত্মহত্যা - V G Siddhartha missing

এখন দলঙৰ পৰা নিখোজ হ'ল কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ জোৱায়েক ভি জি সিদ্ধাৰ্থ । জনপ্ৰিয় ৰেষ্টুৰেন্ট কেফে কফি দে' ৰ স্বত্বাধিকাৰী আছিল নিৰূদ্দিষ্ট ভি জি সিদ্ধাৰ্থ ।‘মই এটা সঠিক ব্যৱসায় প্ৰকল্প বনোৱাত ব্যৰ্থ হ'লো । ’- পত্ৰত এইদৰে লিখি সন্ধানহীন প্ৰাক্তন মুখ্যমন্ত্ৰীৰ জোঁৱাই ৷ আত্মহত্যাৰ সন্দেহ আৰক্ষীৰ ।

বিভিন্ন বেংকত ৮,০৮২ কোটি টকাৰ ধাৰ ভি জি সিদ্ধাৰ্থৰ : উদ্ধাৰ হ'ল চি চি ডিৰ বৰ্ড অফ ডাইৰেক্টলৈ লিখা পত্ৰ
author img

By

Published : Jul 30, 2019, 11:08 AM IST

Updated : Jul 30, 2019, 3:03 PM IST

নেচনেল ডেক্স, ৩০ জুলাই : ঋণৰ বোজা পৰিশোধ কৰিব নোৱাৰি তীব্ৰ মানসিক চাপত পৰি অৱশেষত আত্মহত্যা কৰিবলৈ বাধ্য হ'ল বিজেপি নেতা তথা কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এছ এম কৃষ্ণৰ জোৱায়েক ভি জি সিদ্ধাৰ্থই ৷

সোমবাৰে নিশা ৯ বজাত বেংগালুৰুৰ উলালৰপৰা ব্যৱসায়ীজনে নিথাৰাভাথি নদীত জপিয়াই আত্মহত্যা কৰা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে । সিদ্ধাৰ্থৰ ড্ৰাইভাৰজনে আৰক্ষীৰ আগত দিয়া ভাষ্য অনুসৰি নিশা গাড়ীত আহি থাকোতে তেওঁ উলালো দলঙৰ সমীপত ড্ৰাইভাৰক গাড়ী ৰখাবলৈ নিৰ্দেশ দি গাড়ীৰ পৰা নামি কিছুদুৰ আগলৈ খোজকাঢ়ি গৈ নিৰূদ্দেশ হৈ পৰে । সিদ্ধাৰ্থৰ বাবে বহু সময় অপেক্ষা কৰি তেওঁ উভতি নহা দেখি ড্ৰাইভাৰজনে স্থানীয় আৰক্ষীক অৱগত কৰে । তাৰ পাচতেই মাংগালুৰুৰ'ৰ আৰক্ষীয়ে নিৰুদ্দিষ্ট সিদ্ধাৰ্থৰ সন্ধানত অভিযান আৰম্ভ কৰিছে । মংগলবাৰে ডুবাৰু বাহিনীয়ে ঘটনাস্থলীত অভিযান চলাব ।তদুপৰি উদ্ধাৰ অভিযানৰ বাবে স্থানীয় মাছমৰীয়াৰ সহায় লোৱা হৈছে বুলিও মাংগালুৰুৰ'ৰ আৰক্ষী বিষয়া সন্দীপ পাটিলে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে ৷ লগতে নিৰুদ্দেশ হোৱাৰ পূৰ্বে যি সকল লোকৰ সৈতে ব্যৱসায়ীজনে বাৰ্তালাপ কৰিছিল আৰক্ষীয়ে ইতিমধ্যে তেওঁলোকৰ ভাষ্য ইতিমধ্যে সংগ্ৰহ কৰিছে ৷ উল্লেখ্য যে, দেশৰ বিভিন্ন বেংকত ৮,০৮২ কোটি টকাৰ ধাৰ আছিল কেফে কফি দে'ৰ প্ৰতিষ্ঠাপক ভি জি সিদ্ধাৰ্থৰ । সৰ্বাধিক ৪,৪৭৫ কোটি টকাৰ ঋণ লৈছিল আই ডি বি আই বেংকৰ পৰা । ঋণৰ বোজা পৰিশোধ কৰিব নোৱাৰি তীব্ৰ মানসিক চাপত ভুগিছিল ব্যৱসায়ী গৰাকী । ইফালে নিখোজ ব্যৱসায়ীজনৰ সন্ধান অভিযানত কেন্দ্ৰীয় চৰকাৰৰ সহায় বিচাৰি কৰ্ণাটকৰ সাংসদ সকলে শেহতীয়াকৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে ।

কৰ্নাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ জোৱাই নিৰূদ্দেশ

অন্যহতে ভি জি সিদ্ধাৰ্থ সন্ধানহীন হোৱাৰ পিছতে পোহৰলৈ আহিছে এখন পত্ৰ। ভিজি সিদ্ধাৰ্থই লিখা বুলি দাবী কৰা এই পত্ৰখনত তেওঁ অশেষ কষ্টৰে ব্যৱসায় আগবঢ়াই নিয়াৰ পিছতো পৰ্যাপ্ত মুনাফা লাভাত বিফল হৈছিল আৰু সেইবাবেই হাতাশাত ভাগি পৰিছিল বুলি উল্লেখ কৰিছে।

etv bharat assam
ব্যৱসায়ী ভি জি সিদ্ধাৰ্থ নিৰূদ্দেশ কাণ্ড : উদ্ধাৰ হ'ল চি চি ডিৰ বৰ্ড অফ ডাইৰেক্টলৈ লিখা পত্ৰ

তেওঁ লিখিছে-

" মই এটা সঠিক ব্যৱসায় প্ৰকল্প বনোৱাত ব্যৰ্থ হ'লো । যি সকল লোকে মোৰ ওপৰত বিশ্বাস ৰাখিছিল তেওঁলোকক নিৰাশ কৰা বাবে মই দুঃখিত । আয়কৰ বিভাগৰ পৰা মানসিক চাপৰ সন্মুখীন হৈছিলো । কিন্তু কাৰোবাক প্ৰতাৰণা কৰা কাহানিও মোৰ উদ্দেশ্য নাছিল ।"

Intro:Body:

blank

Conclusion:
Last Updated : Jul 30, 2019, 3:03 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.