ETV Bharat / bharat

1 জুনৰ পৰা ভক্তৰ বাবে মুকলি হ'ব কৰ্ণাটকৰ মন্দিৰসমূহ - 1 জুনৰ পৰা ভক্তৰ বাবে মুকলি হ'ব কৰ্ণাটকৰ মন্দিৰসমূহ

মুখ্যমন্ত্ৰী বিএচ য়েদিয়াৰাপ্পাই নিজ ঘৰৰ কাৰ্যালয়ত মন্ত্ৰী কোটা শ্ৰীনিকাচা পুজাৰী আৰু অন্যান্য মন্ত্ৰী সকলৰ সৈতে আলোচনাত মিলিত হৈ এই সিদ্ধান্ত গ্ৰহণ কৰে । ইয়াৰ উপৰিও এই বৈঠকতে দৰ্শনাৰ্থীৰ বাবে অনলাইন বুকিং আৰু দৰ্শনৰ সময়ত সামাজিক দূৰত্ব মানি চলা বাধ্যতামূলক কৰা আদিৰ দৰে কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

Karnataka Becomes First to Re open the Hindu Temples From June 1st
1 জুনৰ পৰা ভক্তৰ বাবে মুকলি হ'ব কৰ্ণাটকৰ মন্দিৰসমূহ
author img

By

Published : May 26, 2020, 8:54 PM IST

নেশ্যনেল ডেক্স, 26 মেঃ 1 জুনৰ পৰা কৰ্ণাটকৰ মন্দিৰসমূহ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব । মন্দিৰ সমূহত পূজা আৰু আৰতি আৰম্ভ কৰাৰ বাবে কৰ্ণাটক চৰকাৰে ইতিমধ্যে অনুমতি প্ৰদান কৰিছে । কৰ'ণা ভাইৰাছৰ বাবে দেশজুৰি ঘোষণা কৰা লক ডাউনৰ পিছত ধৰ্মীয় অনুষ্ঠান খোলা দিয়া কৰ্ণাটকেই প্ৰথমখন ৰাজ্য ।

মঙলবাৰে মুখ্যমন্ত্ৰী বিএচ য়েদিয়াৰাপ্পাই নিজ ঘৰৰ কাৰ্যালয়ত মন্ত্ৰী কোটা শ্ৰীনিকাচা পুজাৰী আৰু অন্যান্য মন্ত্ৰী সকলৰ সৈতে আলোচনাত মিলিত হৈ এই সিদ্ধান্ত গ্ৰহণ কৰে । ইয়াৰ উপৰিও এই বৈঠকতে মন্দিৰসমূহত দৰ্শনাৰ্থীৰ বাবে অনলাইন বুকিং আৰু দৰ্শনৰ সময়ত সামাজিক দূৰত্ব মানি চলা বাধ্যতামূলক কৰা আদি কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

মন্ত্ৰী কোটা শ্ৰীনিকাচা পুজাৰীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে যে, ৰাজ্যখনৰ মুখ্যমন্ত্ৰী গৰাকীয়ে পৰ্যাপ্ত সাৱধানতা অৱলম্বন কৰি মন্দিৰ সমূহ খোলা দিয়াৰ সিদ্ধান্তত সন্মতি প্ৰকাশ কৰিছে । কিন্তু এই আলোচনাত গীৰ্জা আৰু মছজিদসমূহ খোলা দিয়া হ'ব নে নহয় এই বিষয়ে কোনো সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই ।

লগতে পঢ়ক- কোৱাৰেন্টাইন কেন্দ্ৰত নিয়ম উলংঘা কৰিলে বৃদ্ধি পাব কোৱাৰেন্টাইনৰ ম্যাদঃ হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.