নেশ্যনেল ডেস্ক, ৯ নৱেম্বৰ: ভূমি বেদখলকাৰীৰ বিৰুদ্ধে বাতৰি প্ৰচাৰ কৰি প্ৰাণ হেৰুৱাবলগীয়া হ'ল তামিলনাডুৰ এজন সাংবাদিকে। দেওবাৰে নিশা চেন্নাইৰ পৰা ৪০ কিল'মিটাৰ দূৰত্বত থকা চ'মংগলম নামৰ ঠাইত ৩ জনীয়া অচিনাক্ত দুৰ্বৃত্তৰ দলে নৃশংসভাৱে হত্যা কৰে ব্যক্তিগত টেলিভিছন চেনেলৰ সাংবাদিক জি মছেছক। ৬ মাহ পূৰ্বে সাংবাদিকগৰাকীয়ে তামিলনাডুৰ পণ্ডিয়ানল্লুৰ এটা হ্ৰদৰ সমীপৰ ভূমি বেদখলৰ বাতৰি প্ৰচাৰ কৰি বেদখলকাৰীৰ বিৰুদ্ধে আপত্তিজনক তথ্য উন্মোচন কৰিছিল।
মছেছক প্ৰথমে এই বাতৰি প্ৰচাৰৰ বাবে মৃত্যুৰ ভাবুকিও দিয়া হৈছিল আৰু পিতৃয়ে আৰক্ষী থানাত গোচৰো ৰুজু কৰিছিল। কিন্তু আৰক্ষীয়ে এই গোচৰৰ কোনো তদন্ত নকৰিলে। দেওবাৰে পিতৃৰ সৈতে ঘৰলৈ উভতাৰ পথত ৩ জনীয়া অচিনাক্ত দুৰ্বৃত্তৰ দলে সংবাদিকগৰাকীক আক্ৰমণ কৰে। চুৰিৰে উপৰ্যুপৰি হানি-খুচি হত্যা কৰে জি মছেছক। সাংবাদিকগৰাকীক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও মৃত্যুৰে হাৰ মানে।
বৰ্তমান চ'মংগলম আৰক্ষী থানাত গোচৰ ৰুজু কৰা হৈছে আৰক্ষীয়ে অনুসন্ধান ৰাখিছে। প্ৰাথমিক তদন্তৰ পিছত নল্লুৰৰ বিগনেশ এলি এপ্পু, আট্টাই ভেংকটেশ, মনোজ আৰু নৱমণি নামৰ ৪টা অভিযুক্তক হত্যাকাণ্ডৰে জড়িত থকাৰ সন্দেহত আটক কৰি আৰক্ষীয়ে জেৰা চলাইছে। সাংবাদিকগৰাকীৰ মৃত্যুৱে চেন্নাইৰ সংবাদ জগতত শোকৰ ছাঁ পেলোৱাৰ লগতে সাংবাদিকৰ সুৰক্ষাৰ অনিশ্চয়তাৰ বিষয়টোও পোহৰলৈ আনিছে।
লগতে পঢ়ক:দিপীকাৰ প্ৰাক্তন মেনেজাৰ কৰিশ্মা প্ৰকাশলৈ এনচিবিৰ চমন