নিউজ ডেস্ক,২৬ এপ্ৰিল : শুকুৰবাৰে নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিবলৈ গৈ উভতিব লগা হ'ল কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধী । বিহাৰৰ সমষ্টিপুৰত অনুষ্ঠিত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰাৰ কথা আছিল কংগ্ৰেছৰ অধ্যক্ষগৰাকী । কিন্তু যাত্ৰা কৰা বিমানখনৰ ইঞ্জিন বিকল হৈ পৰাত দিল্লীলৈ উভতিব লগা হয় গান্ধী । আনহাতে, বিহাৰৰ সমষ্টিপুৰৰ নিৰ্বাচনী সভাৰ পাছতেই ওড়িশাৰ বালাশূৰ আৰু মহাৰাষ্ট্ৰৰ সংগমনেৰত অনুষ্ঠিত নিৰ্বাচনী সভাতো অংশগ্ৰহণ কৰাৰ কথা আছিল গান্ধীৰ । বিমানৰ অসুবিধাৰ বাবে নিৰ্বাচনী প্ৰচাৰ সভাসমূহত পলমকৈ উপস্থিত হ'ব বুলি টুইটযোগে জনায় ৰাহুল গান্ধীয়ে।
নিৰ্বাচনী সভাত অংশগ্ৰহণ নকৰাকৈ উভতিব লগা হ'ল কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধী - ওড়িশাৰ বালাশূৰ
বিমানৰ ইঞ্জিন বিকল হৈ পৰাত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিবলৈ গৈ আদবাটৰ পৰা উভতিব লগা হয় কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধী ৷