ETV Bharat / bharat

শ্ৰীনগৰত NIAৰ অভিযানক লৈ অসন্তুষ্ট মেহবুবা মুফটি - ভূমি আইন

NIA-ৰ বিষয়া পুৱা নগৰখনৰ চাৰিটা স্থানত অভিযানত অভিযানত চলায় ৷ প্ৰতাপ পাৰ্কস্থিত গ্ৰেটাৰ কাশ্মীৰৰ কাৰ্যালয়, চন’ৱাৰত থকা মানৱ অধিকাৰ কৰ্মী খুৰাম পাৰভেজৰ বাসগৃহ, নেহৰু পাৰ্কৰ সমীপত অৱস্থিত মহম্মদ আমিন ডাংগোলাৰ হাউচ আৰু আৰ্থোট নামৰ বেচৰকাৰী সংস্থাটোৰ কাৰ্যালয়ত অভিযান চলায় NIAয়ে ৷

JK: NIA conducts fresh raids in Srinagar
NIAৰ অভিযান
author img

By

Published : Oct 28, 2020, 4:10 PM IST

নেশ্যনেল ডেস্ক, 28 অক্টোবৰ : কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে জম্মু-কাশ্মীৰ আৰু লাডাখ কেন্দ্ৰীয় শাসিত অঞ্চলত ভূমি আইন প্ৰৱৰ্তন কৰাৰ এদিন পাচতে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা চমুকৈ NIAয়ে বুধবাৰে শ্ৰীনগৰত বহুকেইটা আগশাৰীৰ কাৰ্যালয়ত অভিযান চলায় ৷ এই কাৰ্যালয় সমূহৰ ভিতৰত আছে কাশ্মীৰৰ আগশাৰীৰ ইংৰাজী দৈনিক কাকত গ্ৰেটাৰ কাশ্মীৰৰ মুখ্য কাৰ্যালয়, আন্তৰ্জাতিক ক্ষেত্ৰত পৰিচিতি লাভ কৰা মানৱ অধিকাৰ কৰ্মী খুৰাম পাৰ্ভেজৰ বাসগৃহ আৰু জনকল্যাণ সংস্থা আৰ্থোটৰ কাৰ্যালয় ৷

বিশেষ সূত্ৰই জনোৱা মতে, NIA-ৰ বিষয়া পুৱা নগৰখনৰ চাৰিটা স্থানত অভিযানত অভিযানত চলায় ৷ প্ৰতাপ পাৰ্কস্থিত গ্ৰেটাৰ কাশ্মীৰৰ কাৰ্যালয়, চন’ৱাৰত থকা মানৱ অধিকাৰ কৰ্মী খুৰাম পাৰভেজৰ বাসগৃহ, নেহৰু পাৰ্কৰ সমীপত অৱস্থিত মহম্মদ আমিন ডাংগোলাৰ হাউচ আৰু আৰ্থোট নামৰ বেচৰকাৰী সংস্থাটোৰ কাৰ্যালয়ত অভিযান চলায় NIAয়ে ৷

অৱশ্যে NIAয়ে প্ৰকাশ কৰা অনুসৰি, এই অভিযান চলোৱা হৈছিল এটা বিশেষ গোচৰৰ আধাৰত ৷ কেইটামান বেচৰকাৰী সংস্থা আৰু ন্যাসে ভাৰত আৰু বিদেশত চেৰিটিৰ নামত অৰ্থ সংগ্ৰহ কৰে আৰু সেই ধন জম্মু-কাশ্মীৰৰ বিচিন্নতাবাদী সংগঠনৰ বাবে যোগান ধৰে বুলি এক গোচৰ চলি আছে ৷

  • NIA raids on human rights activist Khurram Parvez & Greater Kashmir office in Srinagar is yet another example of GOIs vicious crackdown on freedom of expression & dissent. Sadly, NIA has become BJPs pet agency to intimidate & browbeat those who refuse to fall in line

    — Mehbooba Mufti (@MehboobaMufti) October 28, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

পিপলচ্ ডেমক্ৰেটিক পাৰ্টীৰ মুৰব্বী মেহবুবা মুফটিয়ে কয় যে, NIA বৰ্তমান বিজেপিৰ দ্বাৰা পালিত সংস্থা ৷ যি একেশাৰীত ঠিয় হ’ব নোখোজা সকলক ভয় দেখুৱাই ৷ NIAয়ে মানৱ অধিকাৰ কৰ্মী খুৰাম পাৰভেজ আৰু গ্ৰেটাৰ কাশ্মীৰৰ কাৰ্যালয়ত অভিযান চলোৱা কাৰ্যই ভাৰতৰ ৰাষ্ট্ৰযন্ত্ৰই বাক স্বাধীনতা খৰ্ব কৰাৰ আন এক উদাহৰণ দাঙি ধৰিছে বুলি টুইটাৰ যোগে খেদ প্ৰকাশ কৰিছে মুফটিয়ে ৷

লগতে পঢ়ক : ৰংজুলিত সংঘটিত ধৰ্ষণ কাণ্ডৰ অভিযুক্তক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.