ETV Bharat / bharat

ঝাৰখণ্ডত হ’ব এন আৰ চিঃ মুখ্যমন্ত্ৰী ৰঘুবৰ দাস - এন আৰ চি

বাংলাদেশী বিতাৰণৰ বাবে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী ৰঘুবৰ দাসৰ ঘোষণাঃ ঝাৰখণ্ডত হ’ব এন আৰ চি

ঝাৰখণ্ডত হ’ব এন আৰ চিঃ মুখ্যমন্ত্ৰী ৰঘুবৰ দাস
author img

By

Published : Sep 11, 2019, 4:03 PM IST

নেশ্যনেল ডেস্ক, 11 চেপ্তেম্বৰঃ ঝাৰখণ্ডতো হ’ব এন আৰ চি ৷ অসমৰ দৰেই বাংলাদেশী বিতাৰণৰ বাবে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী ৰঘুবৰ দাসৰ এই ঘোষণা ৷ মঙলবাৰে এক সংবাদমেলত এই কথা ঘোষণা কৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ তেওঁ সংবাদমেলখলত কয় যে অবৈধ বাংলাদেশীয়ে দেশৰ আৰু ৰাজ্যখনৰ ভাৰতীয় মূলৰ মুছলমান লোকসকলক তেওঁলোকৰ অধিকাৰসমূহৰ পৰা বঞ্চিত কৰিছে ৷ তেওঁ লগতে জানিবলৈ দিয়ে যে তেওঁ ইতিমধ্যে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ সৈতে অবৈধ অনুপ্ৰবেশকাৰী সকলৰ কথা অৱগত কৰিছে আৰু ৰাজ্যখনত থকা প্ৰতিজন বাংলাদেশী নাগৰীকক চিনাক্ত কৰি বিতাৰিত কৰাৰ বিষয়ে অৱগত কৰিছে ৷

ঝাৰখণ্ডত হ’ব এন আৰ চিঃ মুখ্যমন্ত্ৰী ৰঘুবৰ দাস
ঝাৰখণ্ডত ইতিমধ্যে গ্ৰুপ্চ প’পুলাৰ ফ্ৰণ্ট অ’ৱ ইণ্ডিয়া (PFI) আৰু জে মে বি (JMB)ৰ সক্ৰিয়তাৰ কথা প্ৰশাসনে জানিব পাৰিছে ৷ ঝাৰখণ্ড চৰকাৰে ইতিমধ্যে এই বৰ্ষৰ ফেব্ৰুৱাৰী মাহত নিষিদ্ধ ঘোষণা কৰিছে গ্ৰুপ্চ প’পুলাৰ ফ্ৰণ্ট অ’ব ইণ্ডিয়াক ৷এই গোট সমূহত অবৈধ বাংলাদেশী নাগৰিকক নিয়োগ কৰা হৈছে আৰু এই লোকসকল জাল নোট প্ৰস্তুত কৰা কামত জড়িত হৈ আছে ৷ ৰাজ্যখনৰ পাকুদ,চাহিবগঞ্জ আৰু যামাতাৰ জিলাত এই লোকসকলে থিতাপি লৈ আছে ৷ ৰাজ্যখনৰ আৰক্ষী আৰু প্ৰশাসনে এই লোকসকল আৰু এই জিলা কেইখনৰ ওপৰত চোকা দৃষ্টি নিবদ্ধ কৰি ৰাখিছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.