ETV Bharat / bharat

ক'ভিডত নহয় বজ্ৰপাতত ঝাৰখণ্ডত বিগত 24 ঘণ্টাত নিহত 12 জন - ব্ৰজপাতত বিহাৰ উত্তৰ প্ৰদেশত মৃত্যুৰ কিৰিলি

ঝাৰখণ্ডত শোকাৱহ ঘটনা । ঝাৰখণ্ডত বৰষুণ-বজ্ৰপাতত অনাকাংক্ষিত পৰিৱেশ । বিগত 24 ঘণ্টাত 12 জন লোকৰ মৃত্য়ু হোৱাৰ বিপৰীতে আহত হৈছে 11 জনকৈ লোক ।

Jharkhand: Rains leave 12 dead, 11 injured in 24 hours

author img

By

Published : Jul 10, 2020, 1:11 PM IST

ঝাৰখণ্ড, 10 জুলাই : দেশত অব্যাহত আছে বজ্ৰপাতৰ তাণ্ডৱলীলা । উত্তৰ প্ৰদেশ, বিহাৰৰ পাচতেই এইবাৰ ঝাৰখণ্ডত বজ্ৰপাত পৰি মৃত্যু হৈছে 12 জনকৈ লোকৰ । আনহাতে আহত হৈছে প্ৰায় 11 জনকৈ লোক । বিগত 24 ঘণ্টাত ৰাজ্যখনৰ বিভিন্ন স্থানৰ পৰা আহিছে এই তথ্য ।

ঝাৰখণ্ডত বিগত 24 ঘণ্টাত নিহত 12 জন
ঝাৰখণ্ডত বিগত 24 ঘণ্টাত নিহত 12 জন

গিৰিধিহ অঞ্চলৰ বাৰ্ণি আৰু আৰাৰাত এগৰাকী মহিলাসহ তিনিগৰাকী লোকৰ মৃত্য়ু হোৱা খবৰ আহি পৰিছে । মৃত মহিলাগৰাকী ললিতা দেৱী বুলি চিনাক্ত কৰা হৈছে । আনহাতে কাৰ্ণাপুৰা পঞ্চায়তৰ ভজদাহাত এগৰাকী কিশোৰী আৰু খেতিয়ক আঘাতপ্ৰাপ্ত হৈছে । বাজনাথ বাৰ্মা নামৰ এজন লোকে সম্প্ৰতি চিকিৎসাধীন হৈ আছে । আনহাতে গড্ডাছ কুছুমঘাটীতো দুগৰাকী মহিলাই অকাল মৃত্য়ুক সাৱতিবলগীয়া হৈছে । লগতে বহু পশুধনৰো প্ৰাণ গৈছে ।

ইয়াৰ পূৰ্বে 26 জুনত পালামু জিলাত বজ্ৰপাতত চাৰিগৰাকী লোক মৃত্য়ু হোৱাৰ লগতে 6 গৰাকীকৈ লোক আঘাত প্ৰাপ্ত হৈছিল ।

আনহাতে শেহতীয়াকৈ বিহাৰৰ বিভিন্ন জিলাত বজ্ৰপাত পৰি 84 গৰাকী লোকৰ মৃত্য়ু হৈছিল । সমান্তৰালকৈ উত্তৰ প্ৰদেশতো বজ্ৰপাতত প্ৰাণ হেৰুৱালগীয়া হৈছে বহু লোকে । 6 জুলাইৰ এক তথ্য মতে বিগত 10 টা দিনত বিহাৰত প্ৰায় 147 গৰাকী লোকৰ প্ৰাণ গৈছে বজ্ৰপাতত ।

লগতে চাওকঃ ড্ৰাগছৰ বিৰুদ্ধে পাথাৰকান্দিত কংগ্ৰেছসহ ছাত্ৰ সংগঠনৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.