নিউজ ডেস্ক, ৮ ফেব্ৰুৱাৰী: দিল্লীৰ বায়ু প্ৰদূষণ সন্দৰ্ভত কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰী প্ৰকাশ জাভেদকাৰে মন্তব্য প্ৰকাশ কৰে । হাৰিয়ানা আৰু পঞ্জাৱৰ খেতিপথাৰত জুই লগাৰ ফলত বিগত ছেপ্তেম্বৰ-নৱেম্বৰ মাহলৈ ৰাজধানী দিল্লীত অধিক পৰিৱেশ প্ৰদূষিত হয় । বিগত বৰ্ষত ইয়াৰ পৰিমাণ পঞ্জাৱত ৭৫ শতাংশ আৰু হাৰিয়ানাত ২৫ শতাংশ বৃদ্ধি পাইছে বুলি কয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।
খেতিপথাৰত এইদৰে জুই লগোৱাৰ ফলত কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহক ৪০,০০০ যন্ত্ৰ প্ৰদান কৰাৰ বাবে বৃহৎ পৰিমাণৰ ধন ব্যয় কৰিছে ৷ কিন্তু ইয়াৰ ব্যৱহাৰ নিচেই কম ৷ যাৰ ফলত দিল্লীত বায়ু প্ৰদূষণৰ মাত্ৰা অধিক হাৰত বৃদ্ধি পাইছে । সোমবাৰে দিল্লী, লনি আৰু গাজিয়াবাদত বায়ুৰ গুণগত সূচাংক ক্ৰমে ৪৫৬ আৰু ৩৯৩ হোৱা বুলি জানিব পৰা গৈছে । এই মাত্ৰা অনাগত সময়ৰ বাবে বিপদৰ আগজাননী বুলি কয় মন্ত্ৰীগৰাকীয়ে ।
লগতে পঢ়ক: ভাৰতীয় বায়ু সেনাত অন্তৰ্ভুক্ত হোৱাৰ দিশে ৰাফেল যুঁজাৰু বিমান