ETV Bharat / bharat

অন্ধ্ৰপ্ৰদেশৰ প্লাষ্টিকমুক্ত আধ্যাত্মিক চহৰ তিৰুপতি - তিৰুমালা-তিৰুপতি দেৱস্থানম

প্লাষ্টিকৰ ভয়াৱহতাৰ পৰা নিজৰ চহৰখনক ৰক্ষা কৰিবলৈ অন্ধ্ৰপ্ৰদেশৰ আধ্যাত্মিক চহৰ তিৰুপতিত, ইয়াৰ ভয়াৱহতাৰ বিৰুদ্ধে যুঁজ দিবলৈ সাহস বান্ধিছে ৷ যাৰ ফলত চহৰখনত উল্লেখনীয়ভাৱে হ্ৰাস পাইছে প্লাষ্টিকৰ ব্যৱহাৰ ৷

আধ্যাত্মিক চহৰ তিৰুপতি
আধ্যাত্মিক চহৰ তিৰুপতি
author img

By

Published : Jan 19, 2020, 1:55 PM IST

নিউজ ডেস্ক, 19 জানুৱাৰীঃ গান্ধীয়ে যিখন দেশৰ সপোন দেখিছিল, তাত ভগৱানৰ পিছতেই আহে স্বচ্ছতা ৷ বাপুজীৰ লক্ষ্য আছিল এনে এখন সমাজ গঢ়া, য'ত প্ৰকৃতিৰ বিকাশ হ'ব ৷ এনে আদৰ্শক বাধা প্ৰদান কৰিব পৰা উপাদান প্লাষ্টিকৰ বাহিৰে অইন একো নাই ৷

অন্ধ্ৰপ্ৰদেশৰ আধ্যাত্মিক চহৰ তিৰুপতিত প্লাষ্টিকৰ এই ভয়াৱহতাৰ বিৰুদ্ধে যুঁজ দিবলৈ সাহস বান্ধিছে ৷ যাৰ ফলত বৰ্তমান চহৰখনত প্লাষ্টিকৰ ব্যৱহাৰ উল্লেখনীয়ভাৱে হ্ৰাস পাইছে ৷

3.5 লাখ স্থানীয় নিবাসীৰ ওপৰিও প্ৰতিদিনে লক্ষাধিক ভক্তৰ সমাগম হয় তিৰুপতি দৰ্শনৰ বাবে ৷ প্ৰতিদিনে হাজাৰ হাজাৰ একক ব্যৱহৃত প্লাষ্টিকৰ সামগ্ৰী পেলোৱাৰ বাবে দিনক দিনে চহৰখন প্ৰদূষণৰ কবলত পৰিছিল ৷

অন্ধ্ৰপ্ৰদেশৰ প্লাষ্টিকমুক্ত আধ্যাত্মিক চহৰ তিৰুপতি

2018 চনৰ 2 অক্টোবৰত পৌৰ নিগমে চহৰখনত প্লাষ্টিকৰ বেগ নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ প্লাষ্টিকৰ বিপদ সম্পৰ্কে সচেতনতা প্ৰদানৰ অৰ্থে বিদ্যালয়, মহাবিদ্যালয় আৰু কাৰ্যালয় সমূহত ৰেলী, ঘুৰণীয়া মেজ মেল আদিৰ লগতে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰিছে ৷

এই অনুষ্ঠানক 'প্লাষ্টিক বহিস্কৰণ জয়ভেৰি' নামাকৰণ কৰা হৈছিল আৰু ই এক আমূল পৰিৱৰ্তনো আনিছে ৷ বিগত বৰ্ষৰ অক্টোবৰ মাহত লোকসকলে নিজৰ ঘৰৰ পৰা প্লাষ্টিকৰ বেগ সমূহ আনি পৌৰ নিগমৰ পুনৰ নৱীকৰণ বিভাগক জমা দিয়ে ৷

প্লাষ্টিকত প্ৰতিবন্ধকতা লগাৰ পিচত তাৰ এক বিকল্প বাৰুকৈয়ে প্ৰয়োজন আছিল ৷ পৌৰ নিগমে এই প্ৰত্যাহ্বান কোনো ধৰণৰ আৰ্থিক সাহাৰ্য প্ৰদান নকৰাকৈ এটা মহিলা গোটক অৰ্পন কৰে ৷ ফলশ্ৰুতিত কাগজ, কাপোৰ আৰু ফাইবাৰেৰে বেগ নিৰ্মাণ কৰা হৈছিল ৷ অধিকাংশ মহিলাই এই কামৰ জৰিয়তে ভাল আয় অৰ্জন কৰিছিল ৷

এই বেগসমূহ 'তিৰুমালা-তিৰুপতি দেৱস্থানম'ৰ প্ৰসাদ কাউন্টাৰত বিক্ৰী কৰা হয় ৷ বৰ্তমান দুটা মন্দিৰ কাউন্টাৰে ভক্তসকলক এই বিশেষ বেগ প্ৰদান কৰে ৷

তিৰুপতিয়ে এক বিশাল উদ্যোগৰ জৰিয়তে অভাৱগ্ৰস্ত সকলক কৰ্ম সংস্থাপন প্ৰদান কৰাৰ বাবে দেশৰ ভিন্ন প্ৰান্তৰ পৰা প্ৰসংশা বুটলিবলৈ সক্ষম হৈছে ৷

লগতে পঢ়কঃ ভাৰতৰ প্লাষ্টিক মুক্ত অভিযান আৰু ঝাড়খণ্ডৰ দুখন গাঁও

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.