নিউজ ডেস্ক, 25 আগষ্টঃ অনুচ্ছেদ 370 প্ৰত্যাহাৰ আৰু জম্মু-কাশ্মীৰৰ পৰা বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰত্যাহাৰৰ পিচতে দেওবাৰে জম্মু-কাশ্মীৰৰ সংসদত উৰি থকা পৰিলক্ষিত হয় ভাৰতীয় জাতীয় পতাকা ৷ বিশেষ ৰাজ্যৰ মৰ্যাদা গুচাই দিয়াৰ পিচতে দেওবাৰে গুচাই দিয়া হয় জম্মু-কাশ্মীৰৰ নিজা পতাকাখন ৷
জম্মু-কাশ্মীৰৰ অসামৰিক সচিবালয়ৰ পৰা গুচাই দিয়া হয় নিজা পতাকাখন ৷ তাৰ ঠাইত সগৌৰৱেৰে উৰি থকা পৰিলক্ষিত হয় ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা ৷ উল্লেখ্য যে বিগত সপ্তাহলৈকে অসামৰিক সচিবালয়ত ভাৰতীয় জাতীয় পতাকাৰ সৈতে একেলগে উৰি আছিল জম্মু-কাশ্মীৰৰ নিজা পতাকা ৷ শেহতীয়া তথ্য অনুসৰি, জম্মু-কাশ্মীৰৰ সকলো চৰকাৰী অট্টালিকাৰ পৰাই স্থানীয় পতাকাখন গুচাই দিয়া হ'ব ৷ তাৰ ঠাইত স্থান দিয়া হ'ব ভাৰতীয় জাতীয় পতাকাক ৷