ETV Bharat / bharat

সেনাৰ সৈতে সংঘৰ্ষত নিহত তিনি সন্ত্ৰাসবাদী - ভাৰতত অনুপ্ৰৱেশ কৰিব বিছৰা তিনিগৰাকী সন্ত্ৰাসবাদী

জম্মু কাশ্মীৰৰ নিয়ন্ত্ৰণ সীমা ৰেখা (LoC )ত হোৱা সংঘৰ্ষত ভাৰতত অনুপ্ৰৱেশ কৰিব বিছৰা তিনিগৰাকী সন্ত্ৰাসবাদী নিহত হয় । জম্মু কাশ্মীৰৰ ৰাজাউৰি জিলাৰ নিয়ন্ত্ৰণ ৰেখাত এই সংঘৰ্ষৰ সূত্ৰপাচ হয় ।

সেনাৰ সৈতে সংঘৰ্ষত নিহত তিনি সন্ত্ৰাসবাদী

author img

By

Published : Jun 1, 2020, 4:21 PM IST

নিউজ ডেস্ক, 1 জুনঃ জম্মু কাশ্মীৰৰ ৰাজাউৰি জিলাৰ নিয়ন্ত্ৰণ ৰেখা (LoC)ত ভাৰতীয় সেনাৰে হোৱা এক সংঘৰ্ষত নিহত হয় তিনিটাকৈ সন্ত্ৰাসবাদী । সন্ত্ৰাসবাদী কেইজনে সীমা ৰেখা অতিক্ৰম কৰি ভাৰতত প্ৰৱেশ কৰিবলৈ লওতেই এই সংঘৰ্ষৰ সূত্ৰপাত হয়। ৰাজাউৰি জিলাৰ নৌচেৰা চেক্টৰত সোমবাৰে সংঘটিত হোৱা সংঘৰ্ষটোত নিহত সন্ত্ৰাসবাদী কেইজন কোন সংগঠনৰ সেইটো চিনাক্ত কৰিব পৰা হোৱা নাই । ইটিভি ভাৰতৰ সৈতে হোৱা বাৰ্তালাপত এই কথা প্ৰকাশ কৰে ভাৰতীয় সেনাৰ এগৰাকী জ্যেষ্ঠ বিষয়াই ।

বিষয়া গৰাকীয়ে কয় যে, LoCত সোমাবাৰে ভাৰতীয় সেনাই অস্ত্ৰ-শস্ত্ৰৰে সু-সজ্জ্বিত এটা গোটে গোপনে গোপনে ভাৰতীয় সীমান্তত প্ৰৱেশৰ চেষ্টা কৰাৰ দৃশ্য প্ৰত্যক্ষ কৰে। তেনেতে ভাৰতীয় সেনাৰ ফালৰ পৰা এই চেষ্টাক বাধা দিয়া হয় আৰু তেতিয়াই এই সংঘৰ্ষৰ সৃষ্টি হয়। সূত্ৰত প্ৰকাশিত তথ্য় মতে,সন্ত্ৰাসবাদীসকল পাকিস্তানত প্ৰশিক্ষণ প্ৰাপ্ত আৰু বহু পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰৰে সু-সজ্জিত আছিল ।

এই সংঘৰ্ষই আন আন সীমান্তত থকা ভাৰতীয় সেনাক আৰু অধিক সচেতন কৰা বুলি বিষয়া গৰাকীয়ে উল্লেখ কৰে । ভাৰতীয় চোৰাংচোৱা মতে পাকিস্তানৰ পৰা অধিক সংখ্যক সন্ত্ৰাসবাদীক ভাৰতলৈ প্ৰেৰণ কৰাৰ বাবে বিগত কেইবামাহত অধিক চেষ্টা চলাই আছে । পাক অধিকৃত কাশ্মীৰত থকা 15 খন লান্স পেড সন্ত্ৰাসবাদীৰে ভৰ্তি হৈ থকা বুলি জ্যেষ্ঠ সেনা বিষয়া গৰাকীয়ে প্ৰকাশ কৰে।

লগতে চাওকঃ টি-২০ ক্ৰিকেট বিশ্বকাপঃ ভাৰতীয় দলৰ অনুশীলন সন্দৰ্ভত মুখ খুলিলে জশপ্ৰীত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.