ETV Bharat / bharat

গণমাধ্যমৰ ওপৰত কঠোৰ সিদ্ধান্ত গ্ৰহণৰ বাবে উচ্চতম ন্যায়ালয়ক আবেদন জমিয়ত-উলেমা-এ-হিন্দৰ

দিল্লীৰ নিজামুদ্দিনত সংঘটিত এই দুৰ্ভাগ্যজনক ঘটনাৰ বাবে সম্পূৰ্ণ মুছলীম সম্প্ৰদায়টোক অপবাদ দিয়াৰ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন কৰি জমিয়ত-উলেমা-এ-হিন্দ আৰু ধৰ্মীয় সংস্থাটোৰ অধিবক্তাই উচ্চতম ন্যায়ালয়ক আবেদন দাখিল কৰি এই সন্দৰ্ভত বিচাৰ কৰিবলৈ আহ্বান জনাই ৷

উচ্চতম ন্যায়ালয়ক আবেদন জমিয়ত-উলেমা-এ-হিন্দৰ
উচ্চতম ন্যায়ালয়ক আবেদন জমিয়ত-উউচ্চতম ন্যায়ালয়ক আবেদন জমিয়ত-উলেমা-এ-হিন্দৰলেমা-এ-হিন্দৰ
author img

By

Published : Apr 7, 2020, 1:01 PM IST

নিউজ ডেস্ক, 7 এপ্ৰিলঃ "গণ মাধ্যমৰ এটা অংশই বিগত মাহ ধৰি দিল্লীৰ তবলীগি জমাতৰ সমাবেশক কেন্দ্ৰ কৰি সাম্প্ৰদায়িক ঘৃণাৰ বীজ সিঁচিছে" এই অভিযোগ উত্থাপন কৰি জমিয়ত-উলেমা-এ-হিন্দে গণমাধ্যমক নাকী লগাবলৈ বৰ্তমান কাষ চাপিছে উচ্চতম ন্যায়ালয়ৰ ৷ তবলীগি জমাতক লৈ অপপ্ৰচাৰ চলোৱা বন্ধ কৰাৰ লগতে এই ক্ষেত্ৰত জৰিতসকলৰ ওপৰত কঠোৰ পদক্ষেপ ল'বলৈ উচ্চতম ন্যায়ালয়ক কেন্দ্ৰই নিৰ্দেশ প্ৰদান কৰিবলৈ আহ্বান জনাই জমিয়ত-উলেমা-এ-হিন্দে ৷

দিল্লীৰ নিজামুদ্দিনত সংঘটিত এই দুৰ্ভাগ্যজনক ঘটনাৰ বাবে সম্পূৰ্ণ মুছলীম সম্প্ৰদায়টোক অপবাদ দিয়াৰ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন কৰি জমিয়ত-উলেমা-এ-হিন্দ আৰু ধৰ্মীয় সংস্থাটোৰ অধিবক্তাই উচ্চতম ন্যায়ালয়ক আবেদন দাখিল কৰি এই সন্দৰ্ভত বিচাৰ কৰিবলৈ আহ্বান জনাইছে ৷ সংস্থাটোৱে এই ক্ষেত্ৰত বিগত দিনত গুজৰাটৰ বাতৰি কাকত এখনত প্ৰচাৰ হোৱা এটা সাম্প্ৰদায়িক ঘটনাৰ উদাহৰণ দিয়ে ৷ কাকতখনত প্ৰকাশ পাইছিল যে, গুজৰাটৰ মুছলমান হ'কাৰ আৰু মুছলমান ফেৰিৱালাক বহিষ্কাৰ কৰিব লাগে, বস্তু বিক্ৰিৰ চলেৰে মুছলমান খিনিয়ে COVID 19 বিয়পোৱাৰ মিছনত আছে ৷ এই ঘটনাৰ উমান পায় আহমেদাবাদ আৰক্ষীয়ে ৰাজ্যখনত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহ'বলৈ সকলো আৰক্ষী থানাক নিৰ্দেশ দিয়ে ৷

সেয়ে জমিয়ত-উলেমা-এ-হিন্দে শীঘ্ৰেই প্ৰিন্ট আৰু ইলেকট্ৰনিক মিডিয়াৰ ওপৰত উক্ত বাতৰি প্ৰচাৰত বাধা আৰোপ কৰিবলৈ আহ্বান জনাই ৷ উল্লেখ্য যে, গণমাধ্যমে নিজামুদ্দিন সন্দৰ্ভত ইতিমধ্যে প্ৰচাৰ কৰা বাতৰিসমূহৰ ফ'টো, বাতৰিকাকত আৰু হেডলাইনসমূহো নিজ আবেদনখনৰ স'তে সংলগ্ন কৰি দিয়ে সংস্থাটোৱে ৷

বৰ্তমানলৈ নিজামুদ্দিনত অংশগ্ৰহণ কৰা লোকসমূহৰ ভিতৰত 100 তকৈ অধিক লোক COVID 19 ত আক্ৰান্ত ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.