নিউজ ডেস্ক, 31 আগষ্টঃ জম্মু-কাশ্মীৰক কেন্দ্ৰীয় শাসিত অঞ্চল ঘোষণা কৰাৰ পিচতে পৃথক ৰাজ্যৰ দাবীত সৰৱ হৈ পৰিছে নেশ্বনেল ফেডাৰেশ্বন ফৰ নিউ ষ্টেটছ নামৰ সৰ্বভাৰতীয় সংগঠনটো ৷ জম্মু-কাশ্মীৰৰ ওপৰত কেন্দ্ৰই গ্ৰহণ কৰা সিদ্ধান্তই দেশত চলি থকা পৃথক ৰাজ্যৰ দাবী আন্দোলনক অধিক শক্তিশালী কৰিব ৷ দেশৰ থলুৱা জনগোষ্ঠীসমূহৰ লগতে অন্যান্য প্ৰান্তত নিজা নিজা ভৌগলিক ক্ষেত্ৰভিত্তিক সাংবিধানিক অধিকাৰ প্ৰদান কৰাৰ দাবী দীৰ্ঘদিনীয়া ৷ কেন্দ্ৰীয় চৰকাৰক এই বিষয়ত অধিক গুৰুত্ব প্ৰদান কৰিবলৈ দাবী জনাই দেশৰ অন্যান্য প্ৰান্তত চলি থকা পৃথক ৰাজ্যৰ আন্দোলনক জম্মু-কাশ্মীৰৰ দৰেই গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনাইছে সংগঠনটোৰ সদস্য ৰাকেশ বড়োৱে ৷
পৃথক ৰাজ্যৰ দাবীৰে বড়োলেণ্ড, গোৰ্খালেণ্ড, বিদৰ্ভ, টিপ্ৰালেণ্ড, কুকি ৰাজ্য, বুন্দেলখণ্ড, পূৰ্বাঞ্চল আৰু কাৰ্বি আংলং স্বায়ত্বশাসিত ৰাজ্যৰ দাবীৰে গঠন কৰা হৈছিল নেশ্বনেল ফেডাৰেশ্বন ফৰ নিউ ষ্টেটছ নামৰ সৰ্বভাৰতীয় সংগঠনটো ৷ পৃথক বড়োলেণ্ডৰ দাবীৰে অসমৰ বড়োসকলৰ সাংবিধানিক অধিকাৰ তথা সাংস্কৃতিক অধিকাৰ ৰক্ষাৰ আন্দোলন দীৰ্ঘদিনীয়া ৷ পৃথক বড়োলেণ্ডৰ দাবীৰে বড়োসকলেও নিজৰ সাংবিধানিক অধিকাৰ ৰক্ষাৰ দাবীত এই সংগঠনৰ সৈতে জড়িত হৈ পৰে ৷
শেহতীয়াকৈ নতুন দিল্লীত চলি থকা সংগঠনটোৰ এখন সভাত ইটিভি ভাৰতৰ সৈতে বিশেষ বাৰ্তালাপৰ সময়তে বড়োসকলৰ হৈ সংগঠনটোৰ সদস্য ৰাকেশ বড়োৱে কেন্দ্ৰীয় চৰকাৰক তেওঁলোকৰ আন্দোলনক গুৰুত্ব প্ৰদান কৰিবলৈ অনুৰোধ জনায় ৷ কেন্দ্ৰই যিদৰে জম্মু-কাশ্মীৰক কেন্দ্ৰীয় শাসিত অঞ্চল ঘোষণা কৰিলে ঠিক একেদৰেই দেশৰ বিভিন্ন প্ৰান্তত চলি থকা পৃথক ৰাজ্যৰ দাবী আন্দোলনসমূহক গুৰুত্ব দিব লাগে ৷ নিৰ্বাচনৰ পূৰ্বেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পৃথক ৰাজ্যৰ সন্দৰ্ভত আমাক আশ্বাস প্ৰদান কৰিছিল ৷ দ্বিতীয়বাৰলৈ নিৰকুংশ সংখ্যাগৰিষ্ঠতা লৈ চৰকাৰ গঠন কৰা মোডী চৰকাৰে এইবাৰ বিষয়টো গুৰুত্বসহকাৰে গ্ৰহণ কৰিব বুলি আমি আশা কৰো ৷ উল্লেখ্য যে, নতুন দিল্লীত সংগঠনটোৰ সভাৰ পিচতে এটা প্ৰতিনিধিৰ দলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰিব ৷