ETV Bharat / bharat

জম্মু-কাশ্মীৰত COVID-১৯ ৰ সংক্ৰমণৰ মূল্যায়নৰ বাবে দুদিনলৈ বৃদ্ধি তৃতীয় পৰ্যায়ৰ লক্ ডাউন

দেওবাৰে জম্মু-কাশ্মীৰৰ চৰকাৰে দুদিনলৈ বৃদ্ধি কৰিছিল তৃতীয় পৰ্যায়ৰ লক্ ডাউনৰ সময়-সীমা । COVID-১৯ ৰ সংক্ৰমণৰ মূল্যায়নৰ বাবে দুদিনলৈ বৃদ্ধি কৰে লক্ ডাউন ।

author img

By

Published : May 18, 2020, 1:50 PM IST

J&K extends lockdown for 2 days to assess COVID-19 spread

জম্মু-কাশ্মীৰ, ১৮ মে': দেওবাৰে জম্মু-কাশ্মীৰ চৰকাৰে কেন্দ্ৰীয় শাসিত অঞ্চলটোত দুদিনৰ বাবে তৃতীয় পৰ্যায়ৰ লক্ ডাউনৰ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছিল । কেন্দ্ৰীয় শাসিত অঞ্চলত বিৰাজমান পৰিস্থিতিৰ প্ৰতি আৱশ্যক হোৱাকৈ নিষেধজ্ঞা লগাবলৈ COVID-১৯ ৰ সংক্ৰমণৰ বিস্তৃত মূল্যায়ণৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰিছিল ।

জম্মু-কাশ্মীৰৰ মুখ্য সচিব আৰু দুৰ্যোগ ব্যৱস্থাপনা অধিনিয়ম, ২০০৫ ৰ ধৰা ২৪ ৰ অধীনত ৰাজ্যৰ কাৰ্যবাহী সমিতিৰ অধ্যক্ষ বি.পি আৰ সুব্ৰহ্মমনিয়ামৰ দ্বাৰা জাৰি কৰা আদেশত কোৱা হৈছে, ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তপক্ষৰ দ্বাৰা (NDMA) ৩১ মে'লৈ লক্ ডাউনৰ সময় বৃদ্ধি কৰাৰ কথা ।

নিৰ্দেশাৱলীত স্পষ্টকৈ কোৱা হৈছে যে, ৰেড, অৰেঞ্জ আৰু গ্ৰীণ জ'ন সমূহত সেই ঠাইৰ সমূহৰ মূল্যায়নৰ ভিত্তিত ক্ৰিয়া-কলাপৰ নিষিদ্ধ বা নিয়ন্ত্ৰণ কৰা অথবা প্ৰয়োজনীয় বিবেচিত হ'লে বাধা-নিষেধ আৰোপৰ জৰিয়তে জম্মু-কাশ্মীৰত COVID-১৯ ৰ সংক্ৰমণ বিষয়ে বিশদ মূল্যায়ণৰ প্ৰয়োজনৰ কথা ।

এই অধিনিয়মৰ ২৪ ধাৰা প্ৰদত্ত ক্ষমতা প্ৰয়োগৰ ক্ষেত্ৰত ৰাজ্য কাৰ্যনিৰ্বাহী কমিটিৰ অধ্যক্ষ পদৰ ক্ষমতা অনুসৰি স্বাক্ষৰিত নিৰ্দেশাৱলীক ৪৯-JK-(DMRRR) আদেশ নম্বৰ অনুসাৰে জাৰি কৰা ৩-০৫-২০২০ ৰ পৰা ১৯-০৫-২০২০ লৈ বৈধতা প্ৰদান কৰা হৈছে ।

জম্ম-কাশ্মীৰত বৰ্তমানলৈকে COVID-১৯ ত ১৩ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ১,১০০ গৰাকী লোক পজিটিভ পোৱা গৈছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.