ETV Bharat / bharat

হিন্দৱাৰাত সুৰক্ষা বাহিনীৰ হত্যাত স্তম্ভিত কংগ্ৰেছ : তদন্তৰ দাবী - জম্মু-কাশ্মীৰৰ কংগ্ৰেছ দল

হিন্দৱাৰাত সুৰক্ষা বাহিনীৰ হত্যাত স্তম্ভিত হৈ পৰিছে কংগ্ৰেছ দল ৷ ঘটনাৰ উচিত তদন্তৰ দাবী কংগ্ৰেছৰ ৷

তদন্তৰ দাবী
হিন্দৱাৰাত সুৰক্ষা বাহিনীৰ হত্যাত স্তম্ভিত কংগ্ৰেছ
author img

By

Published : May 3, 2020, 10:18 PM IST

নেশ্যনেল ডেস্ক, 3 মে' : হিন্দৱাৰাত সন্ত্ৰাসবাদীৰে সৈতে গুলীয়াগুলিত পাঁচজনকৈ সুৰক্ষা বাহিনীৰ জোৱানে প্ৰাণ হেৰুওৱাত স্তম্ভিত হৈ পৰিছে জম্মু-কাশ্মীৰৰ কংগ্ৰেছ দল ৷ চাৰিজন সেনা জোৱান আৰু এজন জম্মু-কাশ্মীৰৰ আৰক্ষী জোৱানৰ মৃত্যুৰ ঘটনাৰ উচিত তদন্তৰো দাবী জনাইছে দলটোৱে ৷

কেন্দ্ৰীয় শাসিত অঞ্চলটোত সন্ত্ৰাসবাদী কাৰ্যকলাপ বৃদ্ধিৰ বাবে যুদ্ধবিৰতি উলংঘা আৰু সন্ত্ৰাসবাদী সংগঠনক সমৰ্থন আগবঢ়োৱা বাবে পাকিস্তানক গৰিহণা জনাই কংগ্ৰেছে ৷

জম্মু-কাশ্মীৰ প্ৰদেশ কংগ্ৰেছ কমিতিৰ মুখ্য জি. এ. মিৰ আৰু অন্য জ্যেষ্ঠ নেতাসকলে যুটীয়াভাৱে প্ৰদান কৰা এক বিবৃতি অনুসৰি, "এজন কৰ্নেল, এজন মেজৰ আৰু এজন আৰক্ষী উপ-পৰিদৰ্শকসহ পাঁচ জন জোৱানৰ মৃত্যুত স্তম্ভিত হৈছো ৷ পাকিস্তানৰ সমৰ্থনত সন্ত্ৰাসবাদী কাৰ্যকলাপক আমি গৰিহণা জনাইছো আৰু এয়া মানৱতাৰ বিৰোধী ৷ ইয়াৰ ফলত হত্যা আৰু ধংসৰ বাহিৰে একো লাভ নকৰে ৷"

এই সুৰক্ষা বাহিনীৰ লোকসকলৰ ত্যাগক চালাম জনোৱাৰ লগতে পৰিয়াল, সম্বন্ধীয় আৰু সতীৰ্থ সকললৈ শোক প্ৰকাশ কৰি কংগ্ৰেছে কয়, "দেশৰ মূল্যৱান জোৱান আৰু বিষয়াসকলৰ মৃত্যু অসহনীয় আৰু এই লোকসকল আৰু তেওঁলোকৰ পৰিয়াললৈ দেশ সদায় ঋণী হৈ ৰ'ব ৷ এনে ধৰণৰ কাৰ্যকলাপ গ্ৰহণযোগ্য নহয় আৰু চৰকাৰে এই জোৱানসকলৰ প্ৰাণ ৰক্ষাৰ্থে উচিত ব্যৱস্থা গ্ৰহণ কৰা উচিত ৷"

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.