ETV Bharat / bharat

চি আৰ পি এফৰ অভিযানত উদ্ধাৰ মাৰণাস্ত্ৰ

অঞ্চলটোৰ এটা বাসগৃহৰ পৰা চি আৰ পি এফে গ্ৰেনেড আৰু পিস্তল উদ্ধাৰ কৰে ৷ বাসগৃহটোৰ গৰাকীসহ তিনিগৰাকী লোককো সোধপোছৰ বাবে আটক কৰা হৈছে বুলিও জানিবলৈ দিছে আৰক্ষী সূত্ৰই ৷

J&K: Arms recovered during a search operation in Srinagar's Natipora
জম্মু-কাশ্মীৰত চি আৰ পি এফৰ অভিযানত মাৰণাস্ত্ৰ উদ্ধাৰ
author img

By

Published : Aug 19, 2020, 4:47 PM IST

নিউজ ডেস্ক, 19 আগষ্ট : জম্মু আৰু কাশ্মীৰৰ শ্ৰীনগৰ জিলাত বুধবাৰে চি আৰ পি এফৰ এটা দলে অভিযান চলাই বৃহৎ পৰিমাণৰ অস্ত্ৰশস্ত্ৰ উদ্ধাৰ কৰে ৷ বুধবাৰে দিনৰ প্ৰায় 1 বজাত গোপন খবৰৰ ভিত্তিত শ্ৰীনগৰৰ নাটিপৰা অঞ্চলৰ আজাদ বস্তিত অভযান চলাই বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ উদ্ধাৰ কৰা হৈছে বুলি জানিবলৈ দিয়ে আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়াই ৷

অঞ্চলটোৰ এটা বাসগৃহৰ পৰা চি আৰ পি এফে গ্ৰেনেড আৰু পিস্তল উদ্ধাৰ কৰে ৷ বাসগৃহটোৰ গৰাকীসহ তিনিগৰাকী লোককো সোধপোছৰ বাবে আটক কৰা হৈছে বুলিও জানিবলৈ দিছে আৰক্ষী সূত্ৰই ৷

আটক কৰা লোক কেইজন ক্ৰমে, ইছমাইল পাৰে, জাবেদ পাৰে আৰু হিলাল পাৰে বুলি জানিবলৈ দিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক : 34 যাত্ৰীসহ আগ্ৰা বাছ হাইজেক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.