নিউজ ডেস্ক, 7 এপ্ৰিলঃ দেওবাৰে দিনৰ ভাগৰ পৰা আৰম্ভ হোৱা এক অভিযানত ভাৰতে হেৰুৱালে পাঁচগৰাকীকৈ সুদক্ষ পেৰা কামাণ্ডোক ৷ জম্মু-কাশ্মীৰৰ কেৰন ছেক্টৰত হোৱা গুলীয়াগুলিত দেশৰ বাবে সৰ্বোচ্চ বলিদান দিয়ে 4ৰ্থ পেৰা ৰেজিমেন্টৰ সম্পূৰ্ণ এটা স্কোৱাডে ৷
এই অভিযানত স্কোৱাডটোৰ এগৰাকী কামাণ্ডোই অংশগ্ৰহণ কৰা নাছিল আৰু তেওঁক যোগাযোগ ব্যৱস্থা নিৰীক্ষণৰ বাবে এইদৰে অভিযানৰ পৰা আঁতৰত ৰখা হৈছিল ৷ কিন্তু অতিশয় ঘন বৰফেৰে ঢকা অংশত হোৱা অভিযানৰ সময়ত প্ৰায় 2 মিটাৰৰ দুৰত্বত সন্ত্ৰাসবাদীৰ দলটোৰ সৈতে মুখামুখি হয় অভিযানকাৰী দলটো ৷ সন্মুখত এইদৰে ভাৰতীয় সেনাৰ পেৰা কামাণ্ডোৰ দল দেখি ধাৰাসাৰে যেনিতেনি গুলীবৰ্ষণ কৰে পাকিস্তানৰ পৰা অহা সন্ত্ৰাসবাদীৰ দলটোৱে ৷ কিন্তু ভাৰতীয় পেৰা কামাণ্ডোৰ উন্নত মানৰ প্ৰশিক্ষণ আৰু যুদ্ধনীতিয়ে মুহূৰ্তৰ ভিতৰতে পাঁচগৰাকীকৈ সন্ত্ৰাসবাদীক নিধন কৰিবলৈ সক্ষম হয় ৷
অৱশ্যে অভিযানকালত আটাইকেইগৰাকী কামাণ্ডোৱে দেশৰ বাবে সৰ্বোচ্চ বলিদান দিয়ে ৷ পেৰা ৰেজিমেন্টৰ আদৰ্শ বাক্য বলিদান পৰম ধৰ্ম পালন কৰি এইদৰে দেশে কৰ‘ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজি থকা সময়ত দেশৰ শত্ৰুৰ বিৰুদ্ধে যুঁজি শ্বহীদ হয় ভাৰত মাতৃৰ পাঁচগৰাকীকৈ সুদক্ষ সন্তান ৷
জানি থোৱা ভাল যে, ভাৰতৰ আটাইতকৈ শক্তিশালী তথা ভয়ংকৰ যুদ্ধনীতিৰ অন্যতম প্ৰশিক্ষণ প্ৰদান কৰা হয় পেৰা কামাণ্ডোসকলক ৷ ভাৰতীয় সশস্ত্ৰ বাহিনীৰ ভিতৰত স্থলসেনাৰ পেৰা, বায়ুসেনাৰ গাৰুড আৰু নৌ-সেনাৰ মাৰ্কোজ কামাণ্ডো বাহিনীক অন্তৰ্ভুক্ত কৰা হয় আৰু তেওঁলোকৰ প্ৰশিক্ষণ সম্পূৰ্ণ পৃথকভাৱে সম্পন্ন কৰা হয় ৷ প্ৰশিক্ষণ ইমানেই কঠিন যে, 100 গৰাকী সেনাৰ মাজত মাত্ৰ 20গৰাকীয়ে ইয়াত উত্তীৰ্ণ হয় ৷ তাৰ পিচতেই প্ৰায় এবছৰ আৰু ছমাহৰ আন এক কঠিন প্ৰশিক্ষণ গ্ৰহণ কৰে একোগৰাকী কামাণ্ডোই ৷ এই প্ৰশিক্ষণৰ সময়তে একোগৰাকীকৈ কামাণ্ডোক একোটা বিশেষ কৌশলত পাকৈত কৰি গঢ়ি তোলা হয় ৷ যিকোনো অভিযানৰ সময়ত স্থলসেনাৰ পেৰা কামাণ্ডোই এটা স্কোৱাডত কাম কৰে আৰু স্কোৱাডত সৰ্বমুঠ 6জন কামাণ্ডো থাকে ৷
জম্মু-কাশ্মীৰত হোৱা এই অভিযানৰ দায়িত্ব প্ৰদান কৰা হৈছিল 4ৰ্থ পেৰাৰ এইটো স্কোৱাডক ৷ কিন্তু অভিযানৰ বাবে ওলাই যোৱাৰ পিচত আৰু তেওঁলোক কোনোদিনে ইউনিটলৈ ঘুৰি নহাকৈ চিৰদিনৰ বাবে বিদায় লয় ৷ দেশৰ বাবে শ্বহীদ হোৱা ই পাঁচগৰাকী পেৰা কামাণ্ডো হৈছে কামাণ্ডো চুবেদাৰ সঞ্জীৱ কুমাৰ, কামাণ্ডো হাবিলদাৰ দাবেন্দ্ৰ সিং, কামাণ্ডো বাল কৃষ্ণন, কামাণ্ডো অমিত কুমাৰ আৰু কামাণ্ডো চত্ৰপাল সিং ৷