ETV Bharat / bharat

কিমান সুৰক্ষিত আপুনি ব্যৱহাৰ কৰি থকা হেণ্ড ছেনিটাইজাৰ

বিজলুৱা আৰু পনীয়া হেণ্ড ছেনিটাইজাৰ অধিক কাৰ্যক্ষম ৷ হাতত ব্যৱহাৰ কৰাৰ 60 ছেকেণ্ডৰ ভিতৰত ই লুপ্ত হৈ যাব লাগে ৷ হাতত লাগি ধৰি থকা ছেনিটাইজাৰৰ ফলত ছালৰ এলাৰ্জি হোৱাৰ সম্ভৱনা থাকে ৷ বিশেষজ্ঞসকলে প্ৰকাশ কৰা অনুসৰি, 60 শতাংশ ইথানল থকা এলকলযুক্ত হেণ্ড ছেনিটাইজাৰ মানুহে ব্যৱহাৰ কৰিব লাগে ৷

Is Your Sanitizer Safe?
কিমান সুৰক্ষিত আপুনি ব্যৱহাৰ কৰি থকা হেণ্ড ছেনিটাইজাৰ
author img

By

Published : Jun 28, 2020, 6:13 PM IST

নিউজ ডেস্ক, 28 জুন : কোভিড-19ৰ পৰৱৰ্তী সময়ছোৱাত মানুহৰ প্ৰথম প্ৰয়োজনীয় বস্তু হৈ পৰিছে হেণ্ড ছেনিটাইজাৰ ৷ কিন্তু হেণ্ড ছেনিটাইজাৰ কিনোতে অধিক সাৱধান হোৱাটোও সমানে প্ৰয়োজনীয় ৷ কিয়নো ভুৱা আৰু নকল ছেনিটাইজাৰেৰে বৰ্তমান বজাৰ ভৰি পৰিছে ৷ মানুহৰ ভয়ক ব্যৱহাৰ কৰি কিছুমান কোম্পানীয়ে নিৰাপত্তাৰ দিশটোক আওকান কৰি অবাধে ধন সংগ্ৰহত লাগি পৰিছে আৰু ইয়াৰ বাবেই বজাৰ মুকলি কৰি দিছে নকল আৰু ভুৱা ছেনিটাইজাৰ ৷

খাদ্য আৰু ড্ৰাগ প্ৰশাসনে ইথানলযুক্ত ছেনিটাইজাৰৰ ব্যৱহাৰ কৰিবলৈ কোৱাৰ বিপৰীতে নিৰ্মাণকাৰী সংস্থাসমূহে ইয়াক মিথালনৰ সৈতে বদলি কৰি কম দামতে ছেনিটাইজাৰ বনাই আছে ৷ মিথানলৰ সংস্পৰ্শলৈ আহিছে ইয়ে অধিক বিষকৰ প্ৰভাৱ পেলোৱাৰ কথা ইতিমধ্যে স্বাস্থ্য বিশেষজ্ঞসকলে প্ৰকাশ কৰিছে ৷ এনেকুৱা ভুৱা হেণ্ড ছেনিটাইজাৰ নিৰ্মাণকাৰী গোটৰ বিষয়ে অভিযোগ লাভ কৰাৰ পিচতেই তেলেংগানাৰ ড্ৰাগ নিয়ন্ত্ৰণ আয়োগ অধিক সক্ৰিয় হৈ পৰিছে ৷ আয়োগে ড্ৰাগ পৰিদৰ্শকসকলক ৰাজ্যখনত থকা ছেনিটাইজাৰ নিৰ্মাণকাৰী সংস্থাসমূহৰ পৰা নমুনা সংগ্ৰহ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ৷

উপযোগী হেণ্ড ছেনিটাইজাৰ কিদৰে নিৰ্বাচন কৰিব ?

বিজলুৱা আৰু পনীয়া হেণ্ড ছেনিটাইজাৰ অধিক কাৰ্যক্ষম ৷ হাতত ব্যৱহাৰ কৰাৰ 60 ছেকেণ্ডৰ ভিতৰত ই লুপ্ত হৈ যাব লাগে ৷ হাতত লাগি ধৰি থকা ছেনিটাইজাৰৰ ফলত ছালৰ এলাৰ্জি হোৱাৰ সম্ভৱনা থাকে ৷ বিশেষজ্ঞসকলে প্ৰকাশ কৰা অনুসৰি, 60 শতাংশ ইথানল থকা এলকলযুক্ত হেণ্ড ছেনিটাইজাৰ মানুহে ব্যৱহাৰ কৰিব লাগে ৷ হেণ্ড ছেনিটাইজাৰ ব্যৱহাৰ কৰাৰ সময়ত 20-30ছেকেণ্ড সময় হাত দুখন ভালদৰে মোহাৰি লওঁক ৷

মিথানল নে ইথানল ?

বিপদটো হৈছে এটা আখৰে সকলো পৰিৱৰ্তন কৰি দিব পাৰে ৷ এই মহামাৰীয়ে হেণ্ড ছেনিটাইজাৰৰ বিক্ৰী তৰান্বিত কৰি তুলিছে ৷ স্বাস্থ্যগত দোকান অথবা ছুপাৰমাৰ্কেটসমূহ ৰঙ-বিৰঙীয়া হেণ্ড ছেনিটাইজাৰৰ বটলেৰে ভৰি পৰিছে ৷ যদিও আমি সদায়ে হেণ্ড ছেনিটাইজাৰ ব্যৱহাৰ কৰি আহিছো, কিন্তু আমাৰ বহুতেই বজাৰত উপলব্ধ এইসমূহ হেণ্ড ছেনিটাইজাৰ কিদৰে নিৰ্মাণ কৰা হৈছে সেই বিষয়ত অৱগত নহয় ৷ ৰোগ নিৰাময় আৰু নিয়ন্ত্ৰণ কেন্দ্ৰই 60 শতাংশ ইথানল (ইথাইল এলকহল)যুক্ত আৰু 70 শতাংশ ইছপ্ৰপানল (ইছপ্ৰপাইল এলকহল)যুক্ত হেণ্ড ছেনিটাইজাৰ ব্যৱহাৰ কৰিবলৈ কৈছে ৷ কেন্দ্ৰটোৱে মিথানল (মিথাইল এলকহল)যুক্ত ছেনিটাইজাৰ ব্যৱহাৰ কৰিবলৈ একেবাৰে মানা কৰিছে ৷

মিথাইল এলকহল বিপদজ্জনক নেকি ?

আমেৰিকা যুক্তৰাষ্ট্ৰৰ খাদ্য আৰু ড্ৰাগ নিয়ন্ত্ৰণ আয়োগে গ্ৰাহকসকলক মিথানলযুক্ত ছেনিটাইজাৰ এৰাই চলিবলৈ কৈছে ৷ মানৱৰ ছালে মিথাইল এলকহল সংশোধন কৰি ল'লে ই ভালৰ বিপৰীতে অধিক কাল হ'ব পাৰে, ই অধিক মাৰমুখী হোৱাৰ সম্ভাৱনা থাকে ৷ মিথানলৰ বিষক্ৰিয়াই মুৰ ঘুৰোৱা, বমি কৰা, চকুৰ দৃষ্টিশক্তিকে ধৰি অন্যান্য দিশত মানুহৰ আক্ৰমণ কৰিব পাৰে ৷ শিশুসকলৰ ক্ষেত্ৰত ই আৰু অধিক ভয়াৱহ ৷

কিমান সংখ্যক অধিক ?

ৰোগ নিৰাময় আৰু নিয়ন্ত্ৰণ কেন্দ্ৰই ছেনিটাইজাৰৰ অধিক ব্যৱহাৰৰ বিপৰীতে সাৱধানবানী প্ৰদান কৰিছে ৷ যদিও ছেনিটাইজাৰে মাইক্ৰবেছক নাশ কৰিব পাৰে, সমান্তৰালকৈ হাতৰ হাড় দুৰ্বল কৰাৰ লগতে ফোপোলা কৰি তোলাৰ দৰে পাৰ্শ্বক্ৰিয়া কৰিব পাৰে ৷ এন্টিবেক্টেৰিয়েল হেণ্ড ছেনিটাইজাৰত থকা কণিকাবোৰে এন্টিবায়টিক প্ৰতিৰোধ গঢ়ি তোলাৰ সম্ভাৱনা থাকে ৷

হায়দৰাবাদৰ ড্ৰাগ নিয়ন্ত্ৰণ আয়োগৰ যুটীয়া নিৰ্দেশক ডাঃ নভীন কুমাৰে ইনাডুৰ আগত প্ৰকাশ কৰা অনুসৰি, বিশ্ব স্বাস্থ্য সংস্থাই হেণ্ড ছেনিটাইজাৰৰ বাবে আগবঢ়োৱা সূত্ৰ উল্লেখনীয় বুলি ব্যক্ত কৰে ৷ ভাৰতত আমি ইয়াৰ 3-4টা কণিকাহে ব্যৱহাৰ কৰো বুলি তেওঁ কয় ৷ তেওঁ লগতে কয় যে, "ইথানলযুক্ত ছেনিটাইজাৰ নিৰাপদ আৰু অধিক উপযোগী ৷ মিথানল কম দামী আৰু বহু পৰিমানে উপলব্ধ ৷ দৰাচলতে ইথানল আৰু মিথানলৰ মাজত পাৰ্থক্য বিচাৰি উলিওৱাটো যথেষ্ট টান ৷ কিছুসংখ্যক কোম্পানীয়ে মিথানল ব্যৱহাৰ কৰি হেণ্ড ছেনিটাইজাৰ প্ৰস্তুত কৰি থকা বুলি আমি গম পাইছো ৷ আমি তেওঁলোকৰ বিৰুদ্ধে শীঘ্ৰেই শাস্তিমুলক ব্যৱস্থা গ্ৰহণ কৰিব গৈ আছো ৷"

ডাঃ পুট্টা শ্ৰীনিৱাসে প্ৰকাশ কৰা অনুসৰি, চাবোন আৰু পানীৰে হাত ধোৱাটো অধিক নিৰাপদ আৰু উপযোগী ৷ ছেনিটাইজাৰ ব্যৱহাৰ কৰাৰ সময়ত বিচনালৈ যোৱাৰ পূৰ্বেই আপোনাৰ হাতখন মছৰাইজ কৰাটো খুবেই গুৰুত্বপূৰ্ণ ৷ যিহেতু ইয়াৰ সংস্পৰ্শ বিপদজ্জনক সেয়েহে শিশুসকলক ছেনিটাইজাৰৰ পৰা, বিশেষকৈ ৰঙ-বিৰঙীয়া আৰু সুগন্ধিযুক্ত ছেনিটাইজাৰৰ পৰা আঁতৰত ৰখাটো অধিকে প্ৰয়োজনীয় তথা গুৰুত্বপূৰ্ণ ৷

লগতে পঢ়কঃ কোভিড-19 : সঘনে পৰিস্কাৰ কৰা শুকান হাতৰ কিদৰে যত্ন ল'ব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.