ETV Bharat / bharat

IRCTC-ৰ 5 শতাংশ শ্বেয়াৰ উৰ্ধগামী, 12 তাৰিখৰ পৰা আৰম্ভ হ'ব ৰে'ল সেৱা

author img

By

Published : May 11, 2020, 5:05 PM IST

বোম্বে ষ্টক এক্সেঞ্জত কোম্পানীটোৰ শ্বেয়াৰ 5 শতাংশ বৃদ্ধি হৈ 1302.85 পইন্টলৈ উৰ্ধগামী হয় । 11 মে'ৰ 4 বজাৰ পৰা IRCTC ৰ ৱেবচাইটত উপলব্ধ হ'ব ৰে'লৰ টিকট । 12 মে'ৰ পৰা আৰম্ভ হ'ব সেৱা ।

IRCTC-ৰ 5 শতাংশ শ্বেয়াৰ উৰ্ধগামী, 12 তাৰিখৰ পৰা আৰম্ভ হ'ব ৰে'ল সেৱা
IRCTC-ৰ 5 শতাংশ শ্বেয়াৰ উৰ্ধগামী, 12 তাৰিখৰ পৰা আৰম্ভ হ'ব ৰে'ল সেৱা

নিউজ ডেস্ক, 11 মে': সোমবাৰে শ্বেয়াৰ বজাৰত IRCTC-ৰ সূচকাংক 5 শতাংশ উৰ্ধগামী হয় । মঙলবাৰৰ পৰা ৰে'লৰ চলাচল আৰম্ভ কৰিব বুলি চৰকাৰে ঘোষণা কৰাৰ পাচৰে পৰা ক্ৰমান্বয়ে এই শ্বেয়াৰ উধ্বগামী হৈছে ।

5 শতাংশ উধ্বগামী হৈ দিনটোত সৰ্বোচ্চ 1,303.55 পইন্টত উপণিত হয় IRCTC ।

11 মে'ৰ 4 বজাৰ পৰা IRCTC ৰ ৱেবচাইটত উপলব্ধ হ'ব ৰে'লৰ টিকট ।

ভাৰতীয় ৰে'লৱেয়ে ক্ৰমান্বয়ে বৃদ্ধি কৰিব যাত্ৰীবাহী ৰে'লৰ চলাচল । 12 মে'ৰ পৰা আৰম্ভ হ'ব এই সেৱা । ৰাষ্ট্ৰীয় পৰিবহণ বিভাগে যাত্ৰী সকলক ৰে'ল যাত্ৰাৰ 1 ঘন্টা পূৰ্বে ষ্টেচনত উপস্থিত হ'বলৈ আহ্বান জনাইছে ।

প্ৰথমতে বাতানুকুল সুবিধাৰ সৈতে 15 খন ৰাজধানী এক্সপ্ৰেছ চলিব আৰু ইয়াৰ ভাড়া চুপাৰ ফাষ্ট ৰে'লৰ সমান হ'ব ।

বিশেষ ৰেল সমূহ দিল্লীৰ পৰা ডিব্ৰুগড়, আগৰতলা, হাওৰা, পাটনা, বিলাসপুৰ, ৰাছী, ভুৱনেশ্বৰ, চিকেণ্ডৰাবাদ, বাংগালুৰু, চেন্নাই, তিৰুবন্দনমপুৰম,মাদগাঁও, মোম্বাই ছেন্ট্ৰেল, আহমেদাবাদ আৰু জম্মু টাৱিলৈ চলিব ।

উল্লেখ্য যে, 25 মাৰ্চত জাৰি কৰা লক ডাউনৰ পৰাই বন্ধ হৈ আছিল যাত্ৰীবাহী ৰে'লৰ সেৱা । অৱশ্যে পিচৰ পৰ্যায়ত শ্ৰমিক সকলৰ বাবে চলাচল কৰা হৈছিল কেইখনমান বিশেষ ৰে'ল ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.