ETV Bharat / bharat

১০ মিনিটৰ ভিতৰতে বুক হাওৰা-নিউ দিল্লী ৰেলৰ টিকট

author img

By

Published : May 11, 2020, 9:57 PM IST

প্ৰযুক্তিগত বিসংগতিৰ বাবে ৪ বজাৰ বিপৰীতে ৬ বজাৰ পৰা আৰম্ভ হোৱা ৰেলৰ টিকট পঞ্জীয়নৰ সময়ত ১০ মিনিটৰ ভিতৰতে হাওৰা-নতুন দিল্লী ৰেলৰ সকলো টিকট বিক্ৰী হয় ।

১০ মিনিটৰ ভিতৰতে বুক হাওৰা-নিউ দিল্লী ৰেলৰ টিকট
১০ মিনিটৰ ভিতৰতে বুক হাওৰা-নিউ দিল্লী ৰেলৰ টিকট

নিউজ ডেস্ক, ১১ মে' : ভাৰতীয় ৰেলে অহাকালিৰ পৰা আৰম্ভ কৰিব ১৫খন বিশেষ ৰেলৰ চলাচল । সেই উপলক্ষে আজি দিনৰ ভাগত ৪ বজাৰ পৰা মুকলি কৰি দিয়াৰ কথা আছিল টিকট পঞ্জীয়নৰ কাম । কিন্তু বিসংগতিৰ বাবে আইআৰচিটিচি ৱেবচাইট বন্ধ হৈ পৰাত সাময়িকভাৱে বন্ধ কৰি ৰখা হয় টিকটৰ পঞ্জীয়ন । অৱশ্যে ৬ বজাৰ পৰা টিকট পঞ্জীয়নৰ কাম পুনৰ আৰম্ভ হয় ।

টিকট পঞ্জীয়নৰ কাম আৰম্ভ হোৱাৰ ১০ মিনিটৰ ভিতৰতে হাওৰা-দিল্লী বিশেষ ৰেলগাড়ীখনৰ বাতানুকুলিত প্ৰথম শ্ৰেণী আৰু বাতানুকুলিত তৃতীয় শ্ৰেণীৰ সকলো টিকট পঞ্জীয়ন হৈ যায় । মঙলবাৰে আবেলি ৫ বজাত হাওৰা ষ্টেচনৰ পৰা ৰেলগাড়ীখনে যাত্ৰা আৰম্ভ কৰিব ।

আনহাতে ভুৱনেশ্বৰৰ পৰা নতুন দিল্লী বিশেষ ৰেলগাড়ীখনৰো বাতানুকুলিত প্ৰথম শ্ৰেণী আৰু বাতানুকুলিত তৃতীয় শ্ৰেণীৰ সকলো টিকট ৩০ মিনিটৰ ভিতৰতে পঞ্জীয়ন হৈ যায় ।

লগতে পঢ়কঃ ৰেলযাত্ৰাৰ সময়তে আইআৰচিটিচিৰ বেৱচাইটত বিসংগতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.