নিউজ ডেস্ক, ৩১ মে' : সৰ্বভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া সঞ্জয় কুণ্ডুক হিমাচল প্ৰদেশ আৰক্ষীৰ নতুন সঞ্চালক প্ৰধান নিযুক্তি দিয়া হয় । শনিবাৰে সঞ্চালক প্ৰধান হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে সঞ্জয় কুণ্ডুয়ে ।
১৯৮৯ চনত আই পি এচ বিষয়া হিচাপে যোগদান কৰা সঞ্জয় কুণ্ডুয়ে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ লগতে সংযুক্ত ৰাষ্ট্ৰৰ আৰক্ষী আয়ুক্ত হিচাপে কাম কৰিছিল । মানৱ অধিকাৰ আৰু জাতীয় ক্ষমতা বৃদ্ধিৰ বাবে কাম কৰিছিল হিমাচল প্ৰদেশৰ নৱনিযুক্ত নতুন সঞ্চালক প্ৰধানগৰাকীয়ে ।
সম্প্ৰতি হিমাচল প্ৰদেশৰ মুখ্য প্ৰৱাসী আয়ুক্ত হিচাপেও নতুন দিল্লীত কাৰ্যভাৰ গ্ৰহণ কৰি আছে সঞ্জয় কুণ্ডুৱে । লগতে, তেওঁ কেন্দ্ৰীয় জলসম্পদ মন্ত্ৰণালয়ৰ সংযুক্ত সচিব আৰু ব্ৰহ্মপুত্ৰ ব'ৰ্ডৰ অধ্যক্ষ হিচাপে কাম কৰিছিল ।