ETV Bharat / bharat

IPL-2020 ত নেখেলে CSK ৰ তাৰকা অলৰাউণ্ডাৰ সুৰেশ ৰাইনাই

author img

By

Published : Aug 29, 2020, 6:21 PM IST

33 বছৰীয়া ৰাইনাই সম্প্ৰতি আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে ৷ মহেন্দ্ৰ সিং ধোনীয়ে আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা অৱসৰ লোৱা বুলি ঘোষণা কৰাৰ কিছুসময়ৰ পাছতে ৰাইনায়ো আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে ৷

IPL 2020: CSK all-rounder Suresh Raina ruled out of IPL due to personal reasons
IPL-2020 ত নেখেলে CSK ৰ তাৰকা অলৰাউণ্ডাৰ সুৰেশ ৰায়নাই

আবু ধাবি, 29 আগষ্ট : এদিন পূৰ্বেই এজন ক্ৰিকেটাৰসহ 12 জন আক্ৰান্ত হৈছে কৰ'ণা ভাইৰাছত ৷ এইবাৰ পুনৰ চেন্নাই চুপাৰ কিংগছৰ বাবে আহিছে আন এটা বেয়া খবৰ ৷ ব্যক্তিগত কাৰণত আৰৱ আমিৰাতত অনুষ্ঠিত হ‘বলগীয়া IPL-2020 ত নেখেলে CSK ৰ তাৰকা অলৰাউণ্ডাৰ সুৰেশ ৰাইনাই ৷ ইতিমধ্যে স্বদেশলৈ উভতি আহিছে ক্ৰিকেটাৰগৰাকী ৷

এই সন্দৰ্ভত চেন্নাই চুপাৰ কিংগছৰ মুখ্য কাৰ্যবাহী বিষয়া কে এছ বিশ্বনাথনে কয় যে, "ব্যক্তিগত কাৰণত দেশলৈ উভতি আহিছে সুৰেশ ৰাইনা ৷ এইবাৰৰ আই পি এলত তেখেতক পোৱা নাযাব ৷ এই পৰিস্থিতিত সুৰেশৰ পৰিয়ালক সম্পূৰ্ণভাৱে সহায় কৰিব চেন্নাই চুপাৰ কিংগছে ৷ "

  • Suresh Raina has returned to India for personal reasons and will be unavailable for the remainder of the IPL season. Chennai Super Kings offers complete support to Suresh and his family during this time.

    KS Viswanathan
    CEO

    — Chennai Super Kings (@ChennaiIPL) August 29, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে, 33 বছৰীয়া ৰাইনাই সম্প্ৰতি আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে ৷ মহেন্দ্ৰ সিং ধোনীয়ে আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা অৱসৰ লোৱা বুলি ঘোষণা কৰাৰ কিছুসময়ৰ পাছতে ৰাইনায়ো আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে ৷

লগতে পঢ়ক : ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ধ্যান চান্দক স্মৰণ কিৰেণ ৰিজিজুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.