ETV Bharat / bharat

পাইপলাইনৰ কাম নিৰীক্ষণৰ বাবে ড্ৰ'ণ ব্যৱহাৰ কৰিব ইণ্ডিয়ান অইলে - IOC to use drones for aerial surveillance of pipeline works

ইণ্ডিয়ান অইল কৰ্পৰেশ্বনৰ মুখপাত্ৰই প্ৰকাশ কৰা অনুসৰি, সমগ্ৰ দেশতে অইলৰ পাইপলাইন প্ৰকল্পৰ কাম নিৰীক্ষণ কৰিবলৈ ড্ৰ'ণৰ সহায় ল'ব ৰাজহুৱা প্ৰতিষ্ঠানটোৱে ৷ প্ৰথমে ইয়াক দিল্লী-পানিপট পাইপলাইনৰ কামত ব্যৱহাৰ কৰা হ'ব বুলিও মুখপাত্ৰগৰাকীয়ে জানিবলৈ দিয়ে ৷

IOC to use drones for aerial surveillance of pipeline works
পাইপলাইনৰ কাম নিৰীক্ষণৰ বাবে ড্ৰ'ণ ব্যৱহাৰ কৰিব ইণ্ডিয়ান অইলে
author img

By

Published : Jul 9, 2020, 6:06 PM IST

নিউজ ডেস্ক, 9 জুলাই : দেশত চলি থকা পাইপলাইন প্ৰকল্পৰ নিৰ্মাণৰ কামত ড্ৰ'ণ প্ৰযুক্তিৰ সহায় ল'ব ইণ্ডিয়ান অইল কৰ্পৰেশ্বন কৰ্তৃপক্ষই ৷ পাইপলাইনৰ পৰা তেল চুৰি ৰোধ কৰিবলৈ এইদৰে ড্ৰ'ণ প্ৰযুক্তিৰ সহায়ত ইয়াৰ নিৰীক্ষণ কৰিব ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানটোৱে ৷

ইণ্ডিয়ান অইল কৰ্পৰেশ্বনৰ এগৰাকী মুখপাত্ৰই প্ৰকাশ কৰা অনুসৰি, সমগ্ৰ দেশতে অইলৰ পাইপলাইন প্ৰকল্পৰ কাম নিৰীক্ষণ কৰিবলৈ ড্ৰ'ণৰ সহায় ল'ব ৰাজহুৱা প্ৰতিষ্ঠানটোৱে ৷ ইয়াৰ বাবে ইতিমধ্যেই কেন্দ্ৰীয় অসামৰিক বিমান পৰিৱহন মন্ত্ৰালয়ৰ পৰা যাৱতীয় অনুমতি সংগ্ৰহ কৰা হৈছে আৰু ইয়াৰ বাবে অনুমতি প্ৰদান কৰিছে ৷ প্ৰথমে ইয়াক দিল্লী-পানিপট পাইপলাইনৰ কামত ব্যৱহাৰ কৰা হ'ব বুলিও মুখপাত্ৰগৰাকীয়ে জানিবলৈ দিয়ে ৷

লগতে পঢ়কঃ বাঘজানত ভাৰতীয় সেনা বাহিনীৰ বিশেষ পদক্ষেপ

অইলৰ আইপিচিয়ে অসামৰিক বিমান পৰিৱহন মন্ত্ৰালয়ক ৰিমোট বৈমানিকৰ দ্বাৰা পৰিচালিত বিমান প্ৰযুক্তি (remote piloted aircraft system, RPAS) ওৰফে ড্ৰ'ণ প্ৰযুক্তিৰ সহায়ত সংস্থাটোৰ কৰ্মচাৰীৰ সুৰক্ষা তথা তেল চুৰি ৰোধ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিবলৈ, ইয়াৰ বাবে অনুমতি বিচাৰি আবেদন জনাইছিল আৰু সংস্থাটোৰ এই আবেদনত মঞ্জুৰি প্ৰদান কৰিছে ৷

ইণ্ডিয়ান অইল কৰ্পৰেশ্বনে আকাশী নিৰীক্ষণ ব্যৱস্থাৰে পাৰাদীপ-হায়দৰাবাদ, পাৰাদীপ-হাদিয়া আৰু ইন্নোৰ-থুথোক্কুডি পাইপলাইনৰ ওপৰতো নজৰ ৰাখিব বুলি প্ৰকাশ কৰিছে ৷ ইয়াৰ বাবে সংস্থাটোক কেন্দ্ৰীয় গৃহমন্ত্ৰালয়, প্ৰতিৰক্ষা মন্ত্ৰালয়, ভাৰতীয় বায়ুসেনা, সংশ্লিষ্ট ৰাজ্য চৰকাৰ আৰু স্থানীয় প্ৰশাসনৰ পৰা অনুমতি ল'বৰ বাবে কেন্দ্ৰীয় অসামৰিক বিমান পৰিৱহন মন্ত্ৰালয়ে নিৰ্দেশ প্ৰদান কৰিছে ৷

এই নিৰীক্ষণ কাৰ্যৰ বাবে ইণ্ডিয়ান অইল কৰ্পৰেশ্বনে ইতিমধ্যে প্ৰদান কৰা হোৱা পূঁজিৰ ব্যৱহাৰ কৰিব আৰু পাইপলাইন প্ৰকল্পৰ সৈতে একেলগে সংস্থাটোক ইয়াৰ বাবে পূঁজিৰ যোগান ধৰা হৈছে বুলি জানিবলৈ দিয়ে ৷ ইয়াৰ বাবে ইণ্ডিয়ান অইল কৰ্পৰেশ্বনে কোনো অতিৰিক্ত পূঁজিৰ ব্যৱহাৰ নকৰে ৷ অসামৰিক বিমান পৰিৱহনৰ মহানিৰ্দেশকে এই নিৰীক্ষণৰ বাবে দিনৰ ভাগত অনুমতি প্ৰদান কৰিছে আৰু তাৰ বাবে সংস্থাটোৰ অত্যধিক ধন খৰচ নহয় বুলি ইণ্ডিয়ান অইল কৰ্পৰেশ্বনে প্ৰকাশ কৰিছে ৷

মথুৰাৰ পৰা জলন্ধৰৰ মাজৰ দিল্লী-পানিপট পাইপলাইন প্ৰকল্পত ইয়াক ব্যৱহাৰ কৰাৰ পিচতেই অন্যান্য পাইপলাইন প্ৰকল্পত এইদৰে ড্ৰ'ণৰ সহায়ত নিৰীক্ষণ কাৰ্যসূচী চলাই নিব বুলি জানিবলৈ দিয়ে ইণ্ডিয়ান অইল কৰ্পৰেশ্বনে ৷

লগতে পঢ়কঃ স্থানীয় লোকৰ প্ৰতিবাদত স্থগিত অইলৰ ৪ টাকৈ তৈলকূপৰ কাম

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.