ETV Bharat / bharat

উচ্চতম ন্যায়ালয়ে নাকচ কৰিলে চিদাম্বৰমৰ আবেদন - চিদাম্বৰমক পাঁচদিনৰ চিবিআইৰ জিম্মাত

আই এন এক্স মিডিয়া কেলেংকাৰী গোচৰত নাম সাঙোৰ খাই পৰা প্ৰাক্তন বিত্তমন্ত্ৰী পি.চিদাম্বৰমৰ জামিন আবেদন নাকচ কৰে উচ্চতম ন্যায়ালয়ে ৷ আনহাতে চিবিআইৰ জিম্মাত থকা বিষয়ত উচ্চতম ন্যায়ালয়ত দাখিল কৰা আন এক আবেদনৰ শুনানি গ্ৰহণ নকৰিলে উচ্চতম ন্যায়ালয়ে ৷

উচ্চতম ন্যায়ালয়ে নাকচ কৰিলে চিদাম্বৰমৰ আবেদন
author img

By

Published : Aug 26, 2019, 5:53 PM IST

নিউজ ডেস্ক, 26 আগষ্টঃ দেশৰ প্ৰাক্তন বিত্তমন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছী নেতা পি. চিদাম্বৰমৰ জামিন আবেদন নাকচ কৰিছে উচ্চতম ন্যায়ালয়ে ৷ আই এন এক্স মিডিয়া গোচৰত নাম সাঙোৰ খাই পৰা প্ৰাক্তন বিত্তমন্ত্ৰীগৰাকীয়ে সৰ্বোচ্চ আদালতত দাখিল কৰা অগ্ৰিম জামিন আবেদনখন সোমবাৰে নাকচ কৰে দুজনীয়া খণ্ড বিচাৰপীঠে ৷ চিবিআইয়ে দাখিল কৰা কেলেংকাৰী গোচৰত গ্ৰেপ্তাৰ হোৱা পি. চিদাম্বৰমৰ জামিন আবেদনখন খাৰিজ কৰে ৷ ইতিমধ্যেই চিবিআইয়ে গ্ৰেপ্তাৰ কৰাৰ নেতাগৰাকীৰ জামিন আবেদনৰ কোনো বৈধতা নাই বুলিয়ে ন্যায়াধীশ আৰ ভানুমতী আৰু ন্যায়াধীশ এএছ বোপান্নাই খাৰিজ কৰে উক্ত আবেদন ৷

আনহাতে চিবিআই আদালতে প্ৰদান কৰা ৰায়দানৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ নকৰিলে সৰ্বোচ্চ ন্যায়ালয়ে ৷ আইএনএক্স মিডিয়া কেলেংকাৰীৰ ৰায়দানত চিদাম্বৰমক পাঁচদিনৰ চিবিআইৰ জিম্মাত ৰখাৰ নিৰ্দেশ দিছিল চিবিআইৰ বিশেষ আদালতে ৷

ইফালে ইডিৰ গোচৰৰ বিৰুদ্ধে নেতাগৰাকীয়ে দাখিল কৰা অগ্ৰিম জামিন আবেদনৰ শুনানি স্থগিত ৰাখে উচ্চতম ন্যায়ালয়ে ৷ সৰ্বমুঠ তিনিখনকৈ আবেদনৰ শুনানিৰ বাবে সৰ্বোচ্চ আদালতত আলোচনা হৈছিল যদিও ইয়াৰে প্ৰথমখন আবেদন নেতাগৰাকীয়ে গ্ৰেপ্তাৰ হোৱাৰ বাবে নাকচ কৰাৰ লগতে দ্বিতীয়খন আবেদন আদালতত উত্থাপনে কৰা নহ'ল আৰু তৃতীয়খন আবেদনৰ শুনানি স্থগিত ৰাখে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে ৷

উল্লেখ্য যে, দুৰ্নীতি নিবাৰক আইন আৰু ভাৰতীয় দণ্ডবিধিৰ অধীনত প্ৰাক্তন বিত্তমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে চিবিআইয়ে গোচৰ ৰুজু কৰিছিল ৷ আনহাতে অবৈধ লেনদেন নিবাৰক আইনৰ অধীনত চিদাম্বৰমৰ বিৰুদ্ধে গোচৰ তৰিছিল ইডিয়ে ৷ চিদাম্বৰমৰ হৈ অধিবক্তা কপিল চিবাল আৰু অভিষেক মানু সাংভীয়ে যুক্তি আগবঢ়ায় ৷ দুয়োগৰাকী অধিবক্তাই কয় যে,আদালতত জামিন আবেদন দাখিল কৰাৰ পিচটো তাৰ শুনানি গ্ৰহণ কৰা হোৱা নাছিল আৰু নেতাগৰাকীক অবৈধৰূপে গ্ৰেপ্তাৰ কৰা হৈছিল ৷

উল্লেখ্য যে,আইএনএক্স মিডিয়াক 305 কোটিৰ বৈদেশিক পূঁজি প্ৰদান কৰাৰ বাবে FIPBয়ে বেআইনীভাৱে অনুমতি প্ৰদান কৰিছিল ৷ 2007 চনত এই ঘটনা সংঘটিত হোৱাৰ সময়ত দেশৰ বিত্তমন্ত্ৰী আছিল পি চিদাম্বৰম ৷ ইয়াৰ বিৰুদ্ধে 2017 চনৰ 15 মে'ত গোচৰ ৰুজু কৰিছিল চিবিআইয়ে ৷ আনহাতে অবৈধ ধনৰ লেনদেনত সহায় কৰাৰ বাবে 2018 চনত পি চিদাম্বৰমৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল ইডিয়ে ৷ উক্ত গোচৰতে চলিত মাহৰ 21 তাৰিখত নতুন দিল্লীৰ পৰা চিবিআইয়ে গ্ৰেপ্তাৰ কৰিছিল দেশৰ প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদাম্বৰমক ৷

Intro:Body:

ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধানৰ সৈতে প্ৰধানমন্ত্ৰী মোডীৰ বৈঠক সম্পন্ন 

জি7 সন্মিলনত উপস্থিত থকা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেওবাৰে ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধান এন্টনিঅ' গুটৰেজৰ সৈতে আলোচনাত মিলিত হয় ৷ দক্ষিণ পশ্চিম ফ্ৰান্সৰ বাইৰিটজ চহৰত বিশেষ আলোচনাত মিলিত হয় দুয়োগৰাকী নেতা ৷ 

নিউজ ডেস্ক, 26 আগষ্টঃ ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধান এন্টনিঅ' গুটৰেজৰ সৈতে আলোচনাত মিলিত হয় ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ জি7 সন্মিলনৰ বাবে ফ্ৰান্সত উপস্থিত থকা ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে বহুকেইটা বিষয়ত ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধানগৰাকীৰ সৈতে আলোচনা সম্পন্ন কৰে ৷ ফ্ৰান্সৰ বাইৰিটজ চহৰত অনুষ্ঠিত হৈ যোৱা দুয়োগৰাকী নেতাৰ আলোচনাক "ফলপ্ৰসু আলোচনা" মন্তব্যৰে টুইট কৰে প্ৰধানমন্ত্ৰী মোডীয়ে ৷ 

দুয়োগৰাকী শীৰ্ষ নেতাই অন্যান্য বিষয়ৰ লগতে জলবায়ু কাৰ্যকৰী সন্মিলনত অংশগ্ৰহণ কৰে ৷ সন্মিলনত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰসংঘৰ সৈতে ভাৰতৰ সহযোগিতাৰ বিষয়ে উল্লেখ কৰে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ 

উল্লেখ্য যে, বিগত কিছুদিন পূৰ্বে পাকিস্তানৰ বৈদেশিক মন্ত্ৰী শ্বাহ মহম্মদ কুৰেশ্বিয়ে ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধানক জম্ম-কাশ্মীৰৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত অৱগত কৰাইছিল ৷ সমগ্ৰ বিষয়টোক নসাৎ কৰি দুখন দেশৰ মাজৰ অন্তৱৰ্তী সমস্যাত ৰাষ্ট্ৰসংঘ একো কৰিব নোৱাৰে বুলি জনাইছিল পাকিস্তানৰ বিদেশমন্ত্ৰীক ৷ 

উল্লেখ্য যে, জি7 সন্মিলনৰ ভাৰত সদস্য ৰাষ্ট্ৰ নহয় যদিও ইয়াৰ সদস্য ৰাষ্ট্ৰসকলৰ আমন্ত্ৰণমৰ্মে ফ্ৰান্সত হৈ সন্মিলনত অংশগ্ৰহণ কৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ মোডীৰ এই ভ্ৰমণকালত সংগ দিয়ে দেশৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰভীছ কুমাৰকে ধৰি ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত দোভালে ৷

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.