ETV Bharat / bharat

INX Media গোচৰত পুনৰ গ্ৰেপ্তাৰ পি. চিদাম্বৰম - INX Media গোচৰত গ্ৰেপ্তাৰ চিদাম্বৰম নিউজ

যোৱাকালি তিহাৰ জেলত EDৰ তিনিজনীয়া দলে সোধাপোচা কৰিছিল চিদাম্বৰমক ৷ দিল্লী উচ্চ ন্যায়ালয়ে অনুমোদন জনোৱাৰ পিচতে সোধাপোচা কৰা হৈছিল পি. চিদাম্বৰমক ৷ সোধাপোচাৰ অন্তত আজি প্ৰৱৰ্তক নিৰ্দেশালয় (ED)এ পুনৰ গ্ৰেপ্তাৰ কৰে দেশৰ প্ৰাক্তন বিত্তমন্ত্ৰী তথা গৃহমন্ত্ৰীগৰাকীক ৷

পি. চিদাম্বৰম
author img

By

Published : Oct 16, 2019, 12:32 PM IST

নিউজ ডেস্ক, 16 অক্টোবৰঃ INX Media গোচৰত সাঙোৰ খাই CBIৰ হাতত গ্ৰেপ্তাৰ হৈছিল দেশৰ প্ৰাক্তন বিত্তমন্ত্ৰী তথা গৃহমন্ত্ৰী পি. চিদাম্বৰম ৷ CBIৰ ন্যায়িক জিম্মাত তিহাৰ জেলত ৰখা হৈছিল চিদাম্বৰমক ৷

লগতে পঢ়কঃ CBIয়ে গ্ৰেপ্তাৰ কৰিলে পি.চিদাম্বৰমক

শেহতীয়াকৈ প্ৰৱৰ্তক নিৰ্দেশালয়ে(Enforcement Directorate) দিল্লী উচ্চ ন্যায়ালয়ত উক্ত গোচৰ সন্দৰ্ভত সোধাপোচা কৰিবলৈ আবেদন দাখিল কৰিছিল ৷ দিল্লী উচ্চ ন্যায়ালয়ে অনুমোদন জনোৱাৰ পিচতেই EDৰ তিনিজনীয়া দলে যোৱাকালি তিহাৰ জেলত সোধাপোচা কৰিছিল পি. চিদাম্বৰমক ৷

সোধাপোচাৰ অন্তত আজি পুনৰ গ্ৰেপ্তাৰ হয় দেশৰ প্ৰাক্তন বিত্তমন্ত্ৰী তথা গৃহমন্ত্ৰীগৰাকী ৷ INX Media গোচৰত অবৈধ ধন লেন-দেনৰ বাবেই EDয়ে গ্ৰেপ্তাৰ কৰে জ্যেষ্ঠ কংগ্ৰেছী নেতাগৰাকীক ৷

লগতে পঢ়কঃ আকৌ EDৰ হাতত গ্ৰেপ্তাৰ হ'ব পাৰে চিদাম্বৰম

CBIৰ বিশেষ অধিবক্তা ন্যায়াধীশ অজয় কুমাৰ কুহাৰে চিদাম্বৰমক সোধাপোচা কৰিবলৈ অনুমতি প্ৰদান কৰিছিল ৷ EDৰ তিনিজনীয়া তদন্তকাৰী দলটোত আছিল মহেশ গুপ্তা, সন্দীপ থাপলিয়াল আৰু দৈনিক জৈন ৷ প্ৰায় 30 মিনিট সময়ধৰি তিহাৰ জেলত দলটোৱে সোধাপোচা কৰিছিল পি. চিদাম্বৰমক ৷ সোধাপোচাৰ সময়ত জেলত উপস্থিত আছিল চিদাম্বৰমৰ পত্নী নলিনী চিদাম্বৰম আৰু পুত্ৰ কীৰ্তি চিদাম্বৰম ৷

Intro:Body:

INX Media গোচৰত পুনৰ গ্ৰেপ্তাৰ পি. চিদাম্বৰম 

যোৱাকালি তিহাৰ জেলত EDৰ তিনিজনীয়া দলে সোধাপোচা কৰিছিল চিদাম্বৰমক ৷ দিল্লী উচ্চ ন্যায়ালয়ে অনুমোদন জনোৱাৰ পিচতে সোধাপোচা কৰা হৈছিল পি. চিদাম্বৰমক ৷ সোধাপোচাৰ অন্তত আজি প্ৰৱৰ্তক নিৰ্দেশালয় (ED)এ পুনৰ গ্ৰেপ্তাৰ কৰে দেশৰ প্ৰাক্তন বিত্তমন্ত্ৰী তথা গৃহমন্ত্ৰীগৰাকীক ৷ 

নিউজ ডেস্ক, 16 অক্টোবৰঃ INX Media গোচৰত সাঙোৰ খাই CBIৰ হাতত গ্ৰেপ্তাৰ হৈছিল দেশৰ প্ৰাক্তন বিত্তমন্ত্ৰী তথা গৃহমন্ত্ৰী পি. চিদাম্বৰম ৷ CBIৰ ন্যায়িক জিম্মাত তিহাৰ জেলত ৰখা হৈছিল চিদাম্বৰমক ৷ 

শেহতীয়াকৈ প্ৰৱৰ্তক নিৰ্দেশালয়ে দিল্লী উচ্চ ন্যায়ালয়ত উক্ত গোচৰ সন্দৰ্ভত সোধাপোচা কৰিবলৈ আবেদন দাখিল কৰিছিল ৷ দিল্লী উচ্চ ন্যায়ালয়ে অনুমোদন জনোৱাৰ পিচতেই EDৰ তিনিজনীয়া দলে যোৱাকালি তিহাৰ জেলত সোধাপোচা কৰিছিল পি. চিদাম্বৰমক ৷ 

সোধাপোচাৰ অন্তত আজি পুনৰ গ্ৰেপ্তাৰ হয় দেশৰ প্ৰাক্তন বিত্তমন্ত্ৰী তথা গৃহমন্ত্ৰীগৰাকী ৷ INX Media গোচৰত অবৈধ ধন লেন-দেনৰ বাবেই EDয়ে গ্ৰেপ্তাৰ কৰে জ্যেষ্ঠ কংগ্ৰেছী নেতাগৰাকীক ৷ 

CBIৰ বিশেষ অধিবক্তা ন্যায়াধীশ অজয় কুমাৰ কুহাৰে চিদাম্বৰমক সোধাপোচা কৰিবলৈ অনুমতি প্ৰদান কৰিছিল ৷ EDৰ তিনিজনীয়া তদন্তকাৰী দলটোত আছিল মহেশ গুপ্তা, সন্দীপ থাপলিয়াল আৰু দৈনিক জৈন ৷ প্ৰায় 30মিনিট সময়ধৰি তিহাৰ জেলত দলটোৱে সোধাপোচা কৰিছিল পি. চিদাম্বৰমক ৷ সোধাপোচাৰ সময়ত জেলত উপস্থিত আছিল চিদাম্বৰমৰ পত্নী নলিনী চিদাম্বৰম আৰু পুত্ৰ কীৰ্তি চিদাম্বৰম ৷ 

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.