ETV Bharat / bharat

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসঃ মধ্যপ্ৰদেশৰ 'ৰবৰ গাৰ্ল'ৰ যোগযাত্ৰাৰ কথাৰে - আঞ্চলিক যোগ প্ৰতিযোগিতা

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ এই ক্ষণত ই টিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত 'ৰবৰ গাৰ্ল' মোলী সিঙে নিজৰ যোগাসন সম্পৰ্কে কিছু কথা জানিবলৈ দিয়ে । তেওঁ কয় যে, তেওঁক তেওঁৰ মাকে পোনপ্ৰথমে যোগৰ সৈতে পৰিচয় কৰাই দিছিল আৰু তেতিয়াৰে পৰা ৩-৪ বছৰ ধৰি মোলীয়ে যোগৰ অনুশীলন কৰি আছে ।

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস : মধ্যপ্ৰদেশৰ 'ৰবৰ গাৰ্ল'ৰ যোগযাত্ৰাৰ কথাৰে

author img

By

Published : Jun 21, 2020, 12:33 PM IST

নেশ্যনেল ডেস্ক, ২১ জুনঃ মধ্যপ্ৰদেশৰ মাণ্ডলাৰ ১২ বছৰীয়া এগৰাকী কিশোৰীয়ে প্ৰশংসনীয় যোগাসন প্ৰদৰ্শনৰ জৰিয়তে ৰবৰ গাৰ্ল উপাধি লাভ কৰিবলৈ সক্ষম হৈছে । মধ্যপ্ৰদেশৰ মাণ্ডলাৰ নিৱাসী মোলী সিং নামৰ এই ১২ বছৰীয়া কিশোৰীগৰাকীয়ে বিগত ৪ বছৰ ধৰি যোগচৰ্চা কৰি আছে আৰু বিভিন্ন যোগ প্ৰতিযোগিতাত পুৰস্কাৰ লাভ কৰিবলৈও সক্ষম হৈছে ।

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস : মধ্যপ্ৰদেশৰ 'ৰবৰ গাৰ্ল'ৰ যোগযাত্ৰাৰ কথাৰে
আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস : মধ্যপ্ৰদেশৰ 'ৰবৰ গাৰ্ল'ৰ যোগযাত্ৰাৰ কথাৰে

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ এই ক্ষণত ই টিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ‘ৰবৰ গাৰ্ল’ মোলী সিঙে নিজৰ যোগাযাত্ৰাৰ কথা জানিবলৈ দিয়ে । তেওঁ কয় যে, তেওঁক তেওঁৰ মাকে পোনপ্ৰথমে যোগৰ সৈতে পৰিচয় কৰাই দিছিল আৰু তেতিয়াৰে পৰা ৩-৪ বছৰ ধৰি মোলীয়ে যোগৰ অনুশীলন কৰি আছে ।

কেন্দ্ৰীয় বিদ্যালয় মাণ্ডলাত ষষ্ঠ শ্ৰেণীত পঢ়ি থকা মোলীয়ে প্ৰকৃতিৰ সৈতে মুক্তমনে যোগাসন কৰি ভালপায় । আৰম্ভণিতে যোগাসনসমূহ কৰিবলৈ বহুত কষ্ট হৈছিল যদিও লাহে লাহে নিয়মীয়া অনুশীলনৰ দ্বাৰা নিজকে যোগৰ দিশত আগবঢ়াই নিবলৈ সক্ষম হয় কিশোৰীগৰাকীয়ে ।

মোলীয়ে সদৰি কৰা অনুসৰি, যোগে তেওঁৰ দেহত নমনীয়াতা বৃদ্ধি কৰিছে, ফলস্বৰূপে খেলা-ধূলা আৰু নৃত্যতো আগবাঢ়ি যাবলৈ সক্ষম হৈছে । কিছুদিন পূৰ্বে জাৱলপুৰত হোৱা আঞ্চলিক যোগ প্ৰতিযোগিতাত মোলীয়ে প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে ।

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস

আটাইতকৈ প্ৰিয় যোগাসন সম্পৰ্কে প্ৰশ্ন কৰাত মোলীয়ে কয় যে, যোগাসনসমূহৰ ভিতৰত চক্ৰাসন, একা পদা ৰাজকাপোটাসন, ধনুৰাসন আৰু কেইবাটাও গুৰুত্বপূৰ্ণ যোগাসন কৰি ভালপায় মোলীয়ে । বিশ্বজুৰি আতংকৰ সৃষ্টি কৰা কৰ'ণা মহামাৰীৰ সময়ত মানসিক স্থিতি সৱল ৰাখিবলৈ যোগাসন কৰাতো অতি জৰুৰী বুলি সদৰি কৰে মোলীয়ে।

লগতে পঢ়ক : কোভিডৰ সময়ত যোগৰ মাধ্যমেৰে সুস্থ্য কৰি ৰাখক নিজকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.